আজি গুৱাহাটীত ৰিয়ানৰ নেতৃত্বত কালকাতাৰ বিৰুদ্ধে আইপিএলৰ ৰণত নামিব ৰাজস্থান, দুয়োটা দলৰ সম্ভাৱ্য একাদশ চাওক…

ঘৰুৱা খেলপথাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে ৰিয়ান পৰাগৰ অধিনায়কত্ব দেখা পাব ক্ৰিকেট অনুৰাগীয়ে । আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ ।

আজি গুৱাহাটীত ৰিয়ানৰ নেতৃত্বত কালকাতাৰ বিৰুদ্ধে আইপিএলৰ ৰণত নামিব ৰাজস্থান, দুয়োটা দলৰ সম্ভাৱ্য একাদশ চাওক...

IPL ৰ আজি খেল

Updated On: 

26 Mar 2025 | 09:47 AM

চলিত আইপিএলৰ প্ৰথমখন মেচ আজি অনুষ্ঠিত হ’ব গুৱাহাটীত । একেদৰে ঘৰুৱা খেলপথাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে ৰিয়ান পৰাগৰ অধিনায়কত্ব দেখা পাব ক্ৰিকেট অনুৰাগীয়ে । আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ । এফালে অসমৰ ৰিয়ান পৰাগে ৰাজস্থানক নেতৃত্ব দিয়াৰ বিপৰীতে কেকেআৰক নেতৃত্ব দিব ৰাহানে। ইতিমধ্য়ে এই খেলখনকলৈ অধিক উৎসাহী হোৱা দেখা গৈছে অসমবাসীক । উল্লেখ্য যে, ৰাজস্থানৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হৈছে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ।

মনকৰিবলগীয়া যে, আইপিএলৰ প্ৰথমখন খেলত পৰাজয় সন্মুখীন হয় ডিফেণ্ডিং চেম্পিয়ন কেকেআৰে । কাৰ্যতঃ একপক্ষীয়ভাৱে আইপিএলৰ প্ৰথমখন মেচত জয় লাভ কৰে আৰ চি বিয়ে। আনহাতে, ৰাজস্থান ৰয়েলছো প্ৰথমখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হয়। ৰাজস্থান ৰয়েলছৰ পৰাজয় আছিল নেতিবাচক ফিল্ডিং। কিন্তু একমাত্ৰ ইতিবাচক দিশটো আছিল বেটছমেন হিচাপে সঞ্জু চেমছনৰ বেটিং প্ৰদৰ্শন । বিশ্লেষকসকলৰ মতে, আজিৰ দিনটোত মিডল অৰ্ডাৰে যদি ভাল প্ৰদৰ্শন কৰে তেন্তে কে কে আৰৰ ওপৰত হেঁচা সৃষ্টি কৰিব পাৰে ৰাজস্থানে। যি কি নহওক, দুয়োটা দলৰ সম্ভাৱ্য মূল একাদশ কি হ’ব পাৰে ? চাওঁ আহক

কলকাতা নাইট ৰাইডাৰ্ছৰ সম্ভাৱ্য মূল একাদশ: কুইণ্টন ডি কক, সুনীল নাৰিন, অজিংক্য ৰাহানে, ভেংকটেশ আয়াৰ, অংগ্ৰিশ ৰঘুবংশী, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমণ্ডীপ সিং, হৰ্ষিত ৰানা, স্পেন্সৰ জনছন/অনৰিচ নৰ্টজে, বৰুণ চক্ৰৱৰ্তী

ইমপেক্ট অপচন-বৈভৱ অৰোৰা/মায়ংক মাৰ্কণ্ডে

ৰাজস্থানৰ সাম্ভাৱ্য মূল একাদশ: সঞ্জু চেমছন, যশস্বী জয়ছৱাল, ৰিয়ান পৰাগ, নীতিশ ৰানা, ধ্ৰুৱ জুৰেল, শ্বিমৰন হেটমায়াৰ, শুভম ডুবে, জোফ্ৰা আৰ্চাৰ, ৱানিন্দু হাছাৰংগা/মহেশ থিক্সানা, সন্দীপ শৰ্মা, ফাজলহাক ফাৰুকী ।

ইমপেক্ট অপচন-তুষাৰ দেশপাণ্ডে/আকাশ মাধৱাল

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...