SRH vs PBKS Live Score, IPL 2025: হায়দৰাবাদত ৰানৰ উজানঃ আগ্ৰাসী ৰূপলৈ উভতিল ‘নিজাম’ বাহিনী, বৃহৎ লক্ষ্য দিও পৰাস্ত পঞ্জাৱ

Sunrisers Hyderabad vs Punjab Kings Live Score in Assamese: অৱশেষত ধাৰাবাহিক ব্যৰ্থতাৰ অৱসান ঘটালে ছানৰাইজাৰ্ছ হায়দৰাবাদে। পৰিচিত আক্ৰমণাত্মক শৈলীৰে আজি হায়দৰাবাদে বলাৰৰ ওপৰত নিৰ্দয় প্ৰহাৰেৰে পঞ্জাৱে বান্ধি দিয়া ২৪৬ ৰানৰ বৃহৎ লক্ষ্য সহজেই অনুসৰণ কৰে।

SRH vs PBKS Live Score, IPL 2025: হায়দৰাবাদত ৰানৰ উজানঃ আগ্ৰাসী ৰূপলৈ উভতিল ‘নিজাম’ বাহিনী, বৃহৎ লক্ষ্য দিও পৰাস্ত পঞ্জাৱ

আজি হায়দৰাবাদৰ সমুখত পঞ্জাৱ

Updated On: 

12 Apr 2025 | 11:29 PM

আই পি এলৰ আজি দিনটোৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাৱ কিংছ। ছানৰাইজাৰ্ছৰ ঘৰুৱা খেলপথাৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। এনে পৰিস্থিতিত আজি ঘৰৰ মাটিত নিজৰ ব্যৰ্থতা দূৰ কৰাৰ আন এক সুযোগ লাভ কৰিছে বিগত বৰ্ষৰ ৰাণাৰ্ছ আপ দলটোৱে। ছিজনৰ প্ৰথমখন মেচতে পৰিচিত আগ্ৰাসী শৈলীৰে এক সহজ জয়েৰে আৰম্ভণি ঘটায়ো ছন্দ হেৰুৱাইছে হায়দৰাবাদে আৰু চাৰিখন মেচত ক্ৰমাগত জয়েৰে পইণ্ট তালিকাৰ অন্তিম স্থানত অৱস্থান কৰিছে। আনহাতে শ্ৰেয়স আয়াৰৰ নেতৃত্বত এইবাৰ শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছে পঞ্জাৱ কিংছে। চাৰিখন মেচৰ তিনিখনতে জয়লাভ কৰি দলটো সম্প্ৰতি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 12 Apr 2025 11:25 PM (IST)

    ব্যৰ্থতাৰ অৱসান হায়দৰাবাদৰ

    চাৰিখনকৈ মেচত ধাৰাবাহিকভাৱে পৰাস্ত হোৱাৰ পিছত অৱশেষত জয়ৰ সোৱাদ পালে ছানৰাইজাৰ্ছ হায়দৰাবাদে। সমান্তৰালকৈ উভতাই পালে পৰিচিত আগ্ৰাসী ৰূপ। হাই স্ক’ৰিং মেচখনত পঞ্জাৱে বান্ধি দিয়া ২৪৫ ৰানৰ বৃহৎ লক্ষ্য মাত্ৰ ১৮.৩ অভাৰতে অতিক্ৰম কৰি হায়দৰাবাদে ৮ উইকেটত জয়লাভ কৰে। আই পি এলৰ ইতিহাসত এয়া হৈছে দ্বিতীয় বৃহৎ সফল লক্ষ্য অনুসৰণ।

  • 12 Apr 2025 11:16 PM (IST)

    ১৪১ ৰানৰ ইনিংছ খেলি পেভিলিয়নমুখী অভিষেক

    হায়দৰাবাদৰ অপেনাৰ অভিষেক শৰ্মাই এক বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে দলৰ লগতে ক্ৰিকেটপ্ৰেমীক । ৫৫ টা বলত ১৪১ ৰান ইনিংছ খেলি আউট হয় অভিষেক । ১৪ টা চাৰি আৰু ১০ টা ছয় কোবাই অভিষেকে । অৰ্শদ্বীপ সিঙৰ বলত কেচ আউট হয় অপেনাৰগৰাকী ।


  • 12 Apr 2025 11:00 PM (IST)

    ১ উইকেটৰ বিনিময়ত ২০০ ৰান সংগ্ৰহ হায়দৰাবাদৰ

    পঞ্জাবৰ ২৪৫ ৰাণৰ বিপৰীতে তীব্ৰ গতিত লক্ষ্যভেদৰ দিশে আগবাঢ়িছে হায়দৰাবাদ । ১৫ অভাৰত ২০০ ৰাণ অতিক্ৰম দলটোৰ । অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত জয়ৰ দিশে হায়দৰাবাদ । জয়ৰ বাবে ২৮ টা বলত ৩৫ ৰাণৰ প্ৰয়োজন দলটোক ।

  • 12 Apr 2025 10:47 PM (IST)

    অভিষেক শৰ্মাৰ শতক

    হায়দৰাবাদৰ অপেনাৰ তথা যুৱ ক্ৰিকেটাৰ অভিষেক শৰ্মাই পঞ্জাৱৰ বিৰুদ্ধে শতক অৰ্জন কৰিছে । ৪০ টা বলত ১১ টা চাৰি আৰু ৬ টা ছয় কোবাই শতক অৰ্জন কৰে অভিষেক শৰ্মাই ।

  • 12 Apr 2025 10:44 PM (IST)

    হায়দৰাবাদৰ প্ৰথমটো উইকেটৰ পতন

    ১৭১ ৰাণত প্ৰথমটো উইকেট হেৰুৱাইছে হায়দৰাবাদে । ৩৭ টা বলত ৬৬ ৰাণ কৰি আউট হয় ট্ৰেভিছ হেড । চাহালৰ বলত মেক্সৱেলৰ হাতত কেচ আউট হয় হেড ।

  • 12 Apr 2025 10:37 PM (IST)

    ট্ৰেভিছ হেডৰ অৰ্ধশতক

    হায়দৰাবাদৰ দুই অপেনাৰে সংগ্ৰহ কৰিছে অৰ্ধ শতক । অভিষেক শৰ্মাৰ পাচত ট্ৰেভিছ হেডেও সংগ্ৰহ কৰিছে অৰ্ধশতক । ৩৩ টা বলত ৫৮ ৰাণ সংগ্ৰহ হেডৰ । ৯ টা চাৰি আৰু ২ টা ছিক্সাৰ কোবাইছে হেডে । ১১ অভাৰত ১৫৪ ৰাণ হায়দৰাবাদৰ ।

  • 12 Apr 2025 10:27 PM (IST)

    কোনো উইকেট নেহেৰুৱাকৈ ১০০ পাৰ হায়দৰাবাদৰ

    পঞ্জাবে ২৪৫ ৰাণৰ টাৰ্গেট বান্ধি দিয়াৰ পৰিপ্ৰেক্ষিতত আক্ৰমণাত্মক বেটিং দেখা গৈছে হায়দৰাবাদৰ । ৮ অভাৰতে ১০০ ৰাণ পাৰ কৰিলে দলটোৱে । দুই অপেনাৰ হেড আৰু শৰ্মাৰ আক্ৰমণত দিশহাৰা হৈ পৰিছে পঞ্জাবৰ বলাৰ ।

  • 12 Apr 2025 10:12 PM (IST)

    অভিষেক শৰ্মাৰ অৰ্ধশতক

    হায়দৰাবাদৰ অপেনাৰ অভিষেক শৰ্মাৰ অৰ্ধশতক অৰ্জন । ১৯ টা বলত ৩ টা ছিক্সাৰ আৰু ৭ টা চাৰি কোবাই অৰ্ধশতক অৰ্জন কৰে অভিষেকে । দুবাৰ কৈ জীৱনদান লাভ কৰিছে যুৱ বেটাৰগৰাকীয়ে ।

  • 12 Apr 2025 09:59 PM (IST)

    ৪ অভাৰত ৬০ ৰাণ সংগ্ৰহ হায়দৰাবাদৰ

    ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৫ ৰাণ ৰেটত চাৰি অভাৰত ৬০ ৰাণ সংগ্ৰহ কৰিছে । ট্ৰেভিছ হেডে ২২ ৰাণ আৰু অভিষেক শৰ্মাই ৩৫ ৰাণ কৰি খেলি আছে ।

  • 12 Apr 2025 09:55 PM (IST)

    সুযোগ হেৰুৱালে যশ ঠাকুৰে

    পঞ্জাৱৰ হৈ চতুৰ্থ অভাৰ ডেলিভাৰী কৰা যশ ঠাকুৰৰ চতুৰ্থটো বলত অভিষেক শৰ্মা কেচ আউট হয় যদিও আম্পায়াৰে ন’ বল ঘোষণা কৰাত সুযোগ হেৰুৱায় যশে ।

  • 12 Apr 2025 09:46 PM (IST)

    মাৰ্কোৰ জানচেনৰ অভাৰত ১৯ ৰাণ সংগ্ৰহ

    পঞ্জাবৰ দ্বিতীয়টো অভাৰ কৰে মাৰ্কো জানচেনে । অভিষেক শৰ্মাৰ ৪ টাকৈ বাউণ্ডেৰীসহ মুঠ ১৯ ৰাণ সংগ্ৰহ হায়দৰাবাদৰ । মুঠ স্ক’ৰ ২৮ ৰাণ ।

  • 12 Apr 2025 09:40 PM (IST)

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰথম অভাৰত ৮ ৰাণ সংগ্ৰহ

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ক্ৰীজত নামিছে ট্ৰেভিছ হেড  আৰু অভিষেক শৰ্মা । অৰ্শদ্বীপ সিঙৰ অভাৰত দুটা চাৰি কোবাই হেডে । প্ৰথম অভাৰত ৮ ৰাণ সংগ্ৰহ ।

  • 12 Apr 2025 09:36 PM (IST)

    হায়দৰাবাদক জয়ৰ বাবে ২৪৬ ৰাণৰ লক্ষ্য দিলে পঞ্জাবে

    শ্ৰেয়াছ আয়াৰৰ বিষ্ফোৰক অৰ্ধশতকৰ লগতে মাৰ্কাচ ষ্টইনিছেও ১১ টা বলত ৩৪ ৰাণৰ বিধ্বংসী ইনিংছ খেলে । পঞ্জাবে প্ৰথমে বেটিং কৰি ২৪৬ ৰাণৰ লক্ষ্য বান্ধি দিয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদক ।

  • 12 Apr 2025 09:11 PM (IST)

    মেক্সৱেলৰ পিছতে আয়াৰৰো বিদায়

    মাত্ৰ তিনিটা বলৰ ভিতৰতে দুই উইকেট দখলেৰে পঞ্জাৱৰ ইনিংছত গতি হ্ৰাস কৰিছে হৰ্ষল পেটেলে। অভাৰৰ প্ৰথমটো বলতে মেক্সৱেলক বিদায় দিয়াৰ পিছত তৃতীয় বলত আয়াৰক পেভিলিয়নলৈ উভতাই পঠায় হৰ্ষলে। মেক্সৱেল ব্যৰ্থ হ’লেও অধিনায়কোচিত বেটিঙেৰে আয়াৰে মাত্ৰ ৩৬টা বলত ৬টাকৈ চাৰি আৰু ছয়েৰে ৮২ ৰানৰ দুৰন্ত ইনিংছ খেলে।

  • 12 Apr 2025 09:05 PM (IST)

    ২০০ পাৰ হ’ল স্ক’ৰ

    এক বৃহৎ স্ক’ৰৰ দিশে আগবাঢ়িছে পঞ্জাৱ কিংছ। মাত্ৰ ১৬.৫ অভাৰতে দলৰ স্ক’ৰ ২০০ৰ পাৰ হৈছে। বিস্ফোৰক বেটিঙেৰে শতকৰ কাষ চাপিছে অধিনায়ক শ্ৰেয়স আয়াৰ।

  • 12 Apr 2025 08:53 PM (IST)

    শশাংকও উভতিল পেভিলিয়নলৈ

    প্ৰাৰম্ভিক বিপৰ্যয় নেওচি উইকেট দখলেৰে প্ৰত্যাৱৰ্তন ঘটাইছে হায়দৰাবাদে। এইবাৰ হৰ্ষল পেটেলে দখল কৰিছে শশাংক সিঙৰ উইকেট। শশাংকৰ বেটৰ পৰা আহে মাত্ৰ ২ ৰান।

  • 12 Apr 2025 08:44 PM (IST)

    উজলিছে মালিংগা

    আই পি এলত উজলিছে আন এগৰাকী মালিংগা। আজি আই পি এলত অভিষেক ঘটায়েই এইগৰাকী নতুন মালিংগা ঈশানে দুই উইকেট দখল কৰিছে। এইবাৰ ঈষানৰ চিকাৰ হৈছে ২৭ ৰান সংগ্ৰহ কৰি বেটিং কৰি থকা নেহাল ৱাধেৰা।

  • 12 Apr 2025 08:39 PM (IST)

    আয়াৰৰ অৰ্ধশতক

    বিস্ফোৰক বেটিং অব্যাহত ৰাখিছে অধিনায়ক শ্ৰেয়স আয়াৰে। ছয়-চাৰিৰ ফুলজাৰিৰে আয়াৰে মাত্ৰ ২২টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰিছে। এইপৰ্যন্ত তেওঁৰ বেটৰ পৰা আহিছে ২টা চাৰি আৰু ৫টা ছয়।

  • 12 Apr 2025 08:15 PM (IST)

    প্ৰথম অভাৰতে মালিংগাৰ সফলতা

    আই পি এলত অভিষেক ঘটাই প্ৰথম অভাৰতে সাফল্য লাভ কৰিছে ঈশান মালিংগাই। নিজৰ পঞ্চমটো বলতে ঈশানে বিদায় দিছে আক্ৰমণাত্মক শৈলীৰে বেটিং কৰা প্ৰভচিমৰণ সিঙক। প্ৰভচিমৰণে মাত্ৰ ২৩টা বলত ৭টা চাৰি আৰু এটা ছয়েৰে ৪২ ৰান সংগ্ৰহ কৰে।

  • 12 Apr 2025 08:05 PM (IST)

    পাৱাৰ প্লে’ত সংগ্ৰহ ৮৯ ৰান

    অন্ত পৰিল পঞ্জাৱৰ ইনিংছৰ প্ৰথম পাৱাৰ প্লে’ অৰ্থাৎ ছয় অভাৰৰ। এই ছয় অভাৰত দলটোৱে এটা উইকেট হেৰুৱাই ৮৯ ৰান সংগ্ৰহ কৰিছে।

  • 12 Apr 2025 07:54 PM (IST)

    আক্ৰমণাত্মক আৰম্ভণিৰ পিছত বিদায় প্ৰিয়াঞ্চৰ

    বিস্ফোৰক বেটিঙেৰে দলক এক শক্তিশালী আৰম্ভণি প্ৰদান কৰাৰ পিছত বিদায় লৈছে প্ৰিয়াঞ্চ আৰ্যই। মাত্ৰ ১৩টা বলত দুটা চাৰি আৰু চাৰিটা ছয়েৰে ৩৬ ৰানৰ অৱদান আগবঢ়ায় প্ৰিয়াঞ্চে। তেওঁক বিদায় দি হায়দৰাবাদক প্ৰথমটো সফলতা দিয়ে হৰ্ষল পেটেলে।

  • 12 Apr 2025 07:47 PM (IST)

    পঞ্জাৱৰ দুৰন্ত আৰম্ভণি

    এক বিস্ফোৰক আৰম্ভণি ঘটাইছে পঞ্জাৱ কিংছৰ দুই অপেনাৰ প্ৰিয়াঞ্চ আৰু প্ৰভচিমৰণে। দুয়ো হায়দৰাবাদী আক্ৰমণক বিধ্বস্ত কৰি মাত্ৰ ৩ অভাৰতে দলীয় অৰ্ধশতক পূৰ কৰিছে।

  • 12 Apr 2025 07:15 PM (IST)

    পঞ্জাৱ কিংছৰ মূল একাদশ আৰু ইম্পেক্ট চাব

    পঞ্জাৱৰ মূল একাদশত আজি দেখা যাব প্ৰিয়াঞ্চ আৰ্য, প্ৰভচিমৰণ সিং, শ্ৰেয়স আয়াৰ (অধিনায়ক), মাৰ্কুছ ষ্টইনিছ, নেহাল ৱাধেৰা, গ্লেন মেক্সৱেল, শশাংক সিং, মাৰ্কো জেনচেন, অৰ্শদীপ সিং, লকি ফাৰ্গুচন, যুজবেন্দ্ৰ চাহাল। আনহাতে ইম্পেক্ট চাব হিচাপে থাকিব সুৰ্যশ শ্বেডগে, য়শ ঠাকুৰ, প্ৰবীণ ডুবে, ব্যাশক বিজয়কুমাৰ, হৰপ্ৰীত ব্ৰাৰ।

  • 12 Apr 2025 07:12 PM (IST)

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ আৰু ইম্পেক্ট চাব

    ছানৰাইজাৰ্ছৰ মূল একাদশত আজি দেখা যাব অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিখ ক্লাছেন, অনিকেত বাৰ্মা, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, জিছান আনচাৰী, মহম্মদ ছামি, এছান মালিঙ্গা। আনহাতে দলৰ ইম্পেক্ট চাবৰ তালিকাত আছে অভিনৱ মনোহৰ, শচীন বেবী, ৰাহুল চাহাৰ, উইয়ান মুল্ডাৰ, জয়দেৱ উনাডকাট।

  • 12 Apr 2025 07:08 PM (IST)

    আয়াৰে ল’লে বেটিঙৰ সিদ্ধান্ত

    হায়দৰাবাদৰ ঘৰুৱা মাটিত হ’বলগা মেচখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়স আয়াৰে। শেহতীয়া মেচখনত শতক অৰ্জনকাৰী দলটোৰ অপেনাৰ প্ৰিয়াংশ আৰ্যৰ ওপৰত আজিও সকলোৰে দৃষ্টি থাকিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...