নীৰজ চোপ্ৰালৈ বিশেষ সন্মান, প্ৰদান ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেলৰ মৰ্যদা…

আন্তঃৰাষ্ট্ৰীয় মঞ্চত নীৰজ চোপ্ৰাই সদায় ভাৰতক গৌৰৱান্বিত কৰি আহিছে। জেভেলিন থ্ৰ’ত নীৰজে বহু পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে নীৰজে লাভ কৰিলে বিশেষ সন্মান। তেওঁক টেৰিটৰিয়েল আৰ্মীত অনাৰেৰী লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰে।

নীৰজ চোপ্ৰালৈ বিশেষ সন্মান, প্ৰদান ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেলৰ মৰ্যদা...

নীৰজ চোপ্ৰা

Published: 

22 Oct 2025 19:07 PM

ভাৰতৰ ‘গোল্ডেন বয়’ নামেৰে খ্যাত নীৰজ চোপ্ৰাই জেভেলিন থ্ৰ’ত দেশত প্ৰতিনিধিত্ব কৰি আহিছে। শেহতীয়াকৈ নীৰজ চোপ্ৰাই লাভ কৰিছে এক বিশেষ সন্মান। দেশলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক টেৰিটৰিয়েল আৰ্মীত অনাৰেৰী লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় উপাধিৰে সন্মানিত কৰা হৈছে। দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে চোপ্ৰাক এই সন্মান প্ৰদান কৰি অভিনন্দন জনায়। ২২ অক্টোবৰত দিল্লীত আয়োজিত ‘পিপিংগ সমাৰোহ’ত নীৰজক ‘লেফটেনেণ্ট কৰ্ণেল’ৰ ৰেংক দিয়া হয়। ইয়াৰ পূৰ্বে নীৰজ চুবেদাৰ মেজৰ পদবীত আছিল।

লেফটেনেণ্ট কৰ্ণেল

২০২৫ চনৰ ১৬ এপ্ৰিলত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নীৰজ চোপ্ৰাক টেৰিটৰিয়েল আৰ্মীত সন্মানীয় আয়োগ প্ৰদান কৰিছিল। ২০১৬ চনৰ পৰা ভাৰতীয় সেনাৰ সৈতে জড়িত থকা নীৰজে চলিত বৰ্ষৰ মে’ মাহত চুবেদাৰ পদ ত্যাগ কৰিছিল। উল্লেখ্য যে, কিছুমাহ পূৰ্বে ৰাষ্ট্ৰপতিয়ে অধিসূচনা জাৰি কৰি কৈছিল যে নীৰজক লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰা হ’ব। নিয়ম অনুসৰি একে সময়তে এজন লোকে দুটা পদবীত থাকিব নোৱাৰে। যাৰ বাবে নীৰজে পদত্যাগ কৰিছিল। তাৰ পাছত এতিয়া নীৰজে নতুন ৰেংক লাভ কৰিছে।

টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক আৰু পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰা নীৰজ বিগত ৯ বছৰ ধৰি ভাৰতীয় সেনাৰ সৈতে জড়িত হৈ আছে। ২০১৬ চনৰ ২৬ আগষ্টত নৈব চুবেদাৰ হিচাপে সেনাবাহিনীত যোগদান কৰিছিল নীৰজে। ২০২১ চনত তেওঁ চুবেদাৰ পদলৈ পদোন্নতি হয়। ২০২২ চনত তেওঁ চুবেদাৰ মেজৰ হয় আৰু এতিয়া তেওঁ লেফটেনেণ্ট কৰ্ণেল হয়।

উল্লেখ্য যে, যোৱা মাহত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল নীৰজে। কিন্তু সেই খেলত তেওঁ শীৰ্ষ ছয়ত স্থান লাভ লাভ কৰিব নোৱাৰিলে। যাৰ বাবে তেওঁ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিব নোৱাৰিলে।

 

অন্য খবৰ পঢ়কঃ সন্দেহ! প্ৰাণৰ মমতাত আগে আগে দৌৰিল মাতৃ, পাছে পাছে কুঠাৰ হাতত লৈ পুত্ৰ, এক ভয়ংকৰ কাণ্ড…

পোকে খাইছে নেকি আপোনাৰ দাঁত? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক এই সমস্যা
অসমীয়া নে সংস্কৃত... হনুমান চালিছা কোনটো ভাষাত পঢ়িলে ভাল ফলাফল পোৱা যায়?
এঞ্জেল নম্বৰ! বাৰে বাৰে ১১১, ২২২, ৩৩৩ দেখাৰ অৰ্থ কি জানেনে, জানক...
আহিব দুৰ্ভাগ্য! সূৰ্যাস্তৰ পাছত ধাৰলৈ নিদিব এই ৫ বস্তু...