প্ৰধানমন্ত্ৰী মোদীয়ে স্পৰ্শ নকৰিলে ICC মহিলা বিশ্বকাপৰ ট্ৰফী, কিয়?
PM Modi Meets Team India: এখন বিশেষ ফটোত প্ৰধানমন্ত্ৰী মোদীক অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু উপ-অধিনায়ক স্মৃতি মান্ধনাৰ মাজত থিয় হৈ থকা দেখা গৈছে। আশ্চৰ্যজনকভাৱে প্ৰধানমন্ত্ৰীয়ে বিশ্বকাপৰ ট্ৰফীটো স্পৰ্শ কৰা নাছিল। ইয়াৰ আঁৰত এটা বিশেষ কাৰণ আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে স্পৰ্শ নকৰিলে ICC মহিলা বিশ্বকাপৰ ট্ৰফী
সম্প্ৰতি সমগ্ৰ দেশতে এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈ ইতিহাস ৰচনা কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে। এই আকৰ্ষণীয় বিজয়ৰ পিছত ৫ নৱেম্বৰত সকলো দলীয় খেলুৱৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱন ৭, লোক কল্যাণ মাৰ্গত উপস্থিত হয়।
এই সময়ত খেলুৱৈসকলে প্ৰধানমন্ত্ৰীৰ সৈতে ফটোৰ বাবে প’জ দিছিল। যিবোৰ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। এখন বিশেষ ফটোত প্ৰধানমন্ত্ৰী মোদীক অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু উপ-অধিনায়ক স্মৃতি মান্ধনাৰ মাজত থিয় হৈ থকা দেখা গৈছে। আশ্চৰ্যজনকভাৱে প্ৰধানমন্ত্ৰীয়ে বিশ্বকাপৰ ট্ৰফীটো স্পৰ্শ কৰা নাছিল। ইয়াৰ আঁৰত এটা বিশেষ কাৰণ আছে।
কিয় বিশ্বকাপৰ ট্ৰফী স্পৰ্শ কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে?
আচলতে বিশ্বাস কৰা হয় যে, বিশ্বকাপৰ ট্ৰফী কেৱল চেম্পিয়নসকলেহে স্পৰ্শ কৰে। এই পৰম্পৰাই খেলুৱৈসকলৰ কৃতিত্বক সন্মান জনায়। এই পৰম্পৰা অনুসৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰফী স্পৰ্শ কৰাৰ পৰা বিৰত থাকি খেলুৱৈসকলক সম্পূৰ্ণ কৃতিত্ব প্ৰদান কৰে। যদিও দেশৰ প্ৰধানমন্ত্ৰীৰ বিশ্বকাপৰ ট্ৰফী স্পৰ্শ কৰাৰ অধিকাৰো আছে, তথাপিও প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলক সন্মান জনাই ট্ৰফী স্পৰ্শ কৰা নাছিল। এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ জয়ৰ কাহিনী শুনি অভিনন্দন জনায়, আৰু ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে।
আইচিচিৰ মহিলা বিশ্বকাপৰ ট্ৰফী স্পৰ্শ কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে। (ফটো – PTI)
মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাম প্ৰথমবাৰৰ বাবে নহয়। ২০২৪ চনত টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত ভাৰতীয় দলটো ৱেষ্ট ইণ্ডিজৰ পৰা পোনপটীয়াকৈ দিল্লীলৈ উভতি আহে। এই সময়ছোৱাত দলটোৱে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে। তেতিয়াও দলীয় ফটোৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সৈতে থিয় দিছিল। অৱশ্যে তেতিয়াও টি-২০ বিশ্বকাপৰ ট্ৰফী স্পৰ্শ কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী মোদীক বহুলভাৱে প্ৰশংসা কৰা হৈছে।
টি-২০ বিশ্বকাপৰ ট্ৰফী স্পৰ্শ কৰা নাছিল। (ফটো – PTI)
ভাৰতৰ বাবে ঐতিহাসিক মুহূৰ্ত
আই চি চি মহিলা বিশ্বকাপৰ খিতাপ জয় ভাৰতৰ বাবে সপোনতকৈ কম নহয়। এই প্ৰতিযোগিতাখন ১৯৭৩ চনৰ পৰা আৰম্ভ হৈছিল।কিন্তু ভাৰতীয় দলটোৱে কেতিয়াও এই খিতাপ জয় কৰিব পৰা নাছিল। দুবাৰকৈ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ট্ৰফীৰ পৰা মাত্ৰ এখোজ দূৰত ৰৈ গৈছিল। অৱশ্যে হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে এই বছৰ বছৰ ধৰি চলি থকা অপেক্ষাৰ অন্ত পেলাবলৈ সক্ষম হয়। আনকি তেওঁলোকে প্ৰতিযোগিতাখনৰ সফল দল অষ্ট্ৰেলিয়াক ছেমি ফাইনেলত পৰাস্ত কৰিছিল। যিটো ২০১৭ চনৰ পিছত এদিনীয়া বিশ্বকাপত তেওঁলোকৰ প্ৰথমটো পৰাজয় আছিল।