মাত্ৰ ৯৯৭ টকাত ১৬০ দিনৰ বৈধতা! গ্ৰাহকক বিশেষ সকাহ BSNLৰ

টেলিকম কোম্পানীসমূহে প্ৰতিটো ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধিৰে গ্ৰাহকক জ্বলা-কলা খুওৱাৰ সময়তো ব্যতিক্ৰম হিচাপে BSNL- এ কম দামতে ইয়াৰ গ্ৰাহকসকলক সেৱা আগবঢ়াই আহিছে। কোম্পানীটোৰ ৯৯৭ টকাৰ ৰিচাৰ্জ প্লেনৰ জৰিয়তে গ্ৰাহকসকলে ১৬০ দিনৰ দীৰ্ঘ দিনৰ বৈধতাৰ সুবিধা লাভ কৰিব। তদুপৰি এই প্লেনত আন কিছুমান অনন্য সুবিধাও উপলব্ধ।

মাত্ৰ ৯৯৭ টকাত ১৬০ দিনৰ বৈধতা! গ্ৰাহকক বিশেষ সকাহ BSNLৰ

BSNL ৰ নতুন অফাৰ

Published: 

30 Aug 2024 23:53 PM

সম্প্ৰতি দেশৰ প্ৰায় প্ৰতিটো টেলিকম কোম্পানীয়েই বৃদ্ধি কৰিছে টেলিকম সেৱাৰ দাম। প্ৰতিটো ৰিচাৰ্জ প্লেনৰে দাম বৃদ্ধি কৰি টেলিকম কোম্পানীসমূহে গ্ৰাহকসকলক ক্ষুব্ধ কৰি তুলিছে। ৰিলায়েন্স জিঅ’ৰ পৰা আৰম্ভ কৰি এয়াৰটেল আৰু ভোডাফোন আইডিয়া (Vi)লৈকে প্ৰতিটো কোম্পানীয়েই দাম বৃদ্ধি কৰিছে ৰিচাৰ্জ প্লেন। তাৰ মাজত ব্যতিক্ৰম অৱশ্যে BSNL। আন কোম্পানীসমূহে দাম বৃদ্ধিৰে গ্ৰাহকক জ্বলা-কলা খুওৱাৰ সময়তো BSNL- এ কম দামতে সেৱা আগবঢ়াই আহিছে ইয়াৰ গ্ৰাহকসকলক।

সাধাৰণতেই BSNL ৰ গ্ৰাহকসকলে প্ৰতিটো প্লেন কম দামতে লাভ কৰি আহিছে যদিও কোম্পানীটোৰ ৯৯৭ টকাৰ ৰিচাৰ্জ প্লেন গ্ৰাহকসকলে অধিক কিছু সুবিধা লাভ কৰিব। ৯৯৭ টকাৰ এই BSNL ৰিচাৰ্জ প্লেনৰ জৰিয়তে প্ৰিপেইড ব্যৱহাৰকাৰীসকলে ১৬০ দিনৰ দীৰ্ঘ দিনৰ বৈধতাৰ সুবিধা লাভ কৰিব। তদুপৰি এই প্লেনত আন কিছুমান অনন্য সুবিধাও উপলব্ধ।

এই ৰিচাৰ্জ প্লেনত গ্ৰাহকসকলেক প্ৰতিদিনে ২ জিবি হাই স্পীড ডাটা লাভ কৰিব। লগতে এই প্লেনত আনলিমিটেড ফ্ৰী কলিং আৰু প্ৰতিদিনে ১০০ এছএমএছৰ সুবিধাও আছে। ডাটা, কলিং আৰু এছএমএছৰ উপৰিও জিং মিউজিক, বিএছএনএল টিউনছ, ৱাউ এণ্টাৰটেইনমেণ্ট আৰু গেমিঙৰ সুবিধা এই বিএছএনএল প্লেনৰ সৈতে উপলব্ধ।

১৬০ দিনৰ বৈধতা অনুসৰি ৯৯৭ টকীয়া এই প্লেনৰ দ্বাৰা ৩২০ জিবি হাই স্পীড ডাটাৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে। এই প্লেনটো BSNLৰ ছেল্ফ কেয়াৰ এপ বা কোম্পানীটোৰ ৱেবছাইটৰ জৰিয়তে ৰিচাৰ্জ কৰিব পাৰে। ইয়াৰ উপৰিও এই প্লেনটো থাৰ্ড পাৰ্টি এপৰ জৰিয়তেও ৰিচাৰ্জ কৰিব পাৰিব।

উল্লেখ্য যে BSNLৰ এই ৰিজাৰ্জ প্লেনৰ দৰে এয়াৰটেলেও ৯৭৯ টকীয়া এক প্লেন আগবঢ়ায় যদিও এই প্লেনৰ বৈধতা কেৱল মাত্ৰ ৮৪ দিনৰ। এই প্লেনত প্ৰতিদিনে ২ জিবি ডাটা, ফ্ৰী কলিং আৰু দৈনিক ১০০ এছএমএছ দিয়া হয়। এই প্লেনৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক ২২টাতকৈও অধিক অ’টিটি এপৰ বিনামূলীয়া সুবিধাও দিয়া হৈছে।

আনহাতে ভোডাফোন আইডিয়া কোম্পানীয়েও বিএছএনএলৰ দৰে ৯৯৭ টকাৰ প্লেন আগবঢ়াইছে। কিন্তু এই প্লেনে বিএছএনএলৰ দৰে ১৬০ দিনৰ নহয়, মাত্ৰ ৮৪ দিনৰ বৈধতা প্ৰদান কৰে। এই প্লেনৰ দ্বাৰাও গ্ৰাহকসকলে প্ৰতিদিনে ২ জিবি ডাটা, আনলিমিটেড কলিং আৰু প্ৰতিদিনে ১০০ এছএমএছৰ দৰে কিছু অতিৰিক্ত সুবিধা লাভ কৰে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension