দুবাৰকৈ বিশ্বকাপ জয়ী ভাৰতীয় ক্ৰিকেটাৰে ঘোষণা কৰিলে অৱসৰ, মাত্ৰ ১৭ বছৰ বয়সতে দেখুৱাইছিল এনে চমক
আজি ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে দুবাৰকৈ বিশ্বকাপ জয় কৰা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে। নিজৰ স্পীন ঘূৰ্ণীৰে এসময়ত ভাৰতীয় দলৰ নিৰ্ভৰ যোগ্য সদস্যত পৰিণত হোৱা পিয়ুষ চাওলাই আজি সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট যোগে অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰিছে পিয়ুষ চাওলাই।

বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেটাৰৰ অৱসৰ
ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত সম্প্ৰতি আগন্তুক ইংলেণ্ড বনাম ভাৰতৰ টেষ্ট শৃংখলাৰ চৰ্চা। ইতিমধ্যে এই শৃংখলাটোৰ বাবে ভাৰতীয় দল ৰাওনা হৈছে ইংলেণ্ডলৈ। আগন্তুক এই শৃংখলাটোক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত চৰ্চা চলি থকাৰ সময়তে এগৰাকী তাৰকা ক্ৰিকেটাৰৰ অৱসৰৰ খবৰে সকলোকে আৱেগিক কৰি তুলিছে। শেহতীয়া কিছুদিনত ইগৰাকীৰ পিছত সিগৰাকীকৈ তাৰকাৰ অৱসৰে জোকাৰিছে ভাৰতীয় ক্ৰিকেট। প্ৰথমে ৰবিচন্দ্ৰন অশ্বিনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ আৰু তাৰ পিছতে অগা-পিছাকৈ ৰোহিত শৰ্মা, বিৰাট কোহলীৰ টেষ্ট অৱসৰে সকলোকে হচকিত কৰি তোলে।
এইকেইগৰাকী তাৰকাৰ পিছত আজি ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে দুবাৰকৈ বিশ্বকাপ জয় কৰা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে। নিজৰ স্পীন ঘূৰ্ণীৰে এসময়ত ভাৰতীয় দলৰ নিৰ্ভৰ যোগ্য সদস্যত পৰিণত হোৱা পিয়ুষ চাওলাই আজি সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট যোগে অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰিছে পিয়ুষ চাওলাই।
এক পোষ্ট যোগে চাওলাই কয় যে তেওঁ ক্ৰিকেটৰ সকলো ফৰ্মেট আৰু সকলো স্তৰৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। পোষ্টটোত চাওলাই লিখিছে, “দুটা দশক খেলপথাৰত কটোৱাৰ পিছত এই সুন্দৰ খেলবিধক বিদায় দিয়াৰ সময় আহি পৰিছে।” উল্লেখ্য যে নিজৰ কেৰিয়াৰত অধিক সংখ্যক মেচ খেলাৰ সুযোগ লাভ নকৰিলেও পিয়ুষ চাওলাই ভাৰতৰ হৈ দুটাকৈ বিশ্বকাপ খিতাপ জয়ৰ কৃতিত্ব অৰ্জন কৰিছিল।
২০০৭ চনত অনুষ্ঠিত হোৱা উদ্বোধনী বৰ্ষৰ টি-২০ খিতাপ জয় কৰিছিল ভাৰতীয় দলে। মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন এই ভাৰতীয় দলৰ সদস্য আছিল চাওলা। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। অৱশ্যে প্ৰতিযোগিতাত তেওঁ এখনো মেচ খেলাৰ সুযোগ নাপালে আৰু টি-২০ত অভিষেক ঘটোৱাৰ বাবে ২০১০ চনলৈ অপেক্ষা কৰিবলগীয়া হয়। ইয়াৰ উপৰিও চাওলা ২০১১ চনত এদিনীয়া বিশ্বকাপ জয়ী ভাৰতীয় দলৰো সদস্য আছিল।
এই এদিনীয়া বিশ্বকাপতো চাওলাই বিশেষ সুযোগ পোৱা নাছিল। মাত্ৰ ৩খন মেচ খেলি তেওঁ ৪টা উইকেট দখল কৰিছিল। এই দুয়োটা বিশ্বকাপ জয়কে নিজ কেৰিয়াৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষণ বুলি অভিহিত কৰি চাওলাই এই জয় তেওঁৰ হৃদয়ত চিৰদিনৰ বাবে থাকিব বুলি মন্তব্য কৰিছে। পীয়ুষ চাওলাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ বৰ বেছি দীঘলীয়া নাছিল যদিও আই পি এলত বহু সময় কটায় আৰু প্ৰথম ছিজনৰ পৰাই এই লীগৰ অংশ আছিল।
বিগত ২০২৪ চনৰ আই পি এলত অন্তিমবাৰৰ বাবে অংশ লোৱা চাওলাই বৰ্তমানৰ পঞ্জাৱ কিংছ তথা সেই সময়ৰ কিংছ ১১ পঞ্জাৱৰ সৈতে প্ৰতিযোগিতাখনৰ যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছ, চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছকো প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাত তেওঁ ২০১৪ চনত কলকাতাক চেম্পিয়ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চাওলা আই পি এলৰ অন্যতম সফল বলাৰ হিচাপে পৰিগণিত হৈছে।
প্ৰতিযোগিতাৰ ১৯২ খন মেচত অংশ লৈ ১৯২ টা উইকেট দখল কৰিছিল লেগ স্পিনাৰগৰাকীয়ে। লক্ষণীয়ভাৱে পীয়ুষ চাওলাই মাত্ৰ ১৫ বছৰ বয়সতে ভাৰতীয় দলক ১৯ অনুৰ্ধ বিশ্বকাপত প্ৰতিনিধিত্ব কৰিছিল। মাত্ৰ ১৭ বছৰ বয়সতে তেওঁ চেলেঞ্জাৰ ট্ৰফীত ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰক ব’ল্ড কৰি ব্যাপক চৰ্চা লাভ কৰিছিল। নিজ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত চাওলাই মুঠ ৩৫খন মেচত ৪৩টা উইকেট দখল কৰিছিল।