Amazon: অনলাইন বজাৰ কৰাসকল সাৱধান! আমাজনে দিছে এই ‘সতৰ্কবাণী’…

কোম্পানীটোৱে জনোৱা মতে, প্ৰৱঞ্চকে অনলাইন বজাৰ কৰা লোকক লক্ষ্য কৰি লৈছে। যাৰ বাবেই ক্ৰমাৎ প্ৰৱঞ্চনা আৰু কেলেংকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে অনলাইন বজাৰ কৰা লোকসকলক সাৱধান হ’বলৈ আহ্বান জনাইছে। ফৰ্বছৰ মতে, আমাজনৰ সক্ৰিয় ব্যৱহাৰকাৰী প্ৰায় ৩১ কোটি।

Amazon: অনলাইন বজাৰ কৰাসকল সাৱধান! আমাজনে দিছে এই ‘সতৰ্কবাণী’...

আমাজন

Published: 

26 Nov 2025 20:50 PM

বৰ্তমান অনলাইন শ্বপাৰৰ মাজত ব্লেক ফ্ৰাইডে চেল(Black Friday Sale)ক লৈ এক বৃহৎ উন্মাদনা অব্যাহত আছে। এই কথা মনত ৰাখি আমাজনে লাখ লাখ ব্যৱহাৰকাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ সুৰক্ষা সতৰ্কবাণী জাৰি কৰিছে। শেহতীয়াকৈ কোম্পানীটোৱে গ্ৰাহকসকললৈ ইমেইল প্ৰেৰণ কৰিছে। এই নিৰাপত্তা পৰামৰ্শৰ যোগেদি আমাজনে সাৱধান হ’বলৈ আহ্বান জনাইছে নিজৰ সক্ৰিয় ব্যৱহাৰকাৰীসকলক।

কোম্পানীটোৱে জনোৱা মতে, প্ৰৱঞ্চকে অনলাইন বজাৰ কৰা লোকক লক্ষ্য কৰি লৈছে। যাৰ বাবেই ক্ৰমাৎ প্ৰৱঞ্চনা আৰু কেলেংকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে অনলাইন বজাৰ কৰা লোকসকলক সাৱধান হ’বলৈ আহ্বান জনাইছে। ফৰ্বছৰ মতে, আমাজনৰ সক্ৰিয় ব্যৱহাৰকাৰী প্ৰায় ৩১ কোটি।

ফৰ্বছে কয় যে, সৰ্ববৃহৎ খুচুৰা কোম্পানী আমাজন এতিয়া প্ৰৱঞ্চক আৰু হেকাৰৰ প্ৰধান লক্ষ্য হৈ পৰিছে। এই কাৰণেই এই চাইবাৰ অপৰাধৰ বিষয়ে ব্যৱহাৰকাৰীক সতৰ্ক কৰি ইমেইল প্ৰেৰণ কৰিছে আমাজনে। এই ইমেইলত কোম্পানীটোৱে বুজাইছে যে প্ৰৱঞ্চকে ব্যক্তিগত বা বিত্তীয় তথ্য আৰু আমাজন একাউণ্টৰ সবিশেষৰ দৰে স্পৰ্শকাতৰ তথ্য চুৰি কৰিব পাৰে।

প্ৰৱঞ্চনাৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব?

ভুৱা বাৰ্তা: প্ৰৱঞ্চকে ডেলিভাৰী বা আমাজন একাউণ্টৰ সমস্যাৰ দাবী কৰি ভুৱা বাৰ্তা প্ৰেৰণ কৰে। এনে বাৰ্তা লাভ কৰাৰ লগে লগে ডিলিট কৰক।

প্ৰতাৰণামূলক বিজ্ঞাপন: মানুহক ফান্দত পেলাবলৈ প্ৰায়ে ছ’চিয়েল মিডিয়াত বিশাল ৰেহাই দিয়া বিভ্ৰান্তিকৰ বিজ্ঞাপন পোষ্ট কৰা হয়। এনে বিজ্ঞাপন দেখাৰ পিছত কোনো অজ্ঞাত লিংকত ক্লিক নকৰিব।

অফিচিয়েল চেনেল ব্যৱহাৰ কৰক: জালিয়াতি আৰু কেলেংকাৰীৰ পৰা হাত সাৰিবলৈ কেৱল অফিচিয়েল একাউণ্ট ব্যৱহাৰ কৰক, যেনে আমাজন এপ আৰু আমাজনৰ অফিচিয়েল ৱেবছাইট https://amazon.in/।

Two-factor authentication: আপোনাৰ একাউণ্ট সুৰক্ষিত ৰখাৰ বাবে Two-factor authentication (2FA) অন কৰাটো অতি গুৰুত্বপূৰ্ণ।

বি:দ্ৰ: আমাজনে ইমেইলৰ জৰিয়তে আমেৰিকাত ব্যৱহাৰকাৰীসকলক এই সতৰ্কবাণী জাৰি কৰিছে। ভাৰতৰ  ব্যৱহাৰকাৰীসকলেও আমাজনৰ পৰামৰ্শ মানি চলি প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে।

ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...
শুৱাৰ ভংগীমাই বৃদ্ধি কৰিব পাৰে নেকি স্তনৰ আকাৰ? জানক...
শৰীৰত ভেঁকুৰৰ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকৰ পৰা জানক...
গৰম পানীৰ সৈতে মৌ মিহলাই খালে কি হয়? জানক...
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...