দুই-এখন মেচত নিষিদ্ধ হ’ব লাগে ধোনী! কি কাৰণত এইদৰে ক’লে একালৰ সতীৰ্থ সেহৱাগে…
আঘাতৰ বাবে ৰুতুৰাজ গায়কোৱাড সম্পূৰ্ণ ছিজনৰ পৰা বাহিৰ হোৱাৰ ফলস্বৰূপে ধোনীয়ে পুনৰবাৰ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। ধোনীৰ নেতৃত্ব লাভৰ উছাহৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈছে বীৰেন্দ্ৰ সেহৱাগৰ মন্তব্যৰ এক ভিডিঅ’। এই ভিডিঅ’টোত সেহৱাগে ধোনীক দুই-তিনিখন মেচৰ বাবে নিলম্বনৰ পোষকতা কৰা দেখা গৈছে।

ধোনীৰ প্ৰসঙ্গত এয়া কি কৈছিল সেহৱাগে!
আই পি এলত আজি পুনৰ এবাৰ অধিনায়ক হিচাপে দেখিবলৈ পোৱা গৈছে মহেন্দ্ৰ সিং ধোনীক। আঘাতৰ বাবে ৰুতুৰাজ গায়কোৱাড সম্পূৰ্ণ ছিজনৰ পৰা বাহিৰ হোৱাৰ ফলস্বৰূপে ধোনীয়ে পুনৰবাৰ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। স্বাভাৱিকতেই এই সিদ্ধান্তত অতিশয় উৎসাহিত হৈ পৰিছে চেন্নাইৰ অনুৰাগীসকল। লক্ষণীয়ভাৱে আই পি এলত অধিনায়কৰ দায়িত্ব লাভ কৰা প্ৰথমজন অনকেপড খেলুৱৈ হিচাপে পৰিগণিত হৈছে ধোনী। আই পি এলৰ নিয়ম অনুসৰি এগৰাকী খেলুৱৈ ৫ বছৰ বা তাতকৈ অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বাহিৰত থাকিলে আনকেপেড খেলুৱৈ বুলি গণ্য কৰা হয়।
সেয়ে দীঘলীয়া সময়জোৰা আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পিছতো ধোনী এইবাৰ আনকেপড খেলুৱৈ হিচাপে প্ৰতিযোগিতাত নামিছে। ইফালে অধিনায়ক হিচাপে দায়িত্ব লাভ কৰি ধোনীয়ে যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে। সম্প্ৰতি চেন্নাই পাঁখন মেচ খেলাৰ পিছতো মাত্ৰ এখন মেচত জয়েৰে পইণ্ট তালিকাৰ নৱম স্থানত আছে। এনে পৰিস্থিতিত চেন্নাইক প্লে’ অফলৈ উন্নীত কৰাত ধোনীৰ ভূমিকা হ’ব লক্ষণীয়।
ধোনীৰ অধিনায়ককেন্দ্ৰিক এনে চৰ্চাৰ মাজতে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগৰ এটা পুৰণি ভিডিঅ’। এই ভিডিঅ’টোত সেহৱাগে ধোনীক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। ভাইৰেল এই ভিডিঅ’টো ২০১৯ চনত অনুষ্ঠিত আই পি এলৰ দ্বাদশ সংস্কৰণৰ। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে এখন মেচত আম্পায়াৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ডাগআউটৰ পৰা ওলাই আহি খেলপথাৰত প্ৰৱেশ কৰিছিল ধোনীয়ে। এই পদক্ষেপৰ বাবে ধোনী কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল।
এই কাৰ্যৰ বাবে ধোনীৰ বিপক্ষে শাস্তিমূলক ব্যৱস্থা হিচাপে তেওঁৰ ৫০ শতাংশ মেচ মাচুল কৰ্তন কৰা হৈছিল। ধোনীৰ এনে কাৰ্যক সমালোচনা কৰিয়েই সেহৱাগে ধোনীক ২-৩ খন মেচৰ বাবে নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰিছিল। সেহৱাগে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, “যদি তেওঁ ভাৰতীয় দলৰ বাবে এই কাম কৰিলেহেঁতেন, তেতিয়া মই যথেষ্ট সুখী হ’লোহেঁতেন। ভাৰতীয় দলৰ অধিনায়ক হিচাপে থকা দিনত তেওঁক ইমান খঙাল কেতিয়াও দেখা নাছিলো। মই ভাবো চেন্নাইক লৈ তেওঁ অত্যধিক আৱেগিক হৈ পৰিছে।”
ভিডিঅ’টোত ছেহৱাগে লগতে চেন্নাইৰ দুজন খেলুৱৈ খেলপথাৰত থকাৰ সময়ত ধোনী খেলপথাৰলৈ অহা উচিত নাছিল বুলিও মত প্ৰকাশ কৰিছিল। “সেই দুগৰাকী খেলুৱৈৰো ন’ বলটোক কেন্দ্ৰ কৰি ধোনীৰ দৰেই খং উঠিছিল। গতিকে মই ভাবো তেওঁলোকৰ হাততে হাততে ধোনীয়ে এই বিষয়টো এৰি দিব লাগিছিল।”- এইদৰে মন্তব্য কৰিছিল সেহৱাগে। নিশ্চিতভাৱে নিয়মানুসাৰে সেই সময়ত সেহৱাগৰ মন্তব্য আছিল সঠিক।
কিন্তু ধোনীৰ অনুৰাগীসকল সেহৱাগৰ এই মন্তব্যক সহজে ল’ব পৰা নাছিল আৰু ধোনীয়ে পুনৰ চেন্নাইৰ নেতৃত্ব লাভ কৰাৰ লগে লগে সেহৱাগৰ এই পুৰণি বক্তব্যৰ ভিডিঅ’ ভাইৰেল কৰিছে। ইয়াৰ দ্বাৰা অনুৰাগীসকলে মূলতঃ ৪৩ বছৰ বয়সতো ধোনী অধিনায়কৰ দায়িত্ব পালন কৰিব পৰাকৈ সক্ষম বুলি সেহৱাগক কটাক্ষ কৰিবলৈ চেষ্টা কৰিছে যেন অনুমান কৰা হৈছে।