কম মূল্যতে পাব পছন্দৰ সামগ্ৰী, Amazon Festival Sale ত বাম্পাৰ অফাৰ!
উৎসৱৰ বতৰত বজাৰ কৰাৰ অভিজ্ঞতা দুগুণ কৰিবলৈ Amazon এ গ্ৰাহকক মোবাইলৰ পৰা আৰম্ভ কৰি ঘৰুৱা সামগ্ৰীলৈকে সকলোতে ৰেহাই আগবঢ়াইছে। কেকিয়াৰ পৰা আৰম্ভ হ'ব এই Sale জানক...

Amazon Festival Sale ত বাম্পাৰ অফাৰ!
নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে উৎসৱৰ বতৰ আৰম্ভ হয়, আৰু এই সময়ছোৱাত সকলো ই-কমাৰ্চ কোম্পানীয়ে উৎসৱৰ বিক্ৰী আৰম্ভ কৰিব। Amazonৰ ৱেবছাইটত পোৱা তথ্য অনুসৰি ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব Amazon ৰ ফেষ্টিভেল চেল। ই-কমাৰ্চ কোম্পানীটোৰ পৰা গ্ৰাহকে মোবাইল ফোন, লেপটপ, আৰু ঘৰুৱা সঁজুলিত যথেষ্ট ৰেহাই লাভ কৰিব। কোম্পানীটোৱে দাবী কৰিছে যে এইবাৰৰ বিক্ৰীয়ে নিৰ্বাচিত সামগ্ৰীৰ ওপৰত এতিয়ালৈকে সৰ্বাধিক অফাৰ প্ৰদান কৰিব।
এই উৎসৱৰ বিক্ৰীত চেমচাং, ৱানপ্লাছ, আইফোন, ৰেডমি, আৰু ৰিয়েলমীৰ দৰে জনপ্ৰিয় স্মাৰ্টফোন ব্ৰেণ্ডত যথেষ্ট ৰেহাই দিয়া হ’ব। ইয়াৰ উপৰিও হেডফোন, স্মাৰ্টৱাচ, টেবলেট আদি গেজেটতো আকৰ্ষণীয় অফাৰ আগবঢ়োৱা হ’ব।
Amazon ৰ চেলে এইচ পি, ডেল, লেন’ভ’, আৰু এছাছৰ দৰে প্ৰধান ব্ৰেণ্ডৰ লেপটপো ছাত্ৰ-ছাত্ৰীৰ বাবে ৰেহাই মূল্যত প্ৰদান কৰিব। ইয়াৰ উপৰিও টিভি, চাউণ্ডবাৰ, আৰু অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীত যথেষ্ট ৰেহাই দিয়া হ’ব।
এই উৎসৱৰ বতৰত ঘৰ সজাব বিচৰাসকলৰ বাবে ফ্ৰীজ, ৱাশ্বিং মেচিন, পাকঘৰৰ সঁজুলি, আৰু অন্যান্য ঘৰুৱা সামগ্ৰীৰ ওপৰতো বিশেষ অফাৰ আগবঢ়োৱা হ’ব। কোম্পানীটোৱে উল্লেখ কৰিছে যে গ্ৰাহকে এই সামগ্ৰীসমূহৰ ওপৰত বিনামূলীয়া ইএমআই আৰু বিনিময় অফাৰো লাভ কৰিব।
আমাজন ফেষ্টিভেল চেলৰ সময়ত নিৰ্বাচিত বেংকৰ পৰা ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ জৰিয়তে কৰা পেমেণ্টে অতিৰিক্ত ৰেহাই আৰু কেছবেক লাভ কৰিব। আপোনাৰ Amazon Pay বেলেঞ্চ ব্যৱহাৰ কৰিলেও আপুনি অতিৰিক্ত পুৰস্কাৰ লাভ কৰিব। এই উৎসৱৰ বিক্ৰীৰ সময়ত এমাজন প্ৰাইমৰ সদস্যসকলেও কিছুমান অনন্য সুবিধা লাভ কৰিব, য’ত নিয়মীয়া গ্ৰাহকতকৈ আগতেই বিক্ৰীৰ সুবিধা লাভ কৰিব। যদি আপুনি এই উৎসৱৰ বতৰত বজাৰ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এইটো এটা ভাল সুযোগ।