RCB vs PBKS Live Score, IPL 2025: দুৰন্ত গতি অব্যাহত পঞ্জাৱৰঃ ডেভিদ-হেজেলউডৰ যুঁজৰ পিছতো গৃহভূমিত বিধ্বস্ত আৰচিবি

Royal Challengers Bengaluru vs Punjab Kings Live Score in Assamese: শক্তিশালী ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক ঘৰৰ মাটিতে পৰাস্ত কৰি পইণ্ট তালিকাত উত্থান ঘটাইছে পঞ্জাৱ কিংছে। প্ৰথমে বলিঙত দুৰন্ত প্ৰদৰ্শনৰ পিছত লক্ষ্য অনুসৰণ কৰি সামান্য বিপদত পৰিলেও নেহাল ৱাধেৰাৰ দৰ্শনীয় বেটিঙৰ সহায়ত ৫উইকেটত জয়লাভ কৰিছে পঞ্জাৱে।

RCB vs PBKS Live Score, IPL 2025: দুৰন্ত গতি অব্যাহত পঞ্জাৱৰঃ ডেভিদ-হেজেলউডৰ যুঁজৰ পিছতো গৃহভূমিত বিধ্বস্ত আৰচিবি

আজি RCB বনাম PBKS্ৰ যুঁজ

Updated On: 

19 Apr 2025 00:25 AM

আই পি এলৰ আজিৰ মেচত সন্মুখীন হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছ। চলিত ছিজনৰ এইখন হ’ব ৩৪ সংখ্যক মেচ। আৰচিবিৰ ঘৰুৱা খেলপথাৰ চিন্নাস্বামী ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব। গতিকে ঘৰুৱা পৰিৱেশত মনোবল কিছু শক্তিশালী হ’ব আৰচিবিৰ। অৱশ্যে এই ছিজনত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰা পঞ্জাৱ কিংছৰ পৰা আৰচিবিয়ে কঠিন প্ৰতিদ্বন্দিতাৰ সন্মুখীন হ’ব। তদুপৰি পূৰ্বৰ ৰেকৰ্ডৰ ভিত্তিতো নিজা খেলপথাৰত খেলিলেও আৰচিবিয়ে পঞ্জাৱ কিংছক সহজে ল’ব নোৱাৰিব। পইণ্ট তালিকাত সম্প্ৰতি তৃতীয় স্থানত থকা আৰচিবি আৰু চতুৰ্থ স্থানত থকা পঞ্জাৱৰ মাজত এখন ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে অনুৰাগীয়ে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 19 Apr 2025 12:22 AM (IST)

    পঞ্জাৱৰ সহজ জয়

    টপ অৰ্ডাৰৰ ব্যৰ্থতাৰ পিছতো সহজ লক্ষ্য অনুসৰণ কৰি ৫ উইকেটত বিজয় সাব্যস্ত কৰিছে পঞ্জাৱ কিংছে। দলৰ জয়ত অন্যতম প্ৰধান ভূমিকা পালন কৰি মাত্ৰ ১৯ বলত তিনিটাকৈ চাৰি আৰু ছয়েৰে ৩৩ ৰানত অপৰাজিত থাকে নেহাল ৱাধেৰা। আনহাতে ঘৰৰ মাটিৰ সুযোগো গ্ৰহণ কৰিব নোৱাৰি ছিজনত তৃতীয় পৰাজয়ৰ সন্মুখীন হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।

  • 19 Apr 2025 12:12 AM (IST)

    শশাংক ব্যৰ্থ

    প্ৰায় জয়ৰ কাষ চাপিছে পঞ্জাৱ কিংছ। পিছে সেই সময়তে শশাংক সিঙক বিদায় দি দলটোৰ বেটিং লাইন আপত আঘাত হানিছে ভুৱনেশ্বৰ কুমাৰে।


  • 18 Apr 2025 11:53 PM (IST)

    আয়াৰৰ পিছতে ইংলিছৰো বিদায়

    যুঁজ দিছে আৰচিবিয়ে। একেটা অভাৰতে পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়স আয়াৰ আৰু তাৰ পিছতে জ’ছ ইংলিছক বিদায় দিছে হেজেলউডে।

  • 18 Apr 2025 11:34 PM (IST)

    প্ৰিয়াঞ্চৰ বিদায়

    প্ৰভচিমৰণৰ পিছত আনগৰাকী অপেনাৰ প্ৰিয়াঞ্চ আৰ্যও উভতিল পেভিলিয়নলৈ। হেজেলউডৰ বলত ডেভিডৰ হাতত কেচ তুলি দি বিদায় লোৱা প্ৰিয়াঞ্চৰ বেটৰ পৰা আহে ১৬ ৰান।

  • 18 Apr 2025 11:27 PM (IST)

    পঞ্জাৱে হেৰুৱালে প্ৰথমটো উইকেট

    আক্ৰমণাত্মক শৈলী অব্যাহত ৰখাৰ চেষ্টাত নিজৰ উইকেট হেৰুৱাইছে প্ৰভচিমৰণ সিঙে। ভুৱনেশ্বৰ কুমাৰৰ বলত একেলগে দুটাকৈ চাৰি কোবোৱাৰ পিছত তৃতীয়টো বলতো কোবোৱাৰ চেষ্টাত ১৩ ৰান কৰি আউট হয় প্ৰভচিমৰণ। টিম ডেভিডে এক দৰ্শনীয় কেচ আয়ত্ব কৰি দলক প্ৰথমটো সফলতা দিয়ে।

  • 18 Apr 2025 11:12 PM (IST)

    ক্ৰীজত প্ৰিয়াঞ্চৰ সৈতে ইম্পেক্ট চাব প্ৰভচিমৰণ

    আশা কৰাৰ দৰেই ইম্পেক্ট চাবৰ ৰূপত পঞ্জাৱৰ হৈ অপেনিং কৰিবলৈ আহিছে প্ৰভচিমৰণ সিং। জয়ৰ লক্ষ্য অনুসৰণৰ ক্ষেত্ৰত প্ৰিয়াঞ্চ আৰ্যৰ সৈতে প্ৰভচিমৰণৰ অপেনিং যুটিৰ প্ৰদৰ্শন পঞ্জাৱৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব।

  • 18 Apr 2025 11:06 PM (IST)

    ডেভিডৰ বিস্ফোৰণেৰে সন্মানজনক স্থিতিত আৰচিবি

    টিম ডেভিডৰ বিস্ফোৰক অৰ্ধশতকেৰে ৯৫ ৰানৰ এক সন্মানজনক স্ক’ৰ থিয় কৰাইছে আৰচিবিয়ে। অন্তিম ৩টা বলত ৩টা ছয় কোবোৱাৰ পিছত ন’ বলৰ সুযোগ কাৰ্যকৰী কৰি ডেভিডে ২৬ বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। এতিয়া আৰচিবিৰ বলিং আক্ৰমণক নেওচি পঞ্জাৱে অতিক্ৰম কৰিব লাগিব ৯৬ ৰানৰ লক্ষ্য।

  • 18 Apr 2025 10:53 PM (IST)

    হৰপ্ৰীতৰ দুই উইকেট

    নিজৰ প্ৰথমটো অভাৰতে দুটা বলত একেলেথাৰিয়ে দুই উইকেট দখল কৰিছে হৰপ্ৰীত ব্ৰাৰে। প্ৰথমে ভুৱনেশ্বৰক আৰু তাৰ পিছতে য়শ দয়ালক হৰপ্ৰীতে পেভিলিয়নৰ পথ দেখুৱায়।

  • 18 Apr 2025 10:37 PM (IST)

    ব্যৰ্থ মনোজো

    ইম্পেক্ট চাব ৰূপত ক্ৰীজলৈ অহা যুৱ বেটাৰ মনোজ ভাণ্ডাগেও বিশেষ প্ৰভাৱ পেলোৱাত ব্যৰ্থ হৈছে। মাত্ৰ ১ ৰান কৰিয়েই মাৰ্কো জেনচেনৰ বলত বিদায় লয় মনোজে। এইদৰে আৰচিবিয়ে হেৰুৱায় সপ্তমটো উইকেট।

  • 18 Apr 2025 10:32 PM (IST)

    চাহালে বিদায় দিলে পাটিদাৰক

    আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰেও এইবাৰ লৈছে পেভিলিয়নৰ পথ। দললৈ এইপৰ্যন্ত সৰ্বাধিক ২৩ ৰানৰ অৱদান আগবঢ়াই পাটিদাৰে চাহালৰ বলত বাৰ্টলেটৰ হাতত কেচ দি বিদায় লয়।

  • 18 Apr 2025 10:23 PM (IST)

    ক্ৰুণালো নিটিকিল

    মাত্ৰ ৩৩ ৰানতে ৫টা উইকেট হেৰুৱাইছে আৰচিবিয়ে। এইবাৰ মাৰ্কো জেনসেনৰ বলত ক্ৰীজ এৰিছে ক্ৰুণাল পাণ্ডিয়াই। ক্ৰুণালৰ বেটৰ পৰা আহে মাত্ৰ ১ ৰান।

  • 18 Apr 2025 10:19 PM (IST)

    চাহালে পালে সফলতা

    নিজ স্পেলৰ প্ৰথমটো অভাৰতে সফলতা লাভ কৰিছে যুজবেন্দ্ৰ চাহালে। জীতেশ শৰ্মাক বিদায় দি চাহালে আৰচিবিক পুনৰ সংকটৰ দিশে ঠেলি দিয়ে।

  • 18 Apr 2025 10:12 PM (IST)

    সংকটত আৰচিবি

    গৃহভূমিত সংকটত পৰিছে আৰচিবি। মাত্ৰ ২৬ ৰানত দলটোৱে হেৰুৱাইছে চতুৰ্থটো উইকেট। এইবাৰ লিয়াম লিভিংষ্ট’নক বিদায় দিছে বাৰ্টলেটে। উল্লেখ্য যে আই পি এলত এয়া তেওঁৰ প্ৰথমটো উইকেট।

  • 18 Apr 2025 10:04 PM (IST)

    কোহলীৰো বিদায়

    আৰচিবিৰ দুই অপেনাৰক বিদায় দিছে অৰ্শদীপ সিঙে। ছল্টৰ পিছত অৰ্শদীপে এইবাৰ কোহলীৰ উইকেটো দখল কৰিছে। কোহলীৰ বেটৰ পৰা আহে মাত্ৰ ১ ৰান।

  • 18 Apr 2025 09:53 PM (IST)

    ছল্টৰ বিদায়

    অৰ্শদীপে কৰা মেচৰ প্ৰথমটো বলতে চাৰি কোবাই ছল্টে দেখুৱাইছিল মনোবল। পিছে চতুৰ্থটো বলতে উইকেটকীপাৰ ইংলিছৰ হাতত কেচ তুলি দি তেওঁ পেভিলিয়নলৈ উভতে।

  • 18 Apr 2025 09:47 PM (IST)

    ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ

    আৰচিবিৰ মূল একাদশত আছে ফিল ছল্ট, বিৰাট কোহলী, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্ট’ন, জিতেশ শৰ্মা, টিম ডেভিড, ক্ৰুণাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জ’ছ হেজলউড, সুয়শ শৰ্মা, যশ দয়াল।

  • 18 Apr 2025 09:45 PM (IST)

    পঞ্জাৱ কিংছৰ মূল একাদশ

    পঞ্জাৱ কিংছৰ মূল একাদশত স্থান পাইছে প্ৰিয়াঞ্চ আৰ্য, নেহাল ৱাধেৰা, শ্ৰেয়স আয়াৰ (অধিনায়ক), শশাংক সিং, জ’ছ ইংলিছ, মাৰ্কুছ ষ্টইনিছ, মাৰ্কো জেনচেন, হৰপ্ৰীত ব্ৰাৰ, জেভিয়াৰ বাৰ্টলেট, অৰ্শদীপ সিং, যুজবেন্দ্ৰ চাহালে। অৰ্থাৎ প্ৰভচিমৰণ সিঙক আজি ইম্পেক্ট চাবৰ ৰূপত দেখা যাব পাৰে।

  • 18 Apr 2025 09:35 PM (IST)

    প্ৰথমে বলিঙৰ সিদ্ধান্ত আয়াৰৰ

    চিন্নাস্বামীৰ সেমেকা খেলপথাৰত টছত জয়ী হৈ পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়স আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া ১৪ অভাৰত আৰচিবিয়ে পঞ্জাৱক কিমান লক্ষ্য দিব পাৰে, সেয়া হ’ব লক্ষণীয়।

  • 18 Apr 2025 09:30 PM (IST)

    ১৪ অভাৰকৈ হ’ব খেল

    বৰষুণৰ পিছত মেচখন ১৪ অভাৰকৈ খেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰে বেটিং পাৱাৰ প্লে’ ৪ অভাৰৰ হ’ব। তিনিজন বলাৰে সৰ্বাধিক ৪ অভাৰ বল কৰিব পাৰিব।

  • 18 Apr 2025 09:16 PM (IST)

    অনুৰাগীৰ বাবে আনন্দৰ দৃশ্য

    অৱশেষত বৰষুণ এৰিছে বাংগালুৰুত। ইতিমধ্যে গ্ৰাউণ্ড ষ্টাফে খেলপথাৰৰ পৰা কভাৰ আঁতৰাই নিয়াও দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ মেচ উপভোগৰ বাবে দীৰ্ঘসময়ৰ বাবে অপেক্ষা কৰি থকা অনুৰাগীসকলে এই ধৈৰ্যৰ ফল লাভ কৰিব।

  • 18 Apr 2025 08:53 PM (IST)

    সম্ভৱ হ’বনে মেচৰ আৰম্ভণি!

    বৰষুণৰ বাবে মেচ আৰম্ভ কৰাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত এইপৰ্যন্ত ল’বপৰা হোৱা নাই। তথ্য অনুসৰি, মেচৰ অভাৰ হ্ৰাস কৰি ৫-৫ অভাৰকৈ খেলাৰ বাবে ১০:৫৬ বজালৈ অপেক্ষা কৰা হ’ব। যদিহে তেতিয়াও মেচ আৰম্ভ কৰিবপৰা নহয়, তেতিয়া দুয়োটা দলৰ মাজত পইণ্ট ভাগ কৰা হ’ব।

  • 18 Apr 2025 08:33 PM (IST)

    অব্যাহত বৰষুণ

    বৰষুণ বন্ধ হোৱালৈ চিন্নাস্বামীৰ গেলাৰীত বহি এতিয়াও অপেক্ষাৰত অনুৰাগী। পিছে বাংগালুৰুত বৰষুণ ক্ৰমাৎ তীব্ৰ হৈ পৰিছে, এনে পৰিস্থিতিত মেচখন অনুষ্ঠিত আৰম্ভ হোৱাৰ আশা ক্ষীণ হৈ পৰিছে।

  • 18 Apr 2025 07:23 PM (IST)

    দুয়ো দলৰ পূৰ্বৰ ৰেকৰ্ড

    আই পি এলত এইপৰ্যন্ত বাংগালুৰু আৰু পঞ্জাৱ ৩৩ বাৰ মুখামুখি হৈছে। এই মুখামুখিত বাংগালুৰু ১৬ বাৰ জয়ী হোৱাৰ বিপৰীতে ১৭ খনত জয়েৰে আগত আছে পঞ্জাৱ। অৱশ্যে দুয়োটা দলৰ শেহতীয়া ৩ বাৰৰ মুখামুখিত বাংগালুৰুৱে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

  • 18 Apr 2025 07:11 PM (IST)

    বৰষুণৰ বাবে টছত বিলম্ব

    বাংগালুৰুত বৰষুণৰ বাবে অনুৰাগীৰ আকাংক্ষাত কিছু বাধা আহি পৰিছে। বৰষুণৰ বাবে এতিয়াও মেচৰ টছ কৰিব পৰা হোৱা নাই। অৰ্থাৎ এই মেচখনৰ বাবে ক্ৰিকেটপ্ৰেমীৰ অপেক্ষা আৰু কিছু দীঘলীয়া হ’ব।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension