১ মাহৰ বাবে বিনামূলীয়া ইন্টাৰনেট সেৱা! ক’ত, কেনেকৈ জানক…

বিগত সময়চোৱাত BSNL য়ে গ্ৰাহকৰ বাবে বহু আকৰ্ষণীয় অফাৰ লৈ আহিছে। গ্ৰাহকক আকৰ্ষিত কৰাৰ বাবে পুনৰ BSNLয়ে এক অফাৰ লৈ আনিছে। যাৰ দ্বাৰা বহু গ্ৰাহক উপকৃত হোৱাৰ সম্ভাৱনা আছে।

১ মাহৰ বাবে বিনামূলীয়া ইন্টাৰনেট সেৱা! কত, কেনেকৈ জানক...

ৰিচাৰ্জ প্লেন

Published: 

20 Aug 2025 22:07 PM

খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি কাপোৰ বা টেলিকম কোম্পানীলৈ, কোনে নিবিচাৰে অফাৰ। সদায় গ্ৰাহকে প্ৰায় সকলো ক্ষেত্ৰত অফাৰ বিচাৰে। এনে ক্ষেত্ৰত গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি টেলিকম কোম্পানীসমূহেও অফাৰ লৈ আহে। যাৰ ফলত টেলিকম কোম্পানীৰ লগতে গ্ৰাহকেও কম বেছি পৰিমাণে লাভন্বিত হয়।

আপুনিও যদি ইন্টাৰনেটৰ ক্ষেত্ৰত অফাৰ বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলৰ দৰে কোম্পানীৰ প্ৰতিযোগিতাৰ দৌৰত এইবাৰ আহিছে BSNL ।যোৱা কেইটামান দিনত বি এছ এন এলে গ্ৰাহকৰ বাবে বিভিন্ন অফাৰ লৈ আহিছে। আনকি ইন্টাৰনেট সেৱা পূৰ্বতকৈ উন্নত কৰিছে।

এইবাৰ চৰকাৰী টেলিকম কোম্পানীটোৱে লৈ আনিছে মনছুন ধমাকা অফাৰ। এই অফাৰৰ অধীনত সীমিত সময়ৰ বাবে ব্যৱহাৰকাৰীক বিনামূলীয়া ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰিছে কোম্পানীটোয়ে। এই মনছুন ধমাকা অফাৰৰ অধীনত ফাইবাৰ ব্ৰডবেণ্ড সংযোগ উপলব্ধ হ’ব। যদি আপুনিও এই অফাৰৰ সুবিধা লয় তেন্তে কোম্পানীয়ে ব্ৰডবেণ্ড সেৱা ইনষ্টল কৰাৰ দিনৰ পৰা এমাহলৈ ইন্টাৰনেট সেৱা বিনামূলীয়াকৈ প্ৰদান কৰিব।

কেতিয়ালৈ থাকিব অফাৰ

চৰকাৰী টেলিকম কোম্পানীটোৰ এক প্ৰতিবেদন অনুসৰি, BSNL ৰ এই অফাৰৰ সুবিধা ৩০ ছেপ্টেম্বৰলৈ থাকিব। অৰ্থাৎ আপুনি যদি বিনামূলীয়া ইন্টাৰনেট সেৱা বিচাৰে তেন্তে এই সময়ৰ ভিতৰত আপুনি ব্ৰডবেণ্ড সেৱা ল’ব পাৰে।৩০ ছেপ্টেম্বৰৰ পিছত এই অফাৰৰ সুবিধা উপলব্ধ নহ’ব।

ইয়াৰোপৰি কোম্পানীটোৰ আন কিছুমান ভাল ভাল অফাৰ আছে। যদি আপুনি ৪৪৯ টকাৰ প্লেন ক্ৰয় কৰে তেন্তে ৩ মাহৰ বাবে ৫০ টকা ৰেহাই পাব। ইয়াৰোপৰি এজন ব্যক্তিয়ে ৪৯৯ টকাৰ প্লেন ক্ৰয় কৰে তেন্তে আগন্তুক তিনিমাহৰ বাবে ১০০ টকা ৰেহাই লাভ কৰিব।

উল্লেখ্য যে, ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেল দুয়োখনেই ব্যৱহাৰকাৰীৰ বাবে এনে কোনো ৰিচাৰ্জ অফাৰ নাই। গতিকে বি এছ এন এলে এনে অফাৰৰ দ্বাৰা গ্ৰাহকক আকৰ্ষণৰ চেষ্টা চলাইছে।  বিনামূলীয়া ব্ৰডবেণ্ড অফাৰে ব্যৱহাৰকাৰীসকলক প্ৰথম মাহৰ বাবে বিনামূলীয়া সেৱা প্ৰদান কৰিব। ইয়াৰ সুবিধা লৈ আপুনি ইন্টাৰনেট ভাল নে বেয়া পৰীক্ষা কৰিব পাৰিব আৰু পৰৱৰ্তী সিদ্ধান্ত ল’ব পাৰিব।

 

 

অন্য খবৰ পঢ়কঃ মাংস খোৱাৰ পাছত ভুলতো নাখাব এইবোৰ বস্তু! হ’ব পাৰে ডাঙৰ বিপদ…

গণেশ চতুৰ্থীত কেনেকৈ সন্তুষ্ট কৰিব গণপতি বাপ্পাক?
পাকঘৰত ব্যৱহাৰ কৰা এইসমূহ বস্তু হ'ব পাৰে কৰ্কট ৰোগৰ কাৰণ, জানক...
আপোনাৰ হাতলৈ অহা নাই নেকি আশানুৰূপ ধন? তেন্তে আজিয়েই কৰক এই কাম!
৩০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ...