শব্দ হোৱাৰ পাছতো কেতিয়াবা ATM ৰ পৰা টকা নোলাই নেকি? সাৱধান, হ’ব পাৰে ডাঙৰ লোকচান…

ATM Fraud: যিমানে প্ৰযুক্তি আগবাঢ়িছে সিমানেই প্ৰৱঞ্চকৰ সংখ্যাও বৃদ্ধি পাইছে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে। য'ত এজন লোকে ATM ৰ পৰা গ্ৰাহকৰ ধন চুৰি কৰে।

শব্দ হোৱাৰ পাছতো কেতিয়াবা ATM ৰ পৰা টকা নোলাই নেকি? সাৱধান, হব পাৰে ডাঙৰ লোকচান...

এটিএম

Updated On: 

06 Nov 2025 | 12:00 PM

টকা উলিয়াবলৈ ATM লৈ গ’ল, PIN দিয়াৰ পাছত শব্দ হ’ল, কিন্তু টকা ওলাল!  এনে সময়ত বহুতে ভাবে যে ATM ত টকা নাই। যাৰ বাবে বহুতে কাৰ্ডখন লৈ গুচি আহে। পাছত যেতিয়া ফোনত নটিফিকেশ্যন দেখে তেতিয়া আচৰিত হৈ পৰে। কিয়নো ইতিমধ্যে তেওঁৰ একাউন্টৰ পৰা টকা কাটি নিছে।  সেই টকা ক’লৈ গ’ল? বহু সময়ত গ্ৰাহকৰ লগতে এনে ঘটনা সংঘটিত হোৱা দেখা যায়।

আজিকালি সহজ পথৰে টকা ঘটিবলৈ বিভিন্নজনে বহু জালিয়াতি সংঘটিত কৰে। ইয়াৰ মাজতে ATM ৰ পৰা ধন চুৰি কৰি থকাৰ সময়তে ধৰা পৰিল এজন লোক। কেনেকৈ ধন চুৰি কৰি আছিল জানেনে? এটা লোৰ টুকুৰাৰে। তেওঁ এটিএমৰ কেছ ট্ৰেত লোহাৰ টুকুৰাটো সুমুৱাই দিছিল, যাৰ বাবে ট্ৰেখন আবদ্ধ হৈ পৰিছিল।  এনে অৱস্থাত যেতিয়া আন এজন গ্ৰাহকে টকা উলিয়াবলৈ আহিছিল, তেতিয়া টকাখিনি ট্ৰেত জমা হৈ আছিল যদিও ওলাই অহা নাছিল। গ্ৰাহকজনে ভাবিছিল যে এটিএম মেছিনৰ কিবা সমস্যা হৈছে, যাৰ বাবে তেওঁ কাৰ্ডখন লৈ সেই স্থানৰ পৰা গুচি যায়। সেই গ্ৰাহকজন যোৱাৰ পাছতে প্ৰৱঞ্চকজনে টকাখিনি উলিয়াই আনে।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এই ঘটনা। বাদছা নগৰৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটিএম এটাৰ পৰা ধন চুৰি কৰি কৰাৰ ঘটনা পোহৰলৈ আহিছে। অভিযুক্তই সহজ পথেৰে ধনী হোৱাৰ চেষ্টা কৰিছিল। ইয়াৰ বাবে মঙলবাৰে তেওঁ এটা  ATM ৰ কেচ ট্ৰেত লোৰ টুকুৰা এটা থৈ সেই ঠাইৰ পৰা গুচি যায়। পাছত এটিএমটোৰ আশে-পাশে ৰৈ গ্ৰাহক অহাৰ অপেক্ষা কৰে।

ইয়াৰ মাজতে এজন গ্ৰাহক আহিল কিন্তু টকা উলিয়াব নোৱাৰিলে। যাৰ বাবে সেই স্থানৰ পৰা তেওঁ গুচি যায়। ইয়াৰ পাছত অভিযুক্ত এটিএমলৈ গৈ কেচ ট্ৰেৰ পৰা টকাখিনি উলিয়াই আনে। কিন্তু এটিএম কোম্পানীটোৰ চাৰ্ভিলেন্স টিমে সমগ্ৰ ঘটনা দেখাৰ লগে লগে চিইউজি নম্বৰত ফোন কৰি আৰক্ষীক খবৰ দিয়ে।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত জানিব পৰা যায় যে তেওঁৰ নাম অনন্ত প্ৰকাশ মিশ্ৰ। তেওঁ প্ৰতাপগড়ৰ বাসিন্দা। গ্ৰাহকে যাতে টকা উলিয়াব নোৱাৰে তাৰ বাবে এটিএম মেচিনত লোৰ সৰু টুকুৰা এটা সুমুৱাই দিছিল। এনে অৱস্থাত গ্ৰাহকে টকা উলিয়াব নোৱাৰি সেই স্থানৰ পৰা গুচি গৈছিল। তাৰ পাছতে তেওঁ সেই টকা চুৰি কৰিছিল। গতিকে আপোনাৰ লগতো যদি এনে ঘটনা সংঘটিত হয় তেন্তে প্ৰথমে একাউন্টৰ বেলেন্স চেক কৰক। যদি টকা কাটি নিয়াৰ মেছেজ আহে কিন্তু পইচাখিনি ওলাই নাহে তেতিয়া লগে লগে বেংক বা বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ ভাতৃ শ্যামকানুৰ বিৰুদ্ধে RTI দাখিল! পদত্যাগ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্তৰ…

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ