বিনেশ ফ’গাটক অযোগ্য ঘোষণা: পেৰিছলৈ ফোন কৰি কি ক’লে মোদীয়ে…

বিনেশ, তুমি চেম্পিয়নৰ মাজত চেম্পিয়ন। তুমি ভাৰতৰ গৌৰৱ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণা। আজিৰ এই ঘটনাই দুখ দিছে

বিনেশ ফগাটক অযোগ্য ঘোষণা: পেৰিছলৈ ফোন কৰি কি কলে মোদীয়ে...

বিনেশ- মোদী

Updated On: 

07 Aug 2024 | 01:37 PM

ওজন বেছি থকা বাবে পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ’ল ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাট। প্ৰয়োজনতকৈ ওজন বেছি থকা বাবেই ৫০ কেজি শাখাৰ ফাইনেলত খেলিব নোৱাৰিলে বিনেশ ফ’গাটে। এই খবৰ পোহৰলৈ অহাৰ পাছতেই দেশৰ ক্ৰীড়া প্ৰেমীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাধাৰণ জনতাৰ পৰা সংসদলৈ এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। লোকসভাত চলি থকা কার্যসূচীৰ সময়ত বিনেশ ফ’গাটৰ অযোগ্য ঘোষণাৰ খবৰ ওলোৱাৰ লগে লগে বিৰোধী সাংসদসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

বিনেশ অযোগ্য ঘোষণা হোৱাৰ পাছতে সক্ৰিয় হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিনেশ ফ’গাটক প্ৰশংসা কৰাৰ লগতে পেৰিছলৈও ফোন কৰে মোদীয়ে। মোদীয়ে তেওঁক কৈছে যে বিনেশ তুমি চেম্পিয়ন। তুমি দেশৰ গৌৰৱ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণা।

সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে আই অ’ এৰ সভাপতি পি টি উষাৰ সৈতে কথা পাতি এই বিষয়ত ভাৰতৰ হাতত থকা বিকল্পসমূহৰ বিষয়ে তথ্য বিচাৰে। তেওঁ বিনেশৰ ক্ষেত্ৰত সহায়ৰ বাবে সকলো চেষ্টা কৰিবলৈ কয়। লগতে পিটি উষাক বিনেশৰ অযোগ্যতা সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ কৰিবলৈ কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে বিনেশ ফ’গাটৰ প্ৰশংসা কৰি এক পোষ্ট কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ লিখে, “বিনেশ, তুমি চেম্পিয়নৰ মাজত চেম্পিয়ন। তুমি ভাৰতৰ গৌৰৱ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণা। আজিৰ এই ঘটনাই দুখ দিছে। মই যি হতাশা অনুভৱ কৰি আছো সেয়া শব্দৰে ব্যক্ত কৰিব পৰা নাই। সদায় তুমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সাহসেৰে থিয় দিছা। শক্তিশালী হৈ উভতি আহক। আমি সকলোৱে তোমাৰ পক্ষত আছো”।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...