দোষী সাব্যস্ত হ’লে নিষিদ্ধ হ’ব নেকি বৈভৱ সূৰ্যবংশী? খেলুৱৈগৰাকীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ…

বৰ্তমান চৰ্চাত থকা এটি নাম বৈভৱ সূৰ্যবংশী। ১৪ বছৰীয়া এই কিশোৰজনে আই পি এলত ৩৫ টা বলত শতক অৰ্জন কৰি ক্ৰিকেট অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পিছে বৈভৱৰ বিৰুদ্ধে এতিয়া বহু অভিযোগ উত্তাপন হৈছে।

দোষী সাব্যস্ত হলে নিষিদ্ধ হব নেকি বৈভৱ সূৰ্যবংশী? খেলুৱৈগৰাকীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ...

বৈভৱ সূৰ্যবংশী

Published: 

01 May 2025 16:38 PM

বৰ্তমান সামাজিক মাধ্যমত চৰ্চাত থকা এটি নাম বৈভৱ সূৰ্যবংশী। মাত্ৰ ১৪ বছৰত বয়সতে IPL 2025 ত দুৰ্দান্ত প্ৰদৰ্শন কৰি বৈভৱে ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কিশোৰ অৱস্থাতে বৈভৱে যি কৃতিত্ব অৰ্জন কৰিলে সেয়া বহু মহান লোকেও হয়তো কৰিব নোৱাৰে। কম বয়সতে বাওঁহাতৰ বেটছমেনে আই পি এলত মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰিছিল। যাৰ পাছত বৈভৱে সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

বৈভৱৰ এই সফলতাৰ বাবে বহুতে তেওঁক প্ৰশংসা কৰিছে যদিও একাংশই কৰিছে সন্দেহ। বৈভৱক লৈ প্ৰশ্ন উত্থাপন কৰাসকলৰ ভিতৰত আছে কিংবদন্তি তথা দেশৰ হৈ অলপিম্পিকত ব্ৰঞ্জৰ পদৰ অৰ্জন কৰা বক্সাৰ বিজেন্দৰ সিং। খেলুৱৈগৰাকীয়ে কয় যে বৈভৱে নিজৰ বয়স সন্দৰ্ভত মিছা কথা কৈছে।

 

 

বৈভৱ সূৰ্যবংশীয়ে শতক অৰ্জন কৰাৰ পাছত সামাজিক মাধ্যমত বিজেন্দৰ সিঙে লিখে যে, “আজিকালি মানুহে বয়স কমাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছে”। খেলুৱৈগৰাকীৰ এই টুইট বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে একাংশই বিজেন্দৰ সিঙক গালিও দিছে। বৈভৱৰ অনুৰাগীয়ে কৈছে তেওঁৰ বয়স নহয়, প্ৰতিভা চাই কথা কোৱা উচিত।

অভিযোগ

কিন্তু প্ৰশ্ন হয়, কিয় বৈভৱ সূৰ্যবংশীৰ বিৰুদ্ধে বয়সৰ জালিয়াতি কৰা বুলি অভিযোগ উত্থাপন হৈছে? অৱশ্যে ইয়াৰ আছে এক কাৰণ। কিয়নো বৈভৱৰ বয়স ১৪ বছৰত যদিও শাৰীৰিক গঠনৰ পৰা তেওঁক ডাঙৰ যেন লাগে। বৈভৱৰ ভাল উচ্চতাও আছে। লগতে তেওঁৰ শ্বটবোৰো আচৰিত ধৰণৰ। তেওঁ ৯০-৯০ মিটাৰ দীঘল ছয় মাৰিছে যিটো কোনো ১৪ বছৰীয়া ল’ৰা-ছোৱালীৰ বাবে প্ৰায় অসম্ভৱ বুলি কয় একাংশই। অৱশ্যে বিচিচিআইৰ বয়স গোটৰ ক্ৰিকেট (Age group cricket)ত বয়স সম্পৰ্কীয় গোচৰত বৈভৱ সূৰ্য্যবংশী কেতিয়াও ব্যৰ্থ হোৱা নাছিল।

শাস্তি

উল্লেখ্য যে, যদি কোনো ভাৰতীয় ক্ৰিকেটাৰ বয়সৰ জালিয়াতি কৰে তেন্তে তেওঁৰ বিৰুদ্ধে বি চি চি আই (BCCI)য়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। আনকি সেই খেলুৱৈজনক নিষিদ্ধ কৰিব পাৰে। বয়সৰ জালিয়াতি কৰা ক্ৰিকেটাৰে দুবছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হয়। এই সময়চোৱাত খেলুৱৈগৰাকীয়ে বি চি চি আইৰ সৈতে জড়িত কোনো প্ৰতিযোগিতা বা লীগত অংশ গ্ৰহণ কৰিব নোৱাৰে। বয়সৰ জালিয়াতি সন্দৰ্ভত পূৰ্বে বিচিচিআইয়ে অংকিত বাউনে, নীতিশ ৰাণা, ৰসিক চালাম, মনজোত কলৰা, ৰাজকুমাৰ ৰাম নিৱাস যাদৱক দোষী সাব্যস্ত কৰিছিল।

পুৱা খাওক গাখীৰত তিয়াই থোৱা কিচমিচ, স্বাস্থ্যৰ ওপৰত পৰিব এনে সুপ্ৰভাৱ…
কি কথাত বিতুষ্ট চেন্নাইৰ অনুৰাগী! নায়কৰ দৰে খেলিও খলনায়কৰ দৰে ব্যৱহাৰ পালে নেকি কুৰাণে?
জিভাত বগা তৰপ পৰিছে নেকি? তেন্তে এই সহজ উপায়ৰ দ্বাৰা কৰক আঁতৰ...
অনবৰতে মন বেয়া লাগি থাকে নেকি? জানক ডিপ্ৰেছনৰ লক্ষণসমূহ...