বিনেশ ফ’গাটক ‘ভাৰত ৰত্ন’ৰে সন্মানিত অথবা ৰাজ্যসভাৰ সাংসদ মনোনীত কৰাৰ দাবী…

মঙলবাৰে নিশা বিনেশৰ ওজন বেছি আছিল যাৰ বাবে গোটেই নিশা তেওঁ চাইক্লিং কৰিছিল। ভালদৰে একো খোৱাও নাছিল। কেৱল ইমানেই নহয়, বিনেশে নখ, চুলি কটাৰ লগতে দেহৰ পৰা তেজো উলিয়াইছিল। কিন্তু তাৰ পাছতো বিনেশৰ ওজন বাঢ়ি যায়।

বিনেশ ফগাটক ভাৰত ৰত্নৰে সন্মানিত অথবা ৰাজ্যসভাৰ সাংসদ মনোনীত কৰাৰ দাবী...

বিনেশ ফ'গাটৰ অৱসৰ ঘোষণা

Published: 

08 Aug 2024 | 11:58 AM

বিনেশ ফ’গাট পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হোৱাৰ পাছতেই উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি। বিৰোধিয়ে ইয়াক এক ষড়যন্ত্ৰ আখ্যা দিছে। ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সংসদলৈ এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰেও চেষ্টা কৰি আছে যাতে বিনেশ ফগাটে ন্যায় লাভ কৰে। ইয়াৰ মাজতে  তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীয়ে বিনেশ ফ’গাটক ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰিবলৈ বা ৰাজ্যসভাৰ মনোনীত সাংসদ কৰিবলৈ দাবী জনাইছে।

অভিষেক বেনাৰ্জীয়ে টুইট কৰি কয় যে চৰকাৰ আৰু বিৰোধীয়ে এক উপায় বিচাৰি উলিয়াব লাগে। বিনেশক ভাৰত ৰত্ন অথবা ৰাজ্যসভালৈ মনোনীত কৰিব লাগে। বিনেশ ফগাটৰ সংগ্ৰামৰ কথাও উল্লেখ কৰে অভিষেক বেনাৰ্জীয়ে।

বিনেশ ফ’গাটৰ বিষয়ক লৈ ইণ্ডিয়া  মিত্ৰজোঁটৰ সাংসদসকলে বুধবাৰে  সাংসদত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে। এন চি পি (এছ পি), জে এম এম, আৰ জে ডি কংগ্ৰেছ, টি এম চি, সমাজবাদী পাৰ্টিৰ দৰে বিৰোধী দলৰ সদস্যসকলেও এই বিষয়ত লোকসভা আৰু ৰাজ্যসভা উভয়ৰে পৰা ৱাক আউট কৰিছিল।

উল্লেখ্য যে, ফাইনেল খেলাৰ পূৰ্বে পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হয় বিনেশ ফগাটক। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিনেশলৈ ফোন কৰি তেওঁৰ প্ৰশংসা কৰাৰ লগতে এই বিষয়টোৰ প্ৰতিবাদ কৰিবলৈ পিটি উষাক কয়। পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হোৱাৰ পাছতেই বিনেশ অসুস্থ হৈ  পৰিছিল আৰু তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

জানিব পৰা মতে মঙলবাৰে নিশা বিনেশৰ ওজন বেছি আছিল যাৰ বাবে গোটেই নিশা তেওঁ চাইক্লিং কৰিছিল। ভালদৰে একো খোৱাও নাছিল। কেৱল ইমানেই নহয়, বিনেশে নখ, চুলি কটাৰ লগতে দেহৰ পৰা তেজো উলিয়াইছিল। কিন্তু তাৰ পাছতো বিনেশৰ ওজন বাঢ়ি যায়। এই সকলোবোৰৰ মাজতে আজি বিনেশে অৱসৰ ঘোষণা কৰে। ছ’চিয়েল মিডিয়াত পোষ্ট কৰি বিনেশে মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা জনায়।  তেওঁ কয় যে, মা, মল্লযুদ্ধ জিকিল, মই হাৰি গলো। মোৰ আৰু শক্তি নাই। সম্পূৰ্ণৰূপে ভাঙি পৰিছো।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...