আজি অনুষ্ঠিত হ’বনে আই পি এলৰ মেচ! বিচিচিআইয়ে প্ৰকাশ কৰিলে এইদৰে…

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কালি পঞ্জাৱ কিংছ বনাম দিল্লী কেপিটেলছৰ মাজত হোৱা আই পি এলৰ মেচ বাতিল কৰা হয়। এতিয়া আই পি এলৰ আগন্তুক মেচসমূহো বাতিল কৰা হ’ব নেকি, সেয়া জানিবলৈ উদগ্ৰীৱ হৈ আছে ক্ৰিকেট অনুৰাগীসকল। এই বিষয়ে বিচিচিআইয়ে কি কৈছে, চাওঁ আহক।

আজি অনুষ্ঠিত হ’বনে আই পি এলৰ মেচ! বিচিচিআইয়ে প্ৰকাশ কৰিলে এইদৰে…

আজি হ’বনে আই পি এলৰ মেচ!

Published: 

09 May 2025 05:08 AM

বৃহস্পতিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হয় পঞ্জাৱ কিংছ বনাম দিল্লী কেপিটেলছৰ মাজত হোৱা আই পি এলৰ মেচ। বৰষুণৰ বাবে কিছু বিলম্ব ঘটাৰ পিছত মেচখন আৰম্ভ হৈছিল যদিও প্ৰথম ইনিংছৰ ১১ অভাৰ চলি থকাৰ সময়তে ধৰমশালা ষ্টেডিয়ামৰ লাইট বন্ধ কৰি দিয়া হয় আৰু কাৰিকৰী বিজুতিৰ বাবে মেচখন বাতিল কৰা হয় বুলি বিচিচিআইয়ে প্ৰাথমিক অৱস্থাত জানিবলৈ দিয়ে। অৱশ্যে পিছত পাকিস্তানে ভাৰতৰ ওপৰত চলোৱা ৰকেট আৰু ড্ৰোন আক্ৰমণ ইয়াৰ এটা প্ৰধান কাৰণ আছিল বুলি প্ৰকাশ পায়।

কালিৰ এই মেচ বাতিলৰ সিদ্ধান্তৰ সমান্তৰালকৈ ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ – প্ৰত্যাক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি এতিয়া আই পি এলৰ আগন্তুক মেচসমূহো বাতিল কৰা হ’ব নেকি, সেয়া জানিবলৈ উদগ্ৰীৱ হৈ আছে ক্ৰিকেট অনুৰাগীসকল। আজি প্ৰতিযোগিতাৰ নিৰ্ধাৰিত সূচী অনুসাৰে লক্ষ্ণৌত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মাজত মেচ অনুষ্ঠিত হ’ব।

এতিয়া আজিৰ এইমেচখন অনুষ্ঠিত হ’বনে নহয়, সেই লৈয়ো অনুৰাগীসকল দুবিধাত আছে। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে আই পি এলৰ মুৰব্বী অৰুণ ধুমলে। বৃহস্পতিবাৰে আই পি এলৰ চেয়াৰমেন অৰুণ ধুমলে কয় যে পাকিস্তানৰ সৈতে হোৱা সামৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত আই পি এল অব্যাহত থাকিব নে নাথাকে সেই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্বে চৰকাৰৰ নিৰ্দেশৰ অপেক্ষা কৰা হৈছে।

অৱশ্যে ধুমলে লগতে লক্ষ্ণৌ চুপাৰ জায়েন্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত মেচখন নিৰ্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হ’ব বুলিও উল্লেখ কৰে। পিটিআইৰ সৈতে হোৱা বাৰ্তালাপত অৰুণ ধুমলে কয়, ‘আমি বৰ্তমানৰ পৰিস্থিতিৰ বুজ লৈছো। বৰ্তমান চৰকাৰৰ পৰা কোনো নিৰ্দেশনা আমি লাভ কৰা নাই। সকলো লজিষ্টিক কথাৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো সিদ্ধান্ত লোৱা হ’ব।

বৰ্তমান সময়লৈকে আজিৰ মেচখন সময়সূচী অনুসৰিয়ে অনুষ্ঠিত কৰাৰ কথা তেওঁ উল্লেখ কৰে যদিও পৰিস্থিতি অহৰহ সলনি হৈ থকাৰ বাবে সকলোৰে স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো সিদ্ধান্ত লোৱা হ’ব বুলিও ধুমলে দোহাৰে। লক্ষণীয়ভাৱে কালি পাকিস্তানৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত মেচখন বাতিল কৰাৰ পিছতে বিচিচিআই আৰু আইপিএল গভৰ্নিং কাউন্সিলৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত আই পি এলৰ আগন্তুক মেচসমূ্হৰ সন্দৰ্ভত আলোচনা কৰা হয় বুলি অনুমান কৰা হৈছে। খবৰ অনুসৰি, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইয়ে এতিয়া এই বিষয়ত আজিয়েই সিদ্ধান্ত গ্ৰহণ কৰিব।

 

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?