‘নিজামী’ ধুমুহাক আজি ৰুধিব পাৰিব নে পণ্ট বাহিনীয়েঃ চাওক দুয়ো দলৰ সম্ভাৱ্য একাদশ…

Sunrisers Hyderabad vs Lucknow Super Giants Preview: আজি আই পি এলৰ সপ্তমখন মেচত সন্মুখীন হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। দুয়ো দলৰ মাজত এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে অনুৰাগীয়ে। বিশেষকৈ হায়দৰাবাদৰ পৰিচিত বেটিং শৈলীৰ পৰিপ্ৰেক্ষিতত আজি এখন হাইস্ক’ৰিং মেচৰ আশা কৰা হৈছে। চাওঁ আহক দল দুটাৰ সম্ভাৱ্য একাদশ।

‘নিজামী’ ধুমুহাক আজি ৰুধিব পাৰিব নে পণ্ট বাহিনীয়েঃ চাওক দুয়ো দলৰ সম্ভাৱ্য একাদশ...

SRH আৰু LSGৰ সম্ভাৱ্য একাদশ

Published: 

27 Mar 2025 | 04:13 PM

আই পি এল ২০২৫ৰ উন্মাদনাই স্পৰ্শ কৰিছে ক্ৰিকেট অনুৰাগীসকলক। প্ৰিয় তাৰকা তথা ফ্ৰেন্সাইজিৰ সমৰ্থনত যদি এফালে একাংশ অনুৰাগীয়ে ষ্টেডিয়ামৰ গেলাৰীত বহি মেচ উপভোগ কৰিছে, অধিকাংশই আকৌ টেলিভিচন বাব মোবাইলতে উপভোগ কৰিছে আই পি এলৰ এই ৰোমাঞ্চ। আজি প্ৰতিযোগিতাৰ সপ্তমখন মেচত সন্মুখীন হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। দুয়ো দলৰ মাজত এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে অনুৰাগীয়ে। বিশেষকৈ হায়দৰাবাদৰ পৰিচিত বেটিং শৈলীৰ পৰিপ্ৰেক্ষিতত আজি এখন হাইস্ক’ৰিং মেচৰ আশা কৰা হৈছে।

ছিজনত নিজৰ প্ৰথমখন মেচতে ২৮৬ ৰানৰ বৃ্হৎ স্ক’ৰ থিয় কৰি হায়দৰাবাদে ইতিমধ্যেই একপ্ৰকাৰে প্ৰতিটো ফ্ৰেন্সাইজিকে সকীয়নি প্ৰদান কৰিছে। এই মেচখনত হায়দৰাদে ৰাজস্থান ৰয়েলছক সহজে পৰাস্ত কৰি ছিজনৰ আৰম্ভণি ঘটাইছে। আনহাতে লক্ষ্ণৌৱে নিজৰ প্ৰথমখন মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ২০৯ ৰান সংগ্ৰহ কৰিও পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এনে পৰিস্থিতিত লক্ষ্ণৌৰ তুলনাত হায়দৰাবাদৰ মনোবল কিছু শক্তিশালী হৈ থাকিব।

অৱশ্যে পূৰ্বৰ ফলাফলৰ ক্ষেত্ৰত লক্ষ্ণৌ হায়দৰাবাদতকৈ কিছু আগবাঢ়ি আছে। দুয়ো দলৰ মাজত এতিয়ালৈকে ৪খন মেচ অনুষ্ঠিত হৈছে আৰু ইয়াৰ ভিতৰত লক্ষ্ণৌই ৩খন মেচতে জয়লাভ কৰিছে। আনহাতে বিগত ছিজনত হায়দৰাবাদে ১খন মেচত জয়লাভ কৰিছিল। দুয়ো দলৰ মুখামুখিৰ সময়ত হায়দৰাবাদে ১৮২ ৰানৰ সৰ্বাধিক স্ক’ৰ থিয় কৰাৰ বিপৰীতে লক্ষ্ণৌৱে ১৮৫ ৰানৰ সৰ্বোচ্চ স্ক’ৰ কৰিছে।

লক্ষণীয়ভাৱে ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত এতিয়ালৈকে মুঠ ৭৮ খন আই পি এল মেচ অনুষ্ঠিত হৈছে। ইয়াৰে ৩৫খন মেচত প্ৰথমে বেটিং কৰা দলটোৱে জয়লাভ কৰিছে। আনহাতে লক্ষ্য অনুসৰণ কৰা দলটোৱে ৪৩খন মেচত জয়লাভ কৰিছে। ছিজনৰ প্ৰথমখন মেচতে ২৮৬ ৰান সংগ্ৰহ কৰা হায়দৰাবাদে আজি একেখন মেচতে অৱতীৰ্ণ হ’ব। গতিকে ঘৰুৱা এই খেলপথাৰত আজি হায়দৰাবাদে পুনৰ বেটিং বিস্ফোৰণ ঘটোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

দলৰ শক্তিশালী বেটিং লাইন আপ যিকোনো দলৰ বাবেই ভয়াৱহ হৈ উঠিব পাৰে। পূৰ্বৰ মেচখনতে ইয়াৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে দলটোৱে। আজিৰ মেচখনতো দলটো এই মেচখনৰ দৰেই অপৰিৱৰ্তিত একাদশেৰে অঁতীৰ্ণ হৈ উঠিব পাৰি। আনহাতে প্ৰথম মেচত পৰাস্ত হ’লেও আজি লক্ষ্ণৌ চুপাৰ জায়েণ্টছেও নিজৰ মূল একাদশ অপৰিৱৰ্তিত কৰি ৰখাৰ সম্ভাৱনাই অধিক। চাওঁ আহক দল দুটাৰ সম্ভাৱ্য একাদশ-

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সম্ভাৱ্য একাদশ তথা ইম্পেক্ট প্লেয়াৰঃ ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেইনৰিখ ক্লাচেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), ছিমৰজিৎ সিং, হৰ্ষল পেটেল, মহম্মদ ছামি আৰু আদাম জাম্পা।

লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ সম্ভাৱ্য একাদশ তথা ইম্পেক্ট প্লেয়াৰঃ এইডেন মাৰ্ক্ৰাম, মিচেল মাৰ্শ্ব, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), ডেভিদ মিলাৰ, আয়ু্স বাদনি, শ্বাহবাজ আহমেদ, শ্বাৰ্দুল ঠাকুৰ, ৰবি বিষ্ণৈ, দিগবেশ ৰাথী, মণিমৰন সিদ্ধাৰ্থ আৰু আভেশ খান।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব