মা মল্লযুদ্ধ জিকিল, মই হাৰিলো: মল্লযুঁজক বিদায় জনালে বিনেশ ফ’গাটে

মল্লযুদ্ধৰ পৰা অৱসৰ ল'লে বিনেশ ফ'গাটে । অৱসৰ লোৱাৰ সময়ত তেওঁ এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পাছত বিনেশ ফ'গাটে ছ'চিয়েল মিডিয়াযোগে অৱসৰ ঘোষণা কৰিছে।

মা মল্লযুদ্ধ জিকিল, মই হাৰিলো:  মল্লযুঁজক বিদায় জনালে বিনেশ ফগাটে

বিনেশ ফ'গাটৰ অৱসৰ ঘোষণা

Updated On: 

08 Aug 2024 07:10 AM

দেশবাসীৰ বাবে আন এক দুঃখবৰ। মল্লযুদ্ধৰ পৰা অৱসৰ ল’লে ভাৰতৰ মহিলা মল্লযোদ্ধা বিনেশ ফ’গাটে। পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা হোৱাৰ পিছত বিনেশ ফ’গাটে এই সিদ্ধান্ত লৈছে। বিনেশ ফ’গাটে এক্স হেণ্ডেলৰ জৰিয়তে তেওঁৰ অৱসৰৰ বিষয়ে তথ্য দিছিল। তেওঁ অৱসৰ কথা কৈছে লিখিছে -দেশবাসীৰ ওচৰত ঋণী হৈ থাকিব। গুডবাই ৰেষ্টলিং।

বিনেশ ফ’গাটে মল্লযুদ্ধক বিদায় জনোৱাৰ সময়ত এক্স-হেণ্ডেলত তেওঁৰ মাতৃৰ ওচৰত ক্ষমা বিচাৰিছে। তেওঁ লিখিছে যে “মা মল্লযুদ্ধ মোৰ লগত জিকিল, মই পৰাজিত হ’লো। ক্ষমা কৰিব। আপোনাৰ সপোন মোৰ সাহস সকলোবোৰ ভাঙি পৰিছে। এতিয়া ইয়াতকৈ অধিক শক্তি নাই।”

 

বিনেশ ফ’গাটৰ টুইটৰ পৰা এইটো স্পষ্ট যে পেৰিছ অলিম্পিকত তেওঁৰ সৈতে হোৱা ঘটনাৰ বাবে তেওঁ গভীৰভাৱে দুখিত। তাৰ ফলস্বৰূপে তেওঁ অৱসৰ ঘোষণা কৰিছে। পেৰিছ অলিম্পিকত নিজৰ উৎকৃষ্ট মল্লযুদ্ধ প্ৰদৰ্শন কৰি বিনেশে মহিলাৰ ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছিল। তেওঁ অলিম্পিকৰ ফাইনেল খেলা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধা হিচাপে পৰিগণিত হৈছিল। কিন্তু ফাইনেলৰ কেইঘণ্টামান আগতে তেওঁৰ ওজন অধিক হোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু তেঁওক অযোগ্য ঘোষণা কৰা হৈছিল।

এক দশকৰো অধিক সময় ধৰি আন্তৰ্জাতিক মল্লযুদ্ধৰ মেটত সক্ৰিয় হৈ থকা বিনেশ ফ’গাটৰ সপোন আছিল অলিম্পিকত পদক জয় কৰা। এইটো তেওঁৰ মাকৰো সপোন আছিল। অৱশ্যে একেৰাহে তৃতীয়বাৰলৈ অলিম্পিকত অংশগ্ৰহণ কৰাৰ পাছতো বিনেশে এই সফলতা অৰ্জন কৰিব নোৱাৰিলে।

বিনেশে ৰিঅ’ ২০১৬ ত অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল। য’ত আঘাতৰ বাবে তেওঁ বাহিৰ হ’ব লগা হৈছিল। তাৰ পাছত টকিঅ’ অলিম্পিকত বিনেশ ফ”গাটৰ যাত্ৰা কোৱাৰ্টাৰ ফাইনেলতে স্তব্ধ হৈছিল। ইয়াৰ পাছত পেৰিছ অলিম্পিকত যেতিয়া তেওঁ নতুন ইতিহাস লিখাৰ পৰা মাত্ৰ এখোজ আঁতৰত আছিল বিনেশক অযোগ্য ঘোষণা কৰাৰ সিদ্ধান্তই কেৱল তেওঁৰে নহয়, সমগ্ৰ ভাৰতৰ হৃদয় ভাঙি পেলাইছিল।

নিমিষতে মুখৰ আলচাৰৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়...জানক
পুৰীৰ ৰথ যাত্ৰাৰ আছে বহু ৰহস্য, জানিলে আপোনাৰ মন ভৰি পৰিব …
ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয় জানেনে? জানক...
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?