ভাৰত-পাক মেচৰ জৰিয়তে সন্ত্ৰাসবাদৰ ফাণ্ডিং! BCCIৰ বিৰুদ্ধে ক্ষোভ উজাৰি গুৰুতৰ অভিযোগ পহলগাম কাণ্ডৰ পীড়িতাৰ
পহলগাম কাণ্ডৰ ৬ মাহো সম্পূৰ্ণ নোহোৱাৰ পিছতো তথা অপাৰেচন সেন্দূৰৰ পিছতো এই মেচখন আয়োজন কৰাত বিচিচিআইয়ে কোনো লজ্জা অনুভৱ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে জগদলেই। তেওঁ লগতে কয়, “মই ভাবোঁ মানুহৰ হত্যা হোৱাক লৈ এই লোকসকলৰ কোনো গুৰুত্ব নাই। এই মানুহবোৰে এই দিশ প্ৰতি কোনো গুৰুত্ব নিদিয়ে।”

ভাৰত-পাক মেচৰ বিৰোধিতা পহলগাম আক্ৰমণৰ পীড়িত পৰিয়ালৰ
এছিয়া কাপ ২০২৫ৰ আজিৰ মেচত ডুবাইত মুখামুখি হ’ব এছিয়ান ক্ৰিকেটৰ দুই শক্তি ভাৰত আৰু পাকিস্তান। এই মেচখনক কেন্দ্ৰ কৰি শেহতীয়া সময়ছোৱাত দেখা গৈছে বহু জল্পনা-কল্পনা তথা বিতৰ্ক। আজি মেচৰ প্ৰাকক্ষণতো ভাৰত-পাক মেচক কেন্দ্ৰ কৰি অনুৰাগীসকলে ক্ষোভ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দেখা গৈছে বয়কট ট্ৰেণ্ডিং। এনে প্ৰতিবাদ তথা বিৰোধিতাৰ পিছতো অৱশ্যে ক্ৰীড়া মন্ত্ৰালয়ৰ সেউজ সংকেত অনুসাৰে আজি পাকিস্তানৰ বিপক্ষে খেলিব ভাৰতে।
ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ লগতে সমগ্ৰ দেশবাসীয়ে আজিৰ এই মেচখনৰ বিৰোধিতা কৰাৰ মূলতে আছে জম্মু-কাশ্মীৰৰ পহলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ। পাকিস্তানী মূলৰ সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত এই ভয়াৱহ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ২৬ গৰাকী নিৰীহ লোকে। ইয়াৰ পিছতে দু্যোদেশৰ মাজত যুদ্ধৰ পৰিস্থিতিয়ো দেখা গৈছিল।
পহলগামৰ এই নৰসংহাৰৰ ঘটনা এতিয়াও পাহৰিব পৰা নাই দেশে আৰু তাৰ বাবেই এছিয়া কাপত পাকিস্তানৰ বাবে মেচ বৰ্জন কৰাৰ দাবী তুলিছিল সকলোৱে। কিন্তু ইয়াৰ পিছতো আজি পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ সাজু হৈছে ভাৰতীয় দল। এনে কাৰ্যত দেশবাসীৰ লগতে ক্ষোভিত হৈ পৰিছে পহলগাম কাণ্ডৰ পীড়িত পৰিয়াল। ভাৰত-পাক মেচৰ বিৰোধিতাৰে স্পষ্ট ভাষাত ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে।
সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা সন্তোষ জগদলেৰ কন্যা আছাৱৰী জগদলেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজিৰ এই মেচখন হ’ব নালাগিছিল বুলি মন্তব্য কৰিছে। মেচ বাতিলৰ বাবে এতিয়াও কিছু সময় আছে বুলি উল্লেখ কৰে যদিও তেওঁ লগতে বিচিচিআইয়ে এনে দিশত যে আগবাঢ়িব, সেই ভাৱ মনলৈ অহা নাই বুলি মন্তব্য কৰে আছাৱৰী জগদলেই।
তেওঁ লগতে এনে কাৰ্যক অত্যন্ত লজ্জাজনক আখ্যা দিয়ে। পহলগাম কাণ্ডৰ ৬ মাহো সম্পূৰ্ণ নোহোৱাৰ পিছতো তথা অপাৰেচন সেন্দূৰৰ পিছতো এই মেচখন আয়োজন কৰাত বিচিচিআইয়ে কোনো লজ্জা অনুভৱ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে জগদলেই। তেওঁ লগতে কয়, “মই ভাবোঁ মানুহৰ হত্যা হোৱাক লৈ এই লোকসকলৰ কোনো গুৰুত্ব নাই। এই মানুহবোৰে এই দিশ প্ৰতি কোনো গুৰুত্ব নিদিয়ে।”
“কালি ক’ৰবাত পঢ়িলো যে আপুনি যিমান টকা পায়, সেইখিনিয়েই আপোনাৰ দেশপ্ৰেম নিৰ্ধাৰণ কৰে। এয়া সঁচা নেকি? আপোনজনক হেৰুৱাই পেলোৱা সকলৰ প্ৰতি আপোনাৰ কোনো অনুভৱ নাই নেকি? আপোনাৰ পৰিয়ালৰ কোনো এজনকো সন্ত্ৰাসবাদীয়ে হত্যা কৰা নাই, সেইবাবেই এই আক্ৰমণত নিহত হোৱা লোকসকলৰ প্ৰতি আপোনাৰ দুখ অনুভৱ নহয়।”- এনে মন্তব্য কৰে আছাৱৰী জগদলেই।
তেওঁ লগতে সকলো লোকৰে ভাৰত-পাকিস্তানৰ এই মেচখন নাচাবলৈ আহ্বান জনায়। ইফালে এই মেচখনত অংশ লৈ পৰোক্ষভাৱে সন্ত্ৰাসবাদৰ বাবে ধন আগবঢ়োৱা যেন অনুভৱ হোৱা বুলি জগদলেই লগতে মন্তব্য কৰে। এনে অৱস্থাত এনে মেচ বন্ধ কৰিব লাগে আৰু সন্ত্ৰাসবাদী দেশৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নালাগে বুলি তেওঁ লগতে আহ্বান জনায়।
ইফালে মেচখনত অংশ ল’বলগা ভাৰতীয় খেলুৱৈসকলকো তেওঁ সমালোচনা কৰে। একাংশ ক্ৰিকেটাৰে পাকিস্তানৰ বিৰুদ্ধে মেচখন খেলিব নিবিচাৰে বুলি তেওঁ মন্তব্য কৰে। কিন্তু যিসকল খেলুৱৈ মেচখন খেলিবলৈ ইচ্ছুক, তেওঁলোকলৈ এক প্ৰশ্ন উত্থাপন কৰে জগদলেই। দেশক প্ৰতিনিধিত্ব কৰাৰ বাবে খেলুৱৈসকলক নায়ক হিচাপে গণ্য কৰা হয় বুলি তেওঁ উল্লেখ কৰে।
কিন্তু এই মেচখন খেলিবলৈ ইচ্ছুক খেলুৱৈসকলে নিজকে সঁচাকৈয়ে এজন নায়ক হিচাপে জ্ঞান কৰেনে বুলি তেওঁ প্ৰশ্ন কৰে। “আপুনি সেই দেশৰ মানুহৰ বিৰুদ্ধে খেলিছে, যাৰ হাত তেজেৰে ৰঙা হৈ আছে। এবাৰ ভাবি চাওকচোন। যদি আপুনি এই সকলোবোৰ টকাৰ বাবে কৰি আছে, তেতিয়াহ’লে এনে নকৰিব। এনে কাৰ্যই আমাৰ অনুভৱত আঘাত দিছে।”- এনে মন্তব্য কৰে আছাৱৰী জগদলেই।