প্ৰযুক্তিৰ সমানে আগবাঢ়িব আপুনিও, কেন্দ্ৰই আনিছে বিনামূলীয়া AI পাঠ্যক্ৰম; কিদৰে পাব এই সুযোগ?

কেন্দ্ৰৰ এই পদক্ষেপক আকস্মিক বুলি ক’ব নোৱাৰি। কাৰণ, কেন্দ্ৰই কেইবামাহো ধৰি এই সন্দৰ্ভত কেইবাটাও সংস্থাৰ সৈতে আলোচনাত মিলিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে Chat GPT। জানিব পৰা মতে, এই পাঠ্যক্ৰমৰ জৰিয়তে দেশৰ কমেও ১ কোটি যুৱক-যুৱতীক কৃত্ৰিম বুদ্ধিমত্তাৰ শিক্ষাত শিক্ষিত কৰাৰ লক্ষ্য লোৱা হৈছে।

প্ৰযুক্তিৰ সমানে আগবাঢ়িব আপুনিও, কেন্দ্ৰই আনিছে বিনামূলীয়া AI পাঠ্যক্ৰম; কিদৰে পাব এই সুযোগ?

কেন্দ্ৰই আনিছে বিনামূলীয়া AI পাঠ্যক্ৰম

Updated On: 

20 Nov 2025 23:20 PM

সময়ৰ সৈতে খোজ মলাই চলিবলৈ প্ৰতিজন ব্যক্তিয়েই প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ সম্পৰ্কে জ্ঞান আয়ত্ব কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। এতিয়া কৃত্ৰিম বুদ্ধিমত্বা, অৰ্থাৎ AI এক চমকপ্ৰদ প্ৰযুক্তি হিচাপে পৰিগণিত হৈছে। দেশৰ যুৱচামক এই অভিনৱ প্ৰযুক্তিৰ সৈতে সঠিকভাৱে পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে ‘YUVA AI for ALL’ নামৰ এক কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম মুকলি কৰিছে।

যোৱা ১৮ নৱেম্বৰত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো অৱ ইণ্ডিয়াই এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি এই খবৰ সদৰী কৰে। ভাৰত চৰকাৰে এই পাঠ্যক্ৰমটো একেবাৰে বিনামূলীয়াকৈ কৰাৰ সুযোগ প্ৰদান কৰিছে। গতিকে কোনো খৰচ নোহোৱাকৈয়ে দেশৰ যুৱক-যুৱতীসকলে এই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব।

এনে পদক্ষেপ কিয়?

কেন্দ্ৰৰ এই পদক্ষেপক আকস্মিক বুলি ক’ব নোৱাৰি। কাৰণ, কেন্দ্ৰই কেইবামাহো ধৰি এই সন্দৰ্ভত কেইবাটাও সংস্থাৰ সৈতে আলোচনাত মিলিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে Chat GPT। জানিব পৰা মতে, এই পাঠ্যক্ৰমৰ জৰিয়তে দেশৰ কমেও ১ কোটি যুৱক-যুৱতীক কৃত্ৰিম বুদ্ধিমত্তাৰ শিক্ষাত শিক্ষিত কৰাৰ লক্ষ্য লোৱা হৈছে।

মাত্ৰ ৪.৫ ঘণ্টাৰ এই কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰমে দেশৰ যুৱক-যুৱতী আৰু সাধাৰণ নাগৰিকৰ বাবে কৃত্ৰিম বুদ্ধিমত্বা, অৰ্থাৎ AI সহজ কৰি তুলিব। এই পাঠ্যক্ৰম ইণ্ডিয়া AI মিছনৰ অংশ। এই পাঠ্যক্ৰমৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক-যুৱতীসকলক কৃত্ৰিম বুদ্ধিমত্তাৰে শিক্ষিত কৰিবলৈ চেষ্টা কৰিছে।

সুপৰিচিত কৃত্ৰিম বুদ্ধিমত্তা বিশেষজ্ঞ যশপ্ৰীত বিন্দ্ৰাই এই AI অভিযানৰ ডিজাইন কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা AIৰ জ্ঞানক ভাৰতীয় বাস্তৱতাৰ সৈতে সংযুক্ত কৰি এই পাঠ্যক্ৰমৰ সৃষ্টি কৰা হৈছে। এই পাঠ্যক্ৰমৰ জৰিয়তে ভাৰতে চহৰৰ পৰা গাঁৱলৈ অৰ্থাৎ ভাৰতলৈ ডিজিটেল ব্যৱধান দূৰ কৰি ভৱিষ্যতৰ বাবে সাজু হৈছে।

এই সুবিধা আপুনি কেনেকৈ লাভ কৰিব?

আপোনাৰ সুবিধাৰ বাবে পাঠ্যক্ৰমটো FutureSkills Prime বা iGOT Karmayogiকে ধৰি একাধিক অনলাইন প্লেটফৰ্মত বিনামূলীয়াকৈ উপলব্ধ। যিহেতু অনলাইন পাঠ্যক্ৰমটোও প্ৰি-ৰেকৰ্ডিং কৰা হয়, গতিকে এই পাঠ্যক্ৰমটো আপুনি নিজৰ সুবিধা অনুযায়ী কৰিব পাৰে। আপুনি নিজৰ সময় অনুসাৰে, নিজ স্থানৰ পৰা ৬টা মডিউলৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ কাৰ্যক্ষমতা শিকিব পাৰে।

ইয়াত কি শিকোৱা হ’ব?

কৃত্ৰিম বুদ্ধিমত্তা কি, ই কেনেকৈ শিক্ষা আৰু সৃষ্টিশীলতাক সলনি কৰি আছে, আৰু AIক কেনেকৈ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিব পাৰি- এই সকলোবোৰ দিশ এই পাঠ্যক্ৰমত শিকোৱা হ’ব। এই পাঠ্যক্ৰমটো সফলভাৱে সমাপ্ত কৰিলে ভাৰত চৰকাৰৰ পৰা চৰকাৰী প্ৰমাণ পত্ৰও লাভ কৰিব। এই প্ৰমাণ পত্ৰখন আপোনাৰ কেৰিয়াৰৰ বাবে এক গুৰুত্বপূৰ্ণ আধাৰ প্ৰমাণিত হ’ব পাৰে।

এনে সমস্যা হ’ব পাৰে পেটৰ কৰ্কট ৰোগৰ লক্ষণ! বিপদৰ পূৰ্বেই হওক সাৱধান
ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ বিষয়ে জানক, যিয়ে দিব অধিক ৰিটাৰ্ণ !
বৃক্কৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? জানক এই উপায়
ছালত দেখা দিছে নেকি এনে সমস্যাই? সাৱধান! নকৰিব আওকাণ, হ’ব পাৰে হৃদৰোগৰ ইঙ্গিত