শ্ৰেয়াছ হ’ব ODI ৰ অধিনায়ক! গিলৰ কান্ধতো পৰিব নতুন দায়িত্ব, ডাঙৰ ঘোষণা কৰাৰ দিশে BCCI…

এছিয়া কাপ ২০২৫ ৰ ভাৰতীয় ক্ৰিকেট দলত স্থান নাপালে শ্ৰেয়াছ আয়াৰে। কিন্তু শ্ৰেয়াছক লৈ BCCI য়ে কৰি আছে ডাঙৰ পৰিকল্পনা। শীঘ্ৰেই শ্ৰেয়াছ আৰু শুভমন গিলে লাভ কৰিব পাৰে গুৰু দায়িত্ব।

শ্ৰেয়াছ হব ODI ৰ অধিনায়ক! গিলৰ কান্ধতো পৰিব নতুন দায়িত্ব, ডাঙৰ ঘোষণা কৰাৰ দিশে BCCI...

শ্ৰেয়াছ আয়াৰ

Published: 

21 Aug 2025 | 12:19 PM

এছিয়া কাপ ২০২৫ ত ভাৰতীয় দলত স্থান লাভ নকৰিলে শ্ৰেয়াৰ আয়াৰে। ইয়াৰ পাছতে এই বিষয়টোৰ ওপৰত ক্ৰিকেট প্ৰেমীৰ মাজত তীব্ৰ চৰ্চা হোৱা দেখা যায়। কিন্তু BCCI য়ে যেন শ্ৰেয়াছৰ বাবে অন্য এক পৰিকল্পনা কৰিছে। এক প্ৰতিবেদন অনুসৰি এদিনীয়া ক্ৰিকেটত (ODI) শ্ৰেয়াছ আয়াৰক টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে নিয়ুক্তি দিব পাৰে। গতিকে আগন্তুক সময়ত এক ডাঙৰ দায়িত্ব কাণ্ডত লৈ টিম ইণ্ডিয়াৰ ৰঙীণ জাৰ্চিলৈ ঘূৰি আহিব পাৰে শ্ৰেয়াছ।

প্ৰতিবেদনত শুভমন গিলৰ বিষয়েও কোৱা হৈছে। টেষ্টত অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পাছত এতিয়া তেওঁ টি-২০ তো অধিনায়কৰ দায়িত্ব লাভ কৰিব পাৰে। অৱশ্যে বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ T-20 ৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱ। কিন্তু তেওঁৰ বয়স ৩৪ বছৰ। এনে অৱস্থাত এতিয়া বিচিচিআইয়ে এজন যুৱ অধিনায়ক বিচাৰি আছে আৰু চকু আছে শুভমনৰ ওপৰত।

কেতিয়ালৈকে  ঘোষণা হ’ব

গতিকে প্ৰশ্ন হয় কেতিয়া BCCI য়ে শ্ৰেয়াছক এই গুৰু দায়িত্ব অৰ্পন কৰিব? বিচিচিআইৰ পৰিকল্পনা কি? কেতিয়ালৈকে এই পৰিকল্পনা কাৰ্যকৰী হ’ব? দৈনিক জাগৰণৰ প্ৰতিবেদন অনুসৰি এই বিষয়ত বি চি চি আইৰ সূত্ৰই কয় যে পৰিস্থিতি অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। এছিয়া কাপৰ পাছতে এখন বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ লগত আলোচনা কৰা হ’ব আৰু তেওঁলোকেই শ্ৰেয়াছৰ ভাগ্য নিৰ্ধাৰণ কৰিব।

প্ৰতিবেদন অনুসৰি, টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰা ৰোহিত আৰু বিৰাটে নিজৰ ভৱিষ্যতৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব। তাৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী কৌশল নিৰ্ধাৰণ কৰা হ’ব। এই ক্ষেত্ৰত এদিনীয়াত শ্ৰেয়াছ আয়াৰ কেপ্টেইন হোৱাতো নিশ্চিত বুলিব পাৰি।

অনুমান কৰা হৈছে যে, ২০২৭ চনৰ বিশ্বকাপৰ পূৰ্বে শ্ৰেয়াছ আয়াৰক ভাৰতীয় দলৰ এদিনীয়া অধিনায়ক হিচাপে নিযুক্তি দিব পাৰে। ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এই কথা নিশ্চিত হোৱাটো সম্ভাৱনা আছে।

এই প্ৰতিবেদনত উল্লেখ কৰিছে যে, বি চি চি আইৰ মতে বৰ্তমান সময়ত এজন খেলুৱৈ তিনিটা ফৰ্মেটত অধিনায়ক হৈ থকা সম্ভৱ নহয়। খেলুৱৈ হিচাপে তিনিটা ফৰ্মেটত খেলা আৰু অধিনায়ক হিচাপে তিনিটা ফৰ্মেটতে খেলাৰ মাজত যথেষ্ট পাৰ্থক্য আছে।

এদিনীয়াত আয়ৰ, টি-২০ত গিল!

বিচিচিআইয়ে এদিনীয়া অধিনায়কত্ব শ্ৰেয়াছ আয়াৰক গতাই দিয়াৰ বিপৰীতে শ্বুবমেন গিলক টেষ্টৰ লগতে টি-২০ৰ অধিনায়ক হিচাপে দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। ইতিমধ্যে বিচিচিআইয়ে শুভমনত এছিয়া কাপ ২০২৫ ৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিছে।

 

অন্য খবৰ পঢ়কঃ Asia Cup 2025: উপ-অধিনায়ক শুভমন, ষ্টেণ্ডবাইত ৰিয়ান পৰাগ! এছিয়া কাপৰ দল নিৰ্বাচনৰ ৫টা ডাঙৰ কথা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...