আজিৰে পৰা Amazon Sale আৰম্ভ, iPhone পৰা OnePlusলৈকে, স্মাৰ্টফোনত সৰ্বাধিক ৰেহাই
আজিৰে পৰা আৰম্ভ আমাজনৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল ২০২৫। ২৩ ছেপ্টেম্বৰৰ পৰা এই বিক্ৰীয়ে স্মাৰ্টফোন, ইলেক্ট্ৰনিকছ, ফেশ্বন, সৌন্দৰ্য্য, আৰু ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰীত বাম্পাৰ ৰেহাই প্ৰদান কৰিছে।

স্মাৰ্ট ফোন
আমাজনৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল ২০২৫ আজিৰে পৰা আৰম্ভ হৈছে। ২৩ ছেপ্টেম্বৰৰ পৰা এই বিক্ৰীয়ে স্মাৰ্টফোন, ইলেক্ট্ৰনিকছ, ফেশ্বন, সৌন্দৰ্য্য, আৰু ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰীত বাম্পাৰ ৰেহাই প্ৰদান কৰিছে। বহু স্মাৰ্টফোন আধাতকৈও কম মূল্যত ক্ৰয় কৰিব পাৰিব। ইয়াত ৫ টা শ্ৰেষ্ঠ ডিল দিয়া হৈছে।
iPhone 16
এই বিক্ৰীৰ সময়ত iPhone 16 আপুনি ৫১,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। এই ফোনটোত বেংকৰ অফাৰো আছে, যাৰ ফলত ৫০,০০০ তকৈ কম মূল্যত উপলব্ধ। ইয়াত A18 চিপছেট আৰু Apple Intelligence সমৰ্থন আছে। যদিও ইয়াত 120Hz ProMotion ডিছপ্লে দিয়া হোৱা নাই, ইয়াৰ প্ৰিমিয়াম বিল্ড আৰু iOS অভিজ্ঞতাই ইয়াক এতিয়াও এটা শীৰ্ষস্থানীয় ফ্লেগশ্বিপ বিকল্প কৰি তুলিছে।
OnePlus 13
OnePlus 13 ৰ মূল্য ৭৯,৯৯৯ টকা, কিন্তু বেংক ৰেহাইৰ সৈতে Amazon বিক্ৰীত মাত্ৰ ৫৭,৭৪৯ টকাত উপলব্ধ। এই ফোনটোত আছে Snapdragon 8 Gen 3 প্ৰচেছৰ, এটা প্ৰিমিয়াম AMOLED ডিছপ্লে আৰু ক্লীন OxygenOS 15।
Samsung Galaxy S24 (SD 8 Gen 3)
Samsung Galaxy S24 (SD 8 Gen 3) সংস্কৰণ ৬৪,৯৯৯ টকাত মুকলি কৰা হৈছিল। অৱশ্যে এই ফোনটো ৩৯,৯৯৯ টকাত কিনিব পাৰিব। ইয়াত এটা AMOLED ডিছপ্লে, উন্নত AI ফাংচন আৰু শক্তিশালী কেমেৰাৰ দৰে ফ্লেগশ্বিপ-স্তৰৰ বৈশিষ্ট্য আছে। এই মূল্যত এই ফোনটো আটাইতকৈ সুলভ মূল্যৰ ফ্লেগশ্বিপ ডিলৰ ভিতৰত অন্যতম।
OnePlus 13R
OnePlus 13R ৰ মূল্য ৪৪,৯৯৯ টকা, কিন্তু বেংকৰ ৰেহাইৰ পিছত মাত্ৰ ₹35,749 ত ক্ৰয় কৰিব পাৰিব। ফোনটোত আছে 6,000mAh বেটাৰী, এটা ট্ৰিপল কেমেৰা ছেটআপ আৰু AMOLED ডিছপ্লে।
Oppo Reno 14
Oppo Reno 14 ৰ মূল্য ৪২,৯৯৯, কিন্তু বেংক আৰু ক’ইন অফাৰৰ সৈতে, Flipkart বিক্ৰীৰ সময়ত ইয়াক মাত্ৰ ৩০,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। ইয়াত আছে Dimensity 8350 প্ৰচেছৰ, 6,000mAh বেটাৰী, 80W ফাষ্ট চাৰ্জিং আৰু AMOLED ডিছপ্লে। ইয়াৰ উপৰিও ইয়াত 50MP অটোফ’কাছ চেলফি কেমেৰা আছে।
OnePlus Nord 5
OnePlus Nord 5 ৰ মূল্য ৩৪,৯৯৯ চকা, কিন্তু বেংক অফাৰৰ সৈতে ইয়াক মাত্ৰ ২৪,৪৯৯ টকাত ক্ৰয় কৰিব পাৰিব। এই ফোনত আছে Snapdragon 8s Gen 3 প্ৰচেছৰ আৰু 6.83 ইঞ্চি AMOLED ডিছপ্লে। 6,800mAh বেটাৰী আৰু 80W ফাষ্ট চাৰ্জিঙৰ সৈতে ই দীৰ্ঘ বেটাৰী লাইফ প্ৰদান কৰে। বিজ্ঞাপনমুক্ত OxygenOS 15 য়ে ইয়াক মিড ৰেঞ্জ শিতানৰ অন্যতম শ্ৰেষ্ঠ স্মাৰ্টফোন হিচাপে গঢ়ি তুলিছে।
iQOO Neo 10R
iQOO Neo 10R ৰ মূল্য ৩১,৯৯৯ টকা, কিন্তু তালিকাভুক্ত কৰা হৈছে ২৪,৮৯৯ টকা। বেংকৰ ৰেহাইৰ পিছত আৰু কম মূল্যত ক্ৰয় কৰিব পাৰিব। ফোনটোত আছে Snapdragon 8s Gen 3 প্ৰচেছৰ, AMOLED ডিছপ্লে, আৰু 6,400mAh বেটাৰী। ইয়াৰ উপৰিও ইয়াত 80W ফাষ্ট চাৰ্জিং আছে।
OnePlus Nord CE 5
OnePlus Nord CE 5 ৰ মূল্য ২৬,৯৯৯ টকা। বৰ্তমান ২১,৯৯৯ টকাত উপলব্ধ। এই ফোনটোত আছে এটা শক্তিশালী 7,100mAh বেটাৰী, এটা Dimensity 8350 প্ৰচেছৰ, আৰু এটা AMOLED ডিছপ্লে।
Infinix GT 30
Infinix GT 30 ৰ মূল্য ২৪,৯৯৯ টকা, কিন্তু বেংকৰ ৰেহাইৰ সৈতে ইয়াক মাত্ৰ ১৭, ৯৫৯ টকাত উপলব্ধ। ইয়াত 144Hz AMOLED ডিছপ্লে, Dimensity 7400 প্ৰচেছৰ, আৰু 5,500mAh বেটাৰী আছে। ইয়াৰ উপৰিও ফোনটোত মেচা লাইটিং আৰু জিটি শ্বোল্ডাৰ ট্ৰিগাৰ আছে, যাৰ বাবে ই গেমিং অনুৰাগীৰ বাবে বিশেষভাৱে আদৰ্শ।