টেলিকম কোম্পানীৰ এই প্লেনসমূহত পাব 50GB ডাটা, মূল্য ৪৯ টকাৰ পৰা আৰম্ভ…

যদি নিয়মীয়া ৰিচাৰ্জ প্লেনৰ দৈনিক ডাটা আপোনাৰ বাবে কম হয়, তেন্তে আপুনি এয়াৰটেল, VI আৰু জিঅ’ৰ পৰা ডাটা এড-অন পেক ল’ব পাৰিব। এই প্ৰতিবেদনত Jio, Airtel আৰু VI ৰ এনে কিছুমান প্লেনৰ বিষয়ে উল্লেখ কৰা হৈছে যিয়ে আপোনাক 50GB পৰ্যন্ত ডাটা প্ৰদান কৰে।

টেলিকম কোম্পানীৰ এই প্লেনসমূহত পাব 50GB ডাটা, মূল্য ৪৯ টকাৰ পৰা আৰম্ভ...

টেলিকম কোম্পানীৰ ডাটা পেকসমূহৰ বিষয়ে জানক

Published: 

21 Apr 2025 15:50 PM

বহু সময়ত অনলাইন ষ্ট্ৰীমিঙৰ বাবে ব্যৱহাৰকাৰীৰ ডাটা লিমিট শেষ হৈ যায়। এনে পৰিস্থিতিত মানুহে সেই ৰিচাৰ্জ প্লেনবোৰ ভাল পায় যিবোৰে অধিক ডাটা প্ৰদান কৰে। কিন্তু সেই প্লেনবোৰ বাজেটৰ ভিতৰত বিচাৰে গ্ৰাহকসকলে। যদি নিয়মীয়া ৰিচাৰ্জ প্লেনৰ দৈনিক ডাটা আপোনাৰ বাবে কম হয়, তেন্তে আপুনি এয়াৰটেল, VI আৰু জিঅ’ৰ পৰা ডাটা এড-অন পেক ল’ব পাৰিব। এই প্ৰতিবেদনত Jio, Airtel আৰু VI ৰ এনে কিছুমান প্লেনৰ বিষয়ে উল্লেখ কৰা হৈছে যিয়ে আপোনাক 50GB পৰ্যন্ত ডাটা প্ৰদান কৰে। এই প্লেনবোৰৰ দাম মাত্ৰ ৪৯ টকাৰ পৰা আৰম্ভ হয়।

VI ৰ ডাটা পেক

VI ৰ ৩৪৮ টকীয়া প্লেনত ২৮ দিনৰ বৈধতা পাব। ইয়াত আপুনি 50GB ডাটা পাব। ইয়াৰ বাহিৰেও যদি আপুনি VI ৰ ৪৯ টকীয়া প্লেন লয়, তেন্তে এই প্লেনত এদিনৰ বৈধতাৰে 20GB ডাটা ব্যৱহাৰ কৰিব পাৰিব।

Airtel এই বিশেষ প্লেন

এয়াৰটেলৰ ৪৫১ টকীয়া প্লেনত আপুনি 50GB ডাটা ব্যৱহাৰ কৰাৰ সুযোগ পায়। এই প্লেনৰ বৈধতা ৩০ দিনৰ। কেৱল এয়াই নহয়, এই প্লেনত আপুনি তিনি মাহৰ বাবে Jio Hotstar ৰ বিনামূলীয়া চাবস্ক্ৰিপচনো পাব। যদি আপুনি এয়াৰটেলৰ ৩৬১ টকীয়া প্লেন ল’বলৈ ভাবিছে, তেন্তে এই প্লেনত আপুনি ৩০ দিনৰ বৈধতা লাভ কৰিব । এই প্লেনতো আপোনাক মুঠ 50GB ডাটা প্ৰদান কৰা হৈছে।

jio ডাটা পেক

Jio ৰ ৩৬১ টকীয়া ডাটা পেকত ৩০ দিনৰ বাবে 50GB ডাটা পাব। নিয়মীয়া প্লেনৰ লগতে এই প্লেনত আপুনি বহুত সুবিধা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ২৮৯ টকাৰ প্লেন ল’ব পাৰে ।

এই প্লেনত jio ই ইয়াৰ ব্যৱহাৰকাৰীসকলক 40GB ডাটাৰ সুবিধা প্ৰদান কৰিছে। যেতিয়া আপুনি এই ডাটা সীমা অতিক্ৰম কৰে, ইণ্টাৰনেটৰ গতি 64Kbps লৈ হ্ৰাস পায়। এই প্লেনত আপুনি ৩০ দিনৰ বৈধতা পাব।

দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...
খাদ্যৰ সৈতে অতিৰিক্ত কেঁচা নিমখ খালে কি হ’ব পাৰে জানেনে? জানিলে আজিয়েই বাদ দিব এনে অভ্যাস
কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...