বিনেশ ফ’গাটক অযোগ্য ঘোষণা: পেৰিছলৈ ফোন কৰি কি ক’লে মোদীয়ে…

বিনেশ, তুমি চেম্পিয়নৰ মাজত চেম্পিয়ন। তুমি ভাৰতৰ গৌৰৱ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণা। আজিৰ এই ঘটনাই দুখ দিছে

বিনেশ ফগাটক অযোগ্য ঘোষণা: পেৰিছলৈ ফোন কৰি কি কলে মোদীয়ে...

বিনেশ- মোদী

Updated On: 

07 Aug 2024 13:37 PM

ওজন বেছি থকা বাবে পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ’ল ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাট। প্ৰয়োজনতকৈ ওজন বেছি থকা বাবেই ৫০ কেজি শাখাৰ ফাইনেলত খেলিব নোৱাৰিলে বিনেশ ফ’গাটে। এই খবৰ পোহৰলৈ অহাৰ পাছতেই দেশৰ ক্ৰীড়া প্ৰেমীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাধাৰণ জনতাৰ পৰা সংসদলৈ এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। লোকসভাত চলি থকা কার্যসূচীৰ সময়ত বিনেশ ফ’গাটৰ অযোগ্য ঘোষণাৰ খবৰ ওলোৱাৰ লগে লগে বিৰোধী সাংসদসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

বিনেশ অযোগ্য ঘোষণা হোৱাৰ পাছতে সক্ৰিয় হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিনেশ ফ’গাটক প্ৰশংসা কৰাৰ লগতে পেৰিছলৈও ফোন কৰে মোদীয়ে। মোদীয়ে তেওঁক কৈছে যে বিনেশ তুমি চেম্পিয়ন। তুমি দেশৰ গৌৰৱ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণা।

সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে আই অ’ এৰ সভাপতি পি টি উষাৰ সৈতে কথা পাতি এই বিষয়ত ভাৰতৰ হাতত থকা বিকল্পসমূহৰ বিষয়ে তথ্য বিচাৰে। তেওঁ বিনেশৰ ক্ষেত্ৰত সহায়ৰ বাবে সকলো চেষ্টা কৰিবলৈ কয়। লগতে পিটি উষাক বিনেশৰ অযোগ্যতা সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ কৰিবলৈ কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে বিনেশ ফ’গাটৰ প্ৰশংসা কৰি এক পোষ্ট কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ লিখে, “বিনেশ, তুমি চেম্পিয়নৰ মাজত চেম্পিয়ন। তুমি ভাৰতৰ গৌৰৱ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণা। আজিৰ এই ঘটনাই দুখ দিছে। মই যি হতাশা অনুভৱ কৰি আছো সেয়া শব্দৰে ব্যক্ত কৰিব পৰা নাই। সদায় তুমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সাহসেৰে থিয় দিছা। শক্তিশালী হৈ উভতি আহক। আমি সকলোৱে তোমাৰ পক্ষত আছো”।

খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...