BSNL এ মুকলি কৰিলে Diwali Bonanza প্লেন, এমাহৰ বাবে বিনামূলীয়া ইন্টাৰনেট আৰু ১ টকাত চিম

দেশৰ সৰ্ববৃহৎ চৰকাৰী টেলিকম কোম্পানী বিএছএনএলে এই দীপাৱলীত নতুন গ্ৰাহকৰ বাবে এক শক্তিশালী প্লেন আৰম্ভ কৰিছে। এই পৰিকল্পনাৰ অধীনত গ্ৰাহকে মাত্ৰ এটকাত চিম কাৰ্ড ক্ৰয় কৰি এমাহৰ বাবে বিনামূলীয়া ইণ্টাৰনেটৰ সুবিধা লাভ কৰিব পাৰিব।

BSNL এ মুকলি কৰিলে Diwali Bonanza প্লেন, এমাহৰ বাবে বিনামূলীয়া ইন্টাৰনেট আৰু ১ টকাত চিম

BsBSNL এ মুকলি কৰিলে Diwali Bonanza প্লেনnl

Published: 

16 Oct 2025 | 08:42 AM

দেশৰ চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেডে(BSNL) দীপাৱলীৰ বাবে এক বিশেষ অফাৰ মুকলি কৰিছে। নতুন গ্ৰাহকে এতিয়া এমাহৰ বাবে মাত্ৰ ১ টকাত টোকেন মাচুলত 4G মোবাইল সেৱাৰ সুবিধা ল’ব পাৰিব। এই দীপাৱলী বোনান্সা অফাৰ ১৫ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰ ২০২৫লৈ বৈধ হ’ব। এই পৰিকল্পনাত আছে সীমাহীন ভইচ কল, প্ৰতিদিনে ২জিবি হাই-স্পীড ডাটা, প্ৰতিদিনে ১০০টা এছএমএছ মেছেজ, আৰু কেৱাইচিৰ প্ৰয়োজনীয়তা অনুসৰি বিনামূলীয়া চিম কাৰ্ড।

BSNL ৰ চিএমডি এ ৰবাৰ্ট জে ৰবিয়ে কয়, “বিএছএনএলে সমগ্ৰ দেশতে মেক-ইন-ইণ্ডিয়া প্ৰযুক্তিৰে নিৰ্মিত এটা নতুন ৪জি নেটৱৰ্ক মুকলি কৰিছে, যিয়ে স্বাৱলম্বী ভাৰতৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈছে। দীপাৱলী বোনাঞ্জা পৰিকল্পনাৰ অধীনত , আমি প্ৰথম ৩০ দিনৰ বাবে একেবাৰে বিনামূলীয়া সেৱা চাৰ্জ প্ৰদান কৰিছো যাতে গ্ৰাহকে আমাৰ থলুৱা 4G নেটৱৰ্ক অনুভৱ কৰিব পাৰে। আমি নিশ্চিত যে আমাৰ সেৱাৰ মানদণ্ড, কভাৰেজ, আৰু গ্ৰাহকৰ আস্থা এই বিনামূলীয়া সময়ৰ পিছতো বিএছএনএলে তেওঁলোকক আমাৰ লগত ৰাখিব।’

দীপাৱলী বোনাঞ্জা প্লেন কেনেকৈ লাভ কৰিব?

বৈধ কেৱাইচি নথিপত্ৰৰ সৈতে আপোনাৰ ওচৰৰ BSNL গ্ৰাহক সেৱা কেন্দ্ৰ (চিএছচি)লৈ যাওক। দীপাৱলী বোনাঞ্জা পৰিকল্পনাৰ বাবে অনুৰোধ কৰক (₹১ এক্টিৱেচন), কে ৱাই চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক, আৰু বিনামূলীয়া চিম লাভ কৰক। আপোনাৰ ফোনত চিমটো সুমুৱাই দি নিৰ্দেশনা অনুসৰি সক্ৰিয় কৰক। এবাৰ চিম সক্ৰিয় হ’লে আপোনাৰ ৩০ দিনৰ বিনামূলীয়া সুবিধা আৰম্ভ হ’ব।

5G ৰ বাবে আন্তঃগাঁথনি প্ৰস্তুত কৰা হৈছে

টাটা কনছালটেন্সি চাৰ্ভিচেছে (টিচিএছ) এতিয়া বিএছএনএলৰ সৈতে ৪জি প্ৰকল্পৰ পিছত 5G সেৱাৰ বাবে নিজৰ টেলিকম আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে সাজু হৈছে। শেহতীয়াকৈ টিচিএছৰ চিএফঅ’ সমীৰ ছেকছাৰিয়াই উল্লেখ কৰিছে যে বিশ্বৰ বহু টেলিকম কোম্পানীয়ে ভাৰতৰ টেলিকম ষ্টেকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ কয় যে আমি ৰূপায়ণ কৰা ব্যৱস্থাটোৱে গুণগত মানৰ ক্ষেত্ৰত উদ্যোগৰ মানদণ্ডক বহুখিনি অতিক্ৰম কৰিছে।’

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব