পুনৰ বিশ্ব চেম্পিয়ন হ’ল ভাৰত, একেৰাহে দ্বিতীয়বাৰলৈ মহিলা কাবাডী বিশ্বকাপৰ খিতাপ দখল…
Womens Kabaddi World Cup 2025: মহিলা বিশ্বকাপৰ ফাইনেলত চীনৰ টাইপেইক পৰাস্ত কৰে ভাৰতে। এইদৰেই একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ল টীম ইণ্ডিয়া। ফাইনেলত ভাৰত কেনেকৈ জয়লাভ কৰে জানি লওক।

মহিলা কাবাডী বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ
বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হোৱা মহিলা কাবাডী বিশ্বকাপৰ ফাইনেলত চীনা টাইপেইক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হ’ল ভাৰত। চূড়ান্ত খেলখনত ভাৰতে ৩৫-২৮ গ’লত জয়লাভ কৰে। একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতে। এই প্ৰতিযোগিতাত মুঠ ১১টা দলে অংশগ্ৰহণ কৰিছিল, আৰু ভাৰতে এখনো মেচত পৰাস্ত নোহোৱাকৈয়ে বিশ্বকাপৰ খিতাপ দখল কৰে।
কেনেকৈ ভাৰতে চীনৰ টাইপেইক পৰাস্ত কৰিলে
ভাৰতৰ শক্তিশালী দলটোৰ সন্মুখত চীনা টাইপেইয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল যদিও ভাৰতীয় অধিনায়ক ঋতু নেগী আৰু উপ-অধিনায়ক পুষ্পা ৰানাৰ নেতৃত্বত দলটোৱে ৰেইড আৰু টেকেল দুয়োটাতে আধিপত্য বজাই ৰাখিছিল। সঞ্জু দেৱীৰ ছুপাৰ ৰেইডে মেচখনৰ গতি ঘূৰাই দিয়ে। যাৰ বাবে ভাৰতে জয় কৰিলে বিশ্বকাপ। কেৱল এই মেচখনত ভাৰতে ভাল প্ৰদৰ্শন কৰাই নহয়; ইয়াৰ পূৰ্বে হোৱা পাঁচখন মেচতো ই আকৰ্ষণীয় জয় লাভ কৰে।
Many congratulations Indian Women Kabaddi team for winning the World Cup 🏆
Beating Chinese Taipei has always been tough, but not this time 💪
Wish this event was properly marketed and televised. pic.twitter.com/LyhBQB0XHw— 𝐒𝐮𝐧𝐢𝐥 𝐓𝐚𝐧𝐞𝐣𝐚 🇮🇳 (@iSunilTaneja) November 24, 2025
মহিলা কাবডী বিশ্বকাপত ভাৰতৰ প্ৰদৰ্শন
- গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত ভাৰতে একপক্ষীয়ভাৱে থাইলেণ্ডক ৬৮-১৭ গ’লত পৰাস্ত কৰে।
- দ্বিতীয়খন খেলত ভাৰতে নেপালৰ বিৰুদ্ধে ৫০-১২ গ’লত জয়লাভ কৰে।
- বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন মেচত পুনৰ একপক্ষীয়ভাৱে ৪৩-১৮ গ’লত জয়লাভ কৰে।
- চতুৰ্থখন খেলত ভাৰতে উগাণ্ডাক ৫১-১৬ গ’লত পৰাস্ত কৰে।
- ছেমি ফাইনেল খেলখনত ভাৰতে ৩৩-২১ গ’লত জয়লাভ কৰি শক্তিশালী ইৰাণী দলৰ মুখামুখি হয়।
- ফাইনেলত ভাৰতীয় দলটোৱে চীনা টাইপেইৰ বিৰুদ্ধে ৩৫-২৮ গ’লত জয়লাভ কৰে।