দেশত আৰম্ভ হ’ব ষ্টাৰলিংক সেৱা ! ইলন মাস্কৰ স্পেচএক্সৰ সৈতে ডাঙৰ চুক্তি এয়াৰটেলৰ…

শেহতীয়াকৈ এয়াৰটেলে ঘোষণা কৰিছে যে, ইলন মাস্কৰ স্পেচএক্সৰ সহযোগিতাত ষ্টাৰলিংক সেৱা আগবঢ়াব এয়াৰটেলে। এয়াৰটেলে কয় যে, কোম্পানীটোৱে স্পেচএক্সৰ সৈতে ষ্টাৰলিংকৰ হাইস্পীড ইণ্টাৰনেট ভাৰতলৈ অনাৰ বাবে চুক্তিবদ্ধ হৈছে।

দেশত আৰম্ভ হ’ব ষ্টাৰলিংক সেৱা ! ইলন মাস্কৰ স্পেচএক্সৰ সৈতে ডাঙৰ চুক্তি এয়াৰটেলৰ...

দেশত আৰম্ভ হ’ব ষ্টাৰলিংক সেৱা

Updated On: 

11 Mar 2025 | 11:20 PM

ভাৰতত দ্ৰুত গতি নিজৰ ব্য়ৱসায় সম্প্ৰসাৰণ কৰিছে ইলন মাস্কে । শেহতীয়াকৈ এয়াৰটেলে ঘোষণা কৰিছে যে, ইলন মাস্কৰ স্পেচএক্সৰ সহযোগিতাত ষ্টাৰলিংক সেৱা আগবঢ়াব এয়াৰটেলে। এয়াৰটেলে কয় যে, কোম্পানীটোৱে স্পেচএক্সৰ সৈতে ষ্টাৰলিংকৰ হাইস্পীড ইণ্টাৰনেট ভাৰতলৈ অনাৰ বাবে চুক্তিবদ্ধ হৈছে। অৱশ্যে ভাৰতত সকলো নিয়ন্ত্ৰণকাৰী অনুমোদন লাভ কৰাৰ পিছতহে কোম্পানীটোৱে ষ্টাৰলিংক সেৱা আৰম্ভ কৰিব।

যৌথ বিবৃতিত কোৱা হৈছে যে, দুয়োটা কোম্পানীয়ে ১১ মাৰ্চত আনুষ্ঠানিকভাৱে এই চুক্তিত স্বাক্ষৰ কৰিছে। সকলো অনুমোদন পোৱাৰ পিছত এয়াৰটেলে ভাৰতত আৰম্ভ কৰিব Starlink ছেটেলাইট ইন্টাৰনেট সেৱা। ষ্টাৰলিংকত ভাৰতৰ এয়া প্ৰথম অংশীদাৰিত্ব। দেশজুৰি বিস্তৃত ষ্ট’ৰৰ পৰা এয়াৰটেলে এই ষ্টাৰলিংক সেৱা আগবঢ়াব। ইয়াত ষ্টাৰলিংক ডিভাইচসমূহো অন্তৰ্ভুক্ত কৰা হ’ব।

এয়াৰটেলে কয় যে, ইতিমধ্যে ইউটেলছেট ৱানৱেবৰ সৈতে অংশীদাৰিত্ব আছে। এই নতুন অংশীদাৰিত্বৰ জৰিয়তে এয়াৰটেলে গ্ৰাহকক অধিক সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ’ব।

ভাৰতী এয়াৰটেলৰ এমডি তথা ভাইচ চেয়াৰমেন গোপাল ভিট্টেলে কয় যে, স্পেচএক্সৰ সৈতে চুক্তি কৰি ভাৰতত ষ্টাৰলিংক সেৱা প্ৰদান কৰাটো এক নতুন আৰম্ভণি। ইয়াৰ দ্বাৰা ভাৰতত পৰৱৰ্তী প্ৰজন্মৰ উপগ্ৰহ সংযোগ প্ৰযুক্তিৰ সুবিধা প্ৰদানৰ প্ৰতি কোম্পানীটোৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা হৈছে। উল্লেখ্য যে, ষ্টাৰলিংকৰ সৈতে এয়াৰটেলৰ এই চুক্তিয়ে টেলিকম বজাৰত জিঅ’ৰ তুলনাত এয়াৰটেলক আগবঢ়াই নিব। বৰ্তমান দেশৰ সৰ্ববৃহৎ টেলিকম কোম্পানী হৈছে জিঅ’ ইনফ’কম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...