LSG vs SRH Live Score, IPL 2025: প্লে’ অফৰ আশা নিৰ্বাপিত লক্ষ্ণৌৰঃ হায়দৰাবাদৰ সান্ত্বনাৰ জয়ে স্বপ্ন ভংগ কৰিলে পণ্ট বাহিনীৰ

Lucknow Super Giants vs Sunrisers Hyderabad Live Score in Assamese: আই পি এল ২০২৫ৰ পৰা বিদায় লৈছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে। আজি গুৰুত্বপূৰ্ণ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত দলটো ৬ উইকেটত পৰাস্ত হয় আৰু ইয়াৰ লগে লগে প্ৰতিযোগিতাৰ পৰা বিদায় নিশ্চিত হয়। আনহাতে ইতিপূৰ্বেই প্ৰতিযোগিতাৰ পৰা বিদায় লোৱা হায়দৰাবাদে ছিজনত চতুৰ্থ জয়ৰ সোৱাদ লাভ কৰে।

LSG vs SRH Live Score, IPL 2025: প্লে’ অফৰ আশা নিৰ্বাপিত লক্ষ্ণৌৰঃ হায়দৰাবাদৰ সান্ত্বনাৰ জয়ে স্বপ্ন ভংগ কৰিলে পণ্ট বাহিনীৰ

আই পি এলত আজি লক্ষ্ণৌ বনাম হায়দৰাবাদ

Updated On: 

19 May 2025 23:38 PM

আই পি এল ২০২৫ৰ আজি ৬১ সংখ্যক মেচ। এই মেচখনত মুখামুখি হ’ব লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। ইতিমধ্যেই প্ৰতিযোগিতাত আগবঢ়াৰ আশা নিৰ্বাপিত হৈছে হায়দৰাবাদৰ। এইপৰ্যন্ত ১১ খন মেচ খেলি মাত্ৰ ৭ পইণ্ট লাভ কৰিছে যোৱা বাৰৰ ৰাণাৰ্ছ আপ দলটোৱে। গতিকে আজিৰ মেচখনত জয় লাভ কৰিলেও সেয়া হ’ব দলটোৰ বাবে কেৱল সান্ত্বনাৰ জয়। আনহাতে লক্ষ্ণৌৰ বাবে আজিৰ মেচখন হ’ব ‘কৰিম কিম্বা মৰিম’ সদৃশ। ১১ খন মেচত এতিয়ালৈকে ১০ পইণ্টহে লাভ কৰিলেও লক্ষ্ণৌৰ সমুখত এতিয়াও আছে প্লে’ অফলৈ আগবঢ়াৰ কিঞ্চিত আশা।

অৱশ্যে এই আশা পূৰণৰ বাবে দলটোৱে আজিৰ লগতে পৰৱৰ্তী দুখন মেচতো জয়ী হ’ব লাগিব। তাৰ পিছতো লক্ষ্ণৌৱে আন দলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। সেই অৱস্থালৈ যোৱাৰ পূৰ্বেই পিছে লক্ষ্ণৌৱে আজিৰ মেচত জয়ী হোৱাটো অনিবাৰ্য। আজি নিজা খেলপথাৰত দলটোৱে হায়দৰাবাদক পৰাস্ত কৰিব পাৰিবনে, সেয়া লক্ষণীয় হ’ব।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 19 May 2025 11:38 PM (IST)

    হায়দৰাবাদৰ সহজ জয়, লক্ষ্ণৌ বাহিৰ

    ২০৬ ৰানৰ এক শক্তিশালী লক্ষ্য অনুসৰণ কৰিও ১০টা বল বাকী থকা অৱস্থাত ৬ উইকেটত সহজ বিজয় সাব্যস্ত কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। ইয়াৰ লগে লগে আই পি এল ২০২৫ত অভিযান অন্ত পৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ। প্লে’ অফৰ আশা জীয়াই ৰাখিবলৈ লক্ষ্ণৌক আজিৰ সৈতে আটাইকেইখন মেচতে জয়ৰ প্ৰয়োজন হৈছিল। এনে পৰিস্থিতিত আজিৰ পৰাজয়ে দলটোৰ এই আশা নিৰ্বাপিত কৰিলে।

  • 19 May 2025 11:22 PM (IST)

    ক্লাছেনৰ বিদায়

    ২৮টা বলত ৪৭ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলি বিদায় লৈছে হেনৰিখ ক্লাছেনে। অৰ্ধশতক সম্পূৰ্ণ কৰিব নোৱাৰিলেও ক্লাছেনে দলক প্ৰায় জয়ৰ দুৱাৰডলিত থিয় কৰায়। তেওঁৰ উইকেট দখল কৰে শ্বাৰ্দুল ঠাকুৰে।


  • 19 May 2025 11:19 PM (IST)

    জয়ৰ দিশে হায়দৰাবাদ

    লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ প্লে’ অফৰ আশা চূৰ্ণ কৰি প্ৰায় জয়ৰ দিশে আগবাঢ়িছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। দলটোক এতিয়া জয়ৰ বাবে প্ৰয়োজন ১৬টা বলত মাত্ৰ ১১ ৰানৰ।

  • 19 May 2025 10:48 PM (IST)

    ঈষানকো বিদায় দিলে দিগৱেশে

    অভিষেকৰ পিছত ঈষান কিষাণৰো উইকেট দখল কৰিছে দিগৱেশ সিং ৰাঠীয়ে। কিষাণে ২৮টা বলত ৩টা চাৰি আৰু দুটা ছয়েৰে ৩৫ ৰানৰ অৱদান আগবঢ়ায়।

  • 19 May 2025 10:31 PM (IST)

    পেভিলিয়নলৈ অভিষেক

    মাত্ৰ ২০টা বলত ৪টা চাৰি আৰু ৬টা ছয়েৰে ৫৯ ৰানৰ এক মাৰমুখী ইনিংছ খেলি বিদায় লৈছে অভিষেক শৰ্মাই। দিগৱেশ ৰাঠীয়ে দখল কৰে তেওঁৰ উইকেট। লক্ষণীয়ভাৱে ইয়াৰ পিছতে খেলপথাৰৰ ভিতৰতে দুয়োগৰাকী খেলুৱৈৰ মাজত তীব্ৰ বাক-বিতণ্ডা দেখিবলৈ পোৱা যায়।

  • 19 May 2025 10:20 PM (IST)

    অভিষেকৰ অৰ্ধশতক

    ৰবি বিষ্ণৈৰ বলত একেলগে তিনিটাকৈ ছয় কোবাই মাত্ৰ ১৮টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰিছে অভিষেক শৰ্মাই। ইয়াৰ পিছতে পৰৱৰ্তী বলতো আন এটা ছয় কোবায় অভিষেকে।

  • 19 May 2025 10:15 PM (IST)

    পাৱাৰ প্লে’ত সংগ্ৰহ ৭২ ৰান

    হায়দৰাবাদৰ ইনিংছৰ প্ৰথম ছয় অভাৰ অৰ্থাৎ পাৱাৰ প্লে’ৰ অন্ত পৰিছে। এই ছয় অভাৰত দলটোৱে এটা উইকেট হেৰুৱাই ৭২ ৰান সংগ্ৰহ কৰিছে।

  • 19 May 2025 09:50 PM (IST)

    অ’ৰ’ৰ্কেৰ উইকেটৰ অভিষেক

    আই পি এল অভিষেকৰ প্ৰথম অভাৰতে সফলতা লাভ কৰিছে উইলিয়াম অ’ৰ’ৰ্কেই। নিজ স্পেলৰ চতুৰ্থটো বলতে তেওঁ দখল কৰিছে অথৰ্ব টাইডেৰ উইকেট।

  • 19 May 2025 09:46 PM (IST)

    প্ৰথম অভাৰত সংগ্ৰহ ৯ ৰান

    ২০৬ ৰানৰ লক্ষ্য অনুসৰণ কৰি প্ৰথম অভাৰত হায়দৰাবাদে সংগ্ৰহ কৰিছে ৯ ৰান। আজি দলটোৰ হৈ ইনিংছ আৰম্ভ কৰিছে অথৰ্ব টাইডে আৰু অভিষেক শৰ্মাই।

  • 19 May 2025 09:27 PM (IST)

    লক্ষ্ণৌৰ সংগ্ৰহ ২০৫ ৰান

    ইনিংছৰ অন্তিম বলত আকাশ দীপে কোবোৱা এটা বৃহৎ ছয়ৰ সহায়ত ২০৫ ৰানৰ এক শক্তিশালী স্ক’ৰ থিয় কৰাইছে লক্ষ্ণৌৱে। এইদৰে প্লে’ অফৰ আশা সজীৱ কৰি ৰাখিবলৈ লক্ষ্ণৌৱে হায়দৰাবাদক লক্ষ্য অনুসৰণৰ ক্ষেত্ৰত বান্ধি ৰাখিব পাৰিবনে সেয়া লক্ষণীয় হ’ব।

  • 19 May 2025 09:24 PM (IST)

    ছামাদৰো বিদায়

    অন্তিম অভাৰত তৃতীয়টো উইকেট হেৰুৱাইছে লক্ষ্ণৌৱে। নীতিশ ৰেড্ডীয়ে বিদায় দিছে আব্দুল ছামাদক।

  • 19 May 2025 09:23 PM (IST)

    শ্বাৰ্দুলো আউট

    দলৰ স্বাৰ্থত নিজৰ উইকেট তুলি দিছে শ্বাৰ্দুল ঠাকুৰে। ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ অহা শ্বাৰ্দুলে অৱশ্যে এটা বল খেলি ৪ ৰান সংগ্ৰহ কৰে।

  • 19 May 2025 09:21 PM (IST)

    পুৰাণৰ বিদায়

    অন্তিম অভাৰত বিদায় লৈছে নিকোলাচ পুৰাণে। অৰ্ধশতকৰ পৰা বঞ্চিত হ’লেও পুৰাণে ২৬টা বলত ৪৫ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। নিজৰ ইনিংছটোত তেওঁ কোবায় ৬টা চাৰি আৰু এটা ছয়।

  • 19 May 2025 09:03 PM (IST)

    বাডনিক বিদায় দিলে মালিঙ্গাই

    ব্যৰ্থ হৈ পেভিলিয়নলৈ উভতিছে আয়ুস বাডনি। ৫টা বল খেলি মাত্ৰ ৩ ৰান সংগ্ৰহ কৰি বাডনি আউট হয়। তেওঁৰ উইকেট দখল কৰিছে এছান মালিঙ্গাই।

  • 19 May 2025 08:52 PM (IST)

    বিদায় ল’লে মাৰ্ক্ৰামে

    ৩৮টা বলত ৬১ ৰানৰ এক সুন্দৰ ইনিংছ খেলাৰ পিছত বিদায় লৈছে এইডেন মাৰ্ক্ৰামে। চাৰিটাকৈ চাৰি আৰু ছয়েৰে মাৰ্ক্ৰামে নিজৰ ইনিংছটো সজায়। তেওঁক বিদায় দিয়ে হৰ্ষল পেটেলে।

  • 19 May 2025 08:30 PM (IST)

    মাৰ্ক্ৰামৰ অৰ্ধশতক

    অৰ্ধশতক সম্পূৰ্ণ কৰিছে লক্ষ্ণৌৰ আনগৰাকী অপেনাৰ মাৰ্ক্ৰামেও। মাত্ৰ ২৮টা বলত ৪টা চাৰি আৰু ৩টা ছয়েৰে মাৰ্ক্ৰামে নিজৰ অৰ্ধশতক পূৰ কৰে।

  • 19 May 2025 08:29 PM (IST)

    ব্যৰ্থ পণ্ট

    আই পি এল ২০২৫ত ৰানৰ খৰাং অব্যাহত আছে ঋষভ পণ্টৰ। আজি মাত্ৰ ৭ ৰান সংগ্ৰহ কৰিয়ে পণ্টে এৰিছে ক্ৰীজ। এছান মালিঙ্গাই এক দৰ্শনীয় কেচ আয়ত্ব কৰি পণ্টক বিদায় দিয়ে।

  • 19 May 2025 08:22 PM (IST)

    ডুবেই বিদায় দিলে মাৰ্শ্বক

    অৱশেষত উইকেট দখলত সফল হ’ল হায়দৰাবাদ। অভিষেককাৰী স্পিনাৰ হৰ্ষ ডুবেই নিজ দলক প্ৰদান কৰিছে প্ৰথমটো সফলতা। মিচেল মাৰ্শ্বে ৩৯টা বলত ৬টা চাৰি আৰু ৪টা ছয়েৰে ৬৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিছে।

  • 19 May 2025 08:11 PM (IST)

    মাৰ্শ্বৰ অৰ্ধশতক

    দলক এক শক্তিশালী আৰম্ভণি প্ৰদান কৰি অৰ্ধশতক অৰ্জন কৰিছে মিচেল মাৰ্শ্বে। মাত্ৰ ২৮টা বলতে ৩টা চাৰি আৰু ৪টা ছয়েৰে তেওঁ নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 19 May 2025 07:49 PM (IST)

    লক্ষ্ণৌৰ স্ক’ৰবৰ্ডত ৫০ ৰান

    বিস্ফোৰক আৰম্ভণি ঘটাইছে দুই অপেনাৰ মাৰ্শ্ব আৰু মাৰ্ক্ৰামে। দুয়ো আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ৪.১ অভাৰ, অৰ্থাৎ ২৫টা বলতে দলৰ স্ক’ৰ ৫০ৰ পাৰ কৰাইছে।

  • 19 May 2025 07:30 PM (IST)

    ক্ৰীজত মাৰ্শ্ব-মাৰ্ক্ৰাম

    লক্ষ্ণৌৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহিছে মিচেল মাৰ্শ্ব আৰু এইডেন মাৰ্ক্ৰাম। দুয়োগৰাকীৰ ওপৰত থাকিব দলক এক সঠিক আৰম্ভণি দিয়াৰ দায়িত্ব। আনহাতে হায়ওদৰাবাদৰ হৈ বলিং মুকলি কৰিছে পেট কামিন্সে।

  • 19 May 2025 07:10 PM (IST)

    লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ

    লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশত আজি দেখা যাব নতুন সদস্য উইলিয়াম অ’ৰ’ৰ্কেক। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- মিচেল মাৰ্শ্ব, এইডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), আয়ুস বাডনি, আব্দুল ছামাদ, আকাশ দীপ, আভেশ খান, ৰবি বিষ্ণৈ, দিগৱেশ সিং ৰাথী, উইলিয়াম অ’ৰ’ৰ্কে।

  • 19 May 2025 07:09 PM (IST)

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ হ’ব এনেধৰণৰ- অভিষেক শৰ্মা, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিখ ক্লাচেন, অনিকেত বাৰ্মা, কামিন্দু মেণ্ডিছ, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, হৰ্ষ ডুবে, জীছান আনচাৰী, এশান মালিংগা।

  • 19 May 2025 07:03 PM (IST)

    কামিন্সে ল’লে প্ৰথমে বলিঙৰ সিদ্ধান্ত

    ইতিমধ্যে দুয়োটা দলৰ অধিনায়কদ্বয় ঋষভ পণ্ট আৰু পেট কামিন্সৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • 19 May 2025 06:59 PM (IST)

    দুয়ো দলৰ পূৰ্বৰ ৰেকৰ্ড

    এইপৰ্যন্ত আই পি এলত দুয়োটা দল ৫ বাৰ মুখামুখি হৈছে। ইয়াৰে ৪ খন মেচতে জয়লাভ কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে। আনহাতে মাত্ৰ এখন মেচত জয়ী হৈছে হায়দৰাবাদ। উল্লেখ্য যে চলিত ছিজনত দুয়োটা দলৰ মাজত ইতিমধ্যে হৈ যোৱা মেচখনত লক্ষ্ণৌ ৫ উইকেটত জয়ী হৈছিল।

বিলাহীত মিহলোৱা আছে নেকি কোনো ৰাসায়নিক পদাৰ্থ! কিদৰে কৰিব চিনাক্ত, চাওক…
বৰ্তমান বজাৰত উভৈনদী কাজিনেমু, গৰম দিনত ইয়াৰ ৰস কিয় খাব লাগে ? জানেনে
আপোনাৰ চুলি দ্ৰুতগতিত সৰিছে নেকি ? কি ভিটামিনৰ অভাৱত এই সমস্যা হয়? জানক
প্ৰীতি জিণ্টাৰ এটা ভুল পঞ্জাৱ কিংছৰ বাবে হ’ল আশীৰ্বাদ, লাভ কৰিছে সুফল….