মাত্ৰ ১০০ টকাত আনলিমিটেড প্লেন! গ্ৰাহকলৈ BSNL- এ আনিছে ‘স্বপ্ন’ৰ প্লেন

যোৱা দুটা ত্ৰৈমাসিকত বিপুল মুনাফা লাভ কৰাৰ পাছতো চৰকাৰী টেলিকম কোম্পানী BSNLৰ গ্ৰাহকৰ সংখ্যা মে’ মাহত বিশেষ বৃদ্ধি হোৱা নাছিল। এই পৰিস্থিতিত গ্ৰাহকৰ মাজত নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তোলাৰ বাবে বিভিন্ন ধৰণৰ ৰিচাৰ্জ প্লেন প্ৰৱৰ্তন কৰিছে। এতিয়া ১০০ টকাতকৈ কম মূল্যতে কোম্পানীটোৱে আনলিমিটেড ৰিচাৰ্জ প্লেন আগবঢ়াইছে।

মাত্ৰ ১০০ টকাত আনলিমিটেড প্লেন! গ্ৰাহকলৈ BSNL- এ আনিছে ‘স্বপ্ন’ৰ প্লেন

গ্ৰাহকলৈ BSNLৰ উপহাৰ

Published: 

30 Jun 2025 | 01:42 PM

টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়াই শেহতীয়াকৈ দেশৰ টেলিকম প্ৰতিষ্ঠানসমূহৰ ব্যৱসায় সন্দৰ্ভত মে’ মাহৰ তথ্য প্ৰকাশ কৰিছে। প্ৰকাশিত এই তথ্যত দেখা গৈছে যে জিঅ’ আৰু এয়াৰটেলৰ গ্ৰাহক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইফালে যোৱা দুটা ত্ৰৈমাসিকত বিপুল মুনাফা লাভ কৰাৰ পাছতো চৰকাৰী টেলিকম কোম্পানী BSNLৰ গ্ৰাহকৰ সংখ্যা মে’ মাহত বিশেষ বৃদ্ধি হোৱা নাছিল। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কোম্পানীটোৱে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।

গ্ৰাহকৰ মাজত নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তোলাৰ বাবে বিভিন্ন ধৰণৰ ৰিচাৰ্জ প্লেন প্ৰৱৰ্তন কৰিছে। এফালে 4G সেৱাৰ উন্নতিৰ বাবে চেষ্টা চলোৱাৰ সমান্তৰালকৈ কোম্পানীটোৱে 5G সেৱা সঠিকভাৱে আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰিছে। অৱশ্যে কম খৰচী ৰিচাৰ্জ প্লেনৰ ক্ষেত্ৰত আন টেলিকম কোম্পানীসমূহতকৈ বহু আগবাঢ়ি আছে এই চৰকাৰী টেলিকম কোম্পানীটো।

যি সময়ত দেশৰ শীৰ্ষ ৩ টা টেলিকম কোম্পানীয়ে টেলিকম যুঁজত মুনাফা লাভেৰে আগবাঢ়ি থকাৰ লক্ষ্যৰে নিজৰ ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধি কৰিছে, সেই একে সময়তে BSNL- এ গ্ৰাহকৰ বাবে কম খৰচী ৰিচাৰ্জ প্লেন লৈ আহিছে। এই চৰকাৰী কোম্পানীটোৱে ইতিমধ্যে ১০০ টকাতকৈও কম মূল্যত আনলিমিটেড প্লেন প্ৰৱৰ্তন কৰিছে।

সম্প্ৰতি BSNL- এ মাত্ৰ ৯৯ টকাতে গ্ৰাহকৰ বাবে আনলিমিটেড আগবঢ়াইছে। এই প্লেনৰ জৰিয়তে গ্ৰাহকসকলে ১৭ দিনৰ বাবে আনলিমিটেড কল আৰু ৫০ এমবি ডাটাৰ সুবিধা লাভ কৰিব। ইয়াৰ পিছতে প্ৰতিষ্ঠানটোৱে ১৪৭ টকাতো আনলিমিটেড প্লেন আগবঢ়াইছে। এই ৰিচাৰ্জ প্লেনত ৩০ দিনৰ বাবে আনলিমিটেড কলিঙৰ সুবিধা আছে। তদুৰিও এই প্লেনত ১০ জিবি ডাটাও লাভ কৰিব গ্ৰাহসকলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...