প্ৰথম মেচতে বিস্ফোৰক প্ৰদৰ্শন, পঞ্জাব কিংছৰ বাবে আশাৰ কিৰণ হৈ পৰিছে প্ৰিয়াংশ

অনুশীলনৰ সময়তে পণ্টিঙৰ হৃদয় জয় কৰিছিল প্ৰিয়াংশে । তেওঁৰ পৰিপক্ক মানসিকতা আৰু আক্ৰমণাত্মক বেটিঙে অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষকৰ হৃদয় জয় কৰাটো স্বাভাৱিক! যদিও দলটোৰ একাধিক বিকল্প আছিল, পঞ্জাৱৰ দল মেনেজমেন্টে প্ৰিয়াংশৰ ওপৰত নিৰ্ভৰ কৰিছিল । এই অ’পেনাৰগৰাকীয়ে মাত্ৰ ২৩ টা বলত ৪৭ ৰান সংগ্ৰহ কৰে ।

প্ৰথম মেচতে বিস্ফোৰক প্ৰদৰ্শন, পঞ্জাব কিংছৰ বাবে আশাৰ কিৰণ হৈ পৰিছে প্ৰিয়াংশ

প্ৰিয়াংশ আৰ্য

Published: 

27 Mar 2025 | 03:18 PM

জেনেৰেশ্যন ব’ল্ড । সেই তালিকাত সুন্দৰ আৰম্ভণি কৰিছে পঞ্জাৱ কিংছৰ যুৱ অ’পেনাৰগৰাকীয়ে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক সংস্কৰণত আৰম্ভ হৈছে পঞ্জাব কিংছৰ অভিযান । প্ৰথম খেলখনত গুজৰাট টাইটানছক পৰাস্ত কৰে পঞ্জাবে । এই মেচতেই আই পি এলত অভিষেক ঘটিছিল প্ৰিয়াংশ আৰ্যৰ । পাঞ্জাব কিংছে দুগৰাকী আনকেপ অ’পেনাৰক খেল পথাৰত নমায় । তাৰে এজন হৈছে প্ৰিয়াংশ ।

ভাবি চাওকচোন ! মহম্মদ ছিৰাজ, কাগিছো ৰাবাদাৰ দৰে পেচাৰে বলিং কৰিছে ! অকণমান আত্মবিশ্বাসৰ অভাৱ হৈছে ছিৰাজৰ । কিন্তু কাগিছ’ ৰাবাদা! তেওঁ নিয়মিতভাৱে ঘন্টাত প্ৰায় ১৪০ কিলোমিটাৰতকৈ অধিক বেগত বলিং কৰি আছে । এনে ফায়াৰিং স্কোৱাডৰ সন্মুখত অভিষেক ঘটোৱা এজন বেটছমেন! কিন্তু তেওঁৰ মাজত কোনো সংকোচ নাই । ঠিকেই কৈছে, জেনেৰেচন ব’ল্ড! বল খেলিব লাগিব, বলাৰৰ নাম নহয় । বেটছমেনক এইটোৱেই শিকোৱা হয় । ক’ব পাৰি যে প্ৰিয়াংশৰ মনত বহুত ভালকৈ শিপাই আছে এই কথা ।

কেতিয়াবা ৰাবাদাৰ দৰে পেচাৰক পুল কৰে, আৰু কেতিয়াবা সহজে কভাৰ কৰে । অন্তৰ্শক্তি অবিহনে এনে দৰ্শনীয় আৰু বিধ্বংসী বেটিং এজন যুৱকৰ বাবে সম্ভৱ নহয় । আই পি এল কেৰিয়াৰৰ প্ৰথমখন মেচতে তেওঁ অৰ্ধশতক অতিক্ৰম কৰিব পাৰিলেহেঁতেন । কিন্তু প্ৰথমে টিমৰ চিন্তা । ব্যক্তিগত মাইলৰ খুঁটিৰ কথা নাভাবি নিজৰ দৌৰৰ গতি বজাই ৰখাত মনোনিৱেশ কৰিছিল । অৰ্ধশতক সম্পূৰ্ণ নহ’লেও তেওঁ এটা এক বিধ্বংসী ইনিংছ প্ৰদৰ্শন কৰে ।

এইবাৰৰ আই পি এলত আকৰ্ষণ কৰিছে যুৱ খেলুৱৈসকলে । অনুশীলনৰ সময়তে পণ্টিঙৰ হৃদয় জয় কৰিছিল প্ৰিয়াংশে । তেওঁৰ পৰিপক্ক মানসিকতা আৰু আক্ৰমণাত্মক বেটিঙে অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষকৰ হৃদয় জয় কৰাটো স্বাভাৱিক! যদিও দলটোৰ একাধিক বিকল্প আছিল, পঞ্জাৱৰ দল মেনেজমেন্টে প্ৰিয়াংশৰ ওপৰত নিৰ্ভৰ কৰিছিল । এই অ’পেনাৰগৰাকীয়ে মাত্ৰ ২৩ টা বলত ৪৭ ৰান সংগ্ৰহ কৰে ।

প্ৰিয়াংশে যদিও আই পি এলত প্ৰথমবাৰৰ বাবে খেলিছে, তথাপিও সৰ্বভাৰতীয় পৰ্যায়ত তেওঁৰ অভিষেক বহু আগতেই হৈছিল । ২০২০ চনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ হৈ খেলিছিল যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল, তিলক বাৰ্মা, আৰু ৰবি বিষ্ণৈৰ দৰে ক্ৰিকেটাৰৰ সৈতে একেটা দলতে খেলিছিল তেওঁ । ২০২১-২১ ছিজনত তেওঁ দিল্লীৰ হৈ চৈয়দ মুস্তাক আলী ঘৰুৱা টি-২০ প্ৰতিযোগিতা খেলে । ২০২৩-২৪ ছিজনত চকু কপালত তুলিব পৰা প্ৰদৰ্শন কৰে প্ৰিয়াংশে । প্ৰায় ১৬৭ ষ্ট্ৰাইক ৰেটত ২২২ ৰান সংগ্ৰহ কৰে । দিল্লী প্ৰিমিয়াৰ লীগতো এটা অভাৰত ছয়টা ছয় কোবাই প্ৰিয়াংশে ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেগা নিলামৰ পূৰ্বে প্ৰিয়াংশে ধুমুহাৰ সৃষ্টি কৰিছিল । দিল্লীৰ বেটছমেন হিচাপে চৈয়দ মুস্তাক আলী টি-২০ত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৪৩ বলত ১০২ ৰানৰ বিধ্বংসী ইনিংছ খেলিছিল । এনে লাগে যেন আই পি এলত তেওঁৰ বাবে অপেক্ষা কৰি আছে এনে বহু ইনিংছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব