ৰিংকু সিং হ’ল শিক্ষা বিষয়া, এইকেইজন খেলুৱৈয়েও লাভ কৰিলে চৰকাৰী চাকৰি

ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙক উত্তৰ প্ৰদেশ চৰকাৰে শিক্ষা বিভাগৰ মৌলিক শিক্ষা বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে। ৰিংকুৰ চৰকাৰী চাকৰি লাভৰ খবৰে স্বাভাৱিকতেই অনুৰাগীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। কেৱল ৰিংকু সিঙেই নহয়, চৰকাৰে আন ৬ গৰাকী খেলুৱৈকো চৰকাৰী চাকৰি প্ৰদান কৰিছে।

ৰিংকু সিং হ’ল শিক্ষা বিষয়া, এইকেইজন খেলুৱৈয়েও লাভ কৰিলে চৰকাৰী চাকৰি

ৰিংকু সিঙলৈ চৰকাৰী চাকৰি

Published: 

28 Jun 2025 14:05 PM

আই পি এলৰ পিছত সম্প্ৰতি ক্ৰিকেটৰ পথাৰৰ পৰা কিছু নিলগত আছে ভাৰতীয় দলৰ তাৰকা সদস্য ৰিংকু সিং। এতিয়া খবৰত ৰিংকুৰ বিবাহৰ চৰ্চা। এই চৰ্চাৰ মাজতে শেহতীয়াকৈ ৰিংকু সিঙে লাভ কৰিছে চৰকাৰী চাকৰি। উত্তৰ প্ৰদেশ চৰকাৰে ৰিংকু সিঙক শিক্ষা বিভাগৰ মৌলিক শিক্ষা বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে। ৰিংকুৰ চৰকাৰী চাকৰি লাভৰ খবৰে স্বাভাৱিকতেই অনুৰাগীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। কেৱল ৰিংকু সিঙেই নহয়, উত্তৰ প্ৰদেশ চৰকাৰে আন ৬ গৰাকী খেলুৱৈকো চৰকাৰী চাকৰি প্ৰদান কৰিছে।

শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰৰ বাছনি সমিতিয়ে মুখ্য সচিব মনোজ কুমাৰ সিঙৰ সভাপতিত্বত অনুষ্ঠিত এক বৈঠকত বিভিন্ন বিভাগত এই ৭ গৰাকী খেলুৱৈ নিযুক্তিৰ পৰামৰ্শ আগবঢ়াইছিল। এই তালিকাত ক্ৰিকেটাৰ ৰিংকু সিঙৰ উপৰিও আৰু ৬ গৰাকী পেৰা এথলীটৰ নাম সন্নিবিষ্ট কৰা হৈছিল। উত্তৰ প্ৰদেশ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী খেলুৱৈৰ প্ৰত্যক্ষ নিযুক্তিৰ অধীনত এই খেলুৱৈসকলক নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়।

পিছে ৰিংকু সিঙৰ লগতে চৰকাৰী চাকৰি লাভ কৰা এই খেলুৱৈসকল কোন আৰু তেওঁলোকক কি কি বিভাগত চাকৰি দিয়া হৈছে সেয়া স্বাভাৱিকতেই সকলোৰে মনত উদয় হোৱা প্ৰশ্ন। উত্তৰ প্ৰদেশ চৰকাৰে চাকৰি প্ৰদান কৰা এই ৬ জন খেলুৱৈৰ ভিতৰত আছে পেৰা এথলীট প্ৰবীণ কুমাৰৰ নাম। প্ৰবীণ কুমাৰক গৃহ বিভাগৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

তেওঁৰ লগতে হকী খেলুৱৈ ৰাজকুমাৰ পালকো গৃহ বিভাগৰ উপ-অধীক্ষক পদত নিযুক্তি দিয়া হ’ব। পেৰা এথলীট অজিত সিং আৰু ছিমৰনে পঞ্চায়তী ৰাজ বিভাগত জিলা পঞ্চায়তীৰাজ বিষয়া হিচাপে চাকৰি লাভ কৰিছে। একে সময়তে পেৰা এথলীট প্ৰীতি পালক গ্ৰামোন্নয়ন বিভাগত ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপে নিযুক্তি দিয়া হ’ব। এথলীট কিৰণ বালিয়ানে বন বিভাগত নিযুক্তি লাভ কৰিছে। তেওঁক আঞ্চলিক বন বিষয়া পদবীত নিয়োগ কৰা হৈছে।

বৰ্তমান এই খেলুৱৈসকলৰ নিযুক্তিৰ সৈতে জড়িত আনুষ্ঠানিকতা বিভাগৰ দ্বাৰা আৰম্ভ কৰা হৈছে। প্ৰয়োজনীয় নথি-পত্ৰ জমা কৰিবলৈ পৰামৰ্শ দি ৰিংকু সিঙলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে শেহতীয়াকৈ ৰিংকু সিঙে সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজৰ সৈতে বাগদান কৰিছে। অহা নৱেম্বৰ মাহত দুয়োৰে বিবাহ হোৱাৰ কথা আছিল যদিও বিবাহৰ দিন পিছুৱাই দিয়া হৈছে বুলি খবৰ প্ৰকাশ পাইছে।

এগৰাকী মহিলাৰ দেহত আৱিষ্কাৰ নতুন ব্লাড গ্ৰুপ, ইয়াৰ নাম কি আৰু ক'ৰ পৰা আহিল?
বাৰে বাৰে আপোনাৰ শৰীৰটো ভাগৰুৱা যেন লাগে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
কিনা পানীৰ বটলৰ সাঁফৰৰ ৰং কিয় বেলেগ বেলেগ হয় জানেনে?
গোৰোহাৰ বিষ বা ফুলাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক