BSNL Plan: ১০৭ টকাত ৩৫ দিনৰ ৰিচাৰ্জ, পাব ডাটা আৰু কলিঙৰ সুবিধা

Recharge Plans: এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে কিছু সকাহৰ প্ৰদান কৰিব পৰা খবৰ লৈ আহিছো। আপোনালোকৰ বাবে আমি এটা সস্তীয়া ৰিচাৰ্জ প্লেন বিচাৰি পাইছো যিয়ে মাত্ৰ ১০৭ টকা খৰচত এমাহতকৈ অধিক সময়ৰ বৈধতা প্ৰদান কৰে। গ্ৰাহকলৈ এই সস্তা ৰিচাৰ্জ প্লেন আগবঢ়াইছে BSNL কোম্পানীয়ে।

BSNL Plan: ১০৭ টকাত ৩৫ দিনৰ ৰিচাৰ্জ,  পাব ডাটা আৰু কলিঙৰ সুবিধা

ৰিচাৰ্জ

Published: 

22 Apr 2025 | 03:30 PM

কোটি কোটি টেলিকম ব্যৱহাৰকাৰীয়ে কম মূল্যত উৎকৃষ্ট সুবিধাৰে ৰিচাৰ্জ প্লেন লাভ কৰিব বিচাৰে। কিন্তু মুদ্ৰাস্ফীতিৰ এই যুগত ৰিচাৰ্জ প্লেনৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ মাজতে পুনৰবাৰ চৰ্চালৈ আহিছে ৰিচাৰ্জ প্লেন ব্যয়বহুল হোৱাৰ কথা। যাৰ বাবে এতিয়া চিন্তা পৰিছে কোটি কোটি ব্যৱহাৰকাৰী। অৰ্থাৎ অতি সোনকালে আকৌ এবাৰ কোটি কোটি ব্যৱহাৰকাৰীযৰ পকেটৰ ওপৰত বোজা বৃদ্ধি পাব পাৰে।

এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে কিছু সকাহৰ প্ৰদান কৰিব পৰা খবৰ লৈ আহিছো। আপোনালোকৰ বাবে আমি এটা সস্তীয়া ৰিচাৰ্জ প্লেন বিচাৰি পাইছো যিয়ে মাত্ৰ ১০৭ টকা খৰচত এমাহতকৈ অধিক সময়ৰ বৈধতা প্ৰদান কৰে। গ্ৰাহকলৈ এই সস্তা ৰিচাৰ্জ প্লেন আগবঢ়াইছে BSNL কোম্পানীয়ে। এই চৰকাৰী টেলিকম কোম্পানীয়ে প্ৰিপেইড ব্যৱহাৰকাৰীক ১০৭ টকা খৰচত কি কি প্ৰদান কৰিব? এই প্ৰতিবেদনত আপোনালোকক এই বিষয়ে তথ্য দিম, আৰু লগতে ক’ম ৰিলায়েন্স জিঅ’, এয়াৰটেল আৰু ভিৰ এই পৰিকল্পনাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কিবা পৰিকল্পনা আছে নে নাই?

BSNL ১০৭ প্লেনৰ বিৱৰণ

১০৭ টকাৰ এই ৰিচাৰ্জ প্লেনৰ জৰিয়তে কোম্পানীটোৰ পৰা ৩ জিবি হাই স্পীড ডাটাৰ সুবিধা লাভ কৰিব, লগতে যিকোনো নেটৱৰ্কত স্থানীয় আৰু এছটিডি কলিঙৰ বাবে ২০০ মিনিট সময়। ডাটা আৰু কলিঙৰ উপৰিও এই প্লেনে বিনামূলীয়া বিএছএনএল টিউনৰ সুবিধা প্ৰদান কৰে।

BSNL ১০৭ প্লেনৰ বৈধতা

বৈধতাৰ কথা ক’বলৈ গ’লে ১০৭ টকীয়া এই প্লেনত ৩৫ দিনৰ বৈধতা উপলব্ধ হ’ব। এই ক্ষেত্ৰত মন কৰিবলগীয়া কথা যে যদিও এই প্লেনে ডাটা আৰু কলিঙৰ সুবিধা প্ৰদান কৰে, ইয়াত SMSৰ সুবিধা নাপাব।

Jio-Airtel-Vi ৰ এনে পৰিকল্পনা আছেনে?

বৰ্তমান ৰিলায়েন্স জিঅ’, এয়াৰটেল আৰু VI কোম্পানীসমূহৰ হাতত বিএছএনএলৰ ১০৭ টকীয়া পৰিকল্পনাৰ কোনো বিকল্প নাই। সহজ ভাষাত ক’বলৈ গ’লে এই তিনিটা কোম্পানীৰে কোনো এটাৰে কোনো প্লেন নাই যিয়ে কম মূল্যত ৩৫ দিনৰ বৈধতা প্ৰদান কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...