Zubeen garg death: BCCI ৰ সিদ্ধান্ত! ICC মহিলা বিশ্বকাপ মেচৰ পূৰ্বে জুবিন গাৰ্গৰ নামত উচৰ্গা কৰা হ’ব ৪০ মিনিট…

Zubeen garg death: প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। সকলোৰে চকুত চকুলো। ইয়াৰ মাজতে বিচিচিআইয়ে জুবিনক শ্ৰদ্ধা নিবেদিবৰ বাবে সাজু হৈছে। মহিলা বিশ্বকাপৰ মেচৰ পূৰ্বে জুবিনৰ নামত উচৰ্গা হ'ব ৪০ মিনিট।

Zubeen garg death: BCCI ৰ সিদ্ধান্ত! ICC মহিলা বিশ্বকাপ মেচৰ পূৰ্বে জুবিন গাৰ্গৰ নামত উচৰ্গা কৰা হব ৪০ মিনিট...

জুবিন গাৰ্গ

Published: 

21 Sep 2025 | 05:35 PM

বৰ্তমান জুবিনক হেৰুৱাই শোকস্তব্ধ হৈ আছে সমগ্ৰ ৰাজ্য। ইয়াৰ মাজতে আহিছে আন এক ডাঙৰ খবৰ। অসম ক্ৰিকেট সন্থা আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে জুবিন সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আই চি চি মহিলা বিশ্বকাপৰ প্ৰথমখন খেলৰ পূৰ্বে জুবিন গাৰ্গক জনোৱা হ’ব শ্ৰদ্ধাঞ্জলি।

বিচিচিআইৰ সচিব দেৱজিত শইকীয়াই কয় যে,  ৩০ ছেপ্টেম্বৰত হ’বলগীয়া খেলৰ পূৰ্বে ৪০ মিনিট সময় প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত উচৰ্গা কৰা হ’ব।অসম ক্ৰিকেট এছোচিয়েশ্যন আৰু বিচিচিআইয়ে জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। জুবিনৰ স্মৃতিত ৪০ মিনিটৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ’ব। সম্ভৱতঃ ক্ৰিকেট জগখনে তেওঁক দিব পৰা এয়া হ’ব সবাতোকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি।

তেওঁ আৰু কয় যে, এই অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালো উপস্থিত থাকিব। প্ৰথমে এই অনুষ্ঠানত সাংস্কৃতি অনুষ্ঠান অনুষ্ঠিত কৰাৰ যো জা কৰা হৈছিল। কিন্তু এতিয়া সেয়া হৈ নুঠিব। কিয়নো ৪০ মিনিট সময় জুবিন গাৰ্গৰ নামত দিয়া হ’ব।

৩০ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব আই চি চি মহিলা বিশ্বকাপৰ খেল। এই খেলখন ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। এই খেলৰ আৰম্ভণিতে মুকলি অনুষ্ঠান হোৱাৰ কথা আছিল। কিন্তু এতিয়া খেলৰ পূৰ্বে জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰিব ক্ৰিকেট জগতে। আজি সন্ধিয়ালৈ সকলো চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, মাত্ৰ ৫২ বছৰ বয়সতে এই পৃথিৱীৰ পৰা চিৰ বিদায় লয় মৰমৰ শিল্পী জুবিন গাৰ্গে। ১৯ ছেপ্টেম্বৰত জুবিনৰ মৃত্যুৰ পাছচে ২১ ছেপ্টেম্বৰৰ পুৱা তেওঁৰ মৃতদেহ অসম আহি পায়। জনসমুদ্ৰৰ মাজেৰে তেওঁৰ মৃতদেহ প্ৰথমে কাহিলীপাৰাৰ বাসগৃহলৈ আৰু পাছত সৰুসজালৈ নিয়া হয়। এই সৰুসজাইতে অনুৰাগীয়ে জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

 

অন্য খবৰ পঢ়কঃ  জুবিন গাৰ্গৰ ভৰিৰ চাপঃ সংৰক্ষণ কৰি ৰখা হ’ব প্ৰিয় শিল্পীগৰাকীৰ পদযুগলৰ চিহ্ন…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...