7 June 2025
TV9 ASSAM
Photo Credits: Getty Images
আধুনিক জীৱনত বহু লোক কম বেছি পৰিমাণে ফেটি লিভাৰত আক্ৰান্ত হয়। এই সমস্যা কেতিয়াও আওকাণ কৰিব নালাগে ।
যদি অতিৰিক্ত চৰ্বি যকৃতত জমা হ’বলৈ আৰম্ভ কৰে তেন্তে ইয়াৰ ফলত চিৰ’ছিছ, ফাইব্ৰ’ছিছ, আনকি যকৃত বিকল হৈ পৰিব পাৰে।
কিন্তু স্বাস্থ্যসন্মত জীৱন যাপন কৰিলে ফেটি লিভাৰ প্ৰতিৰোধ কৰিব পাৰি। তাৰ বাবে দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিব লাগিব ।
ফেটি লিভাৰৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমে শৰীৰৰ অতিৰিক্ত ওজন কমাব লাগে। ইয়াৰ বাবে এখন ৰুটিন প্ৰস্তুত কৰক ।
অত্যধিক মদ্যপানৰ ফলত ফেটি লিভাৰ হ’ব পাৰে। গতিকে ফেটি লিভাৰ চিনাক্ত হোৱাৰ লগে লগে মদ্যপান বন্ধ কৰিব লাগে।
অধ্যয়নত দেখা গৈছে যে, নিয়মিত কফি সেৱনে ফেটি লিভাৰ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। কফিয়ে লিভাৰ ফাইব্ৰ’ছিছৰ পৰাও সুৰক্ষা দিয়ে।
নিয়মিত ব্যায়ামে আপোনাৰ যকৃত সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। কাৰণ ব্যায়ামে আপোনাৰ শৰীৰৰ পৰা চৰ্বি জ্বলোৱাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক