আই পি এলৰ ফাইনেলত ১৮ ৰ সংযোগ, ট্ৰফী জয়ৰ অপেক্ষাৰ অন্ত পৰিবনে বিৰাটৰ?

১৭ বছৰীয়া অপেক্ষাৰ অন্ত পৰিবনে আজি? কত ছেকেণ্ড, কত মিনিট, কত দিন...মাথোঁ অপেক্ষা । সুদীৰ্ঘ ১৭ বছৰে ট্ৰফীৰ সন্ধান । এইবাৰ তৃতীয়টো সুযোগ । আই পি এলৰ ট্ৰফীটো দুহাতেৰে দাঙি ল'বলৈ সক্ষম হ'বনে বিৰাট কোহলি?

আই পি এলৰ ফাইনেলত ১৮ ৰ সংযোগ, ট্ৰফী জয়ৰ অপেক্ষাৰ অন্ত পৰিবনে বিৰাটৰ?

বিৰাট কোহলি

Published: 

03 Jun 2025 13:31 PM

শেষ প্ৰান্তত উপনীত আই পি এল । আজি ১৮ সংখ্যক আইপিএলৰ ফাইনেল । কোনে জয় কৰিব ট্ৰফী? অনুৰাগীৰ মাজত তীব্ৰ উৎকণ্ঠা । ১৭ বছৰীয়া অপেক্ষাৰ অন্ত পৰিবনে আজি? কত ছেকেণ্ড, কত মিনিট, কত দিন…মাথোঁ অপেক্ষা । সুদীৰ্ঘ ১৭ বছৰে ট্ৰফীৰ সন্ধান । এইবাৰ তৃতীয়টো সুযোগ । আই পি এলৰ ট্ৰফীটো দুহাতেৰে দাঙি ল’বলৈ সক্ষম হ’বনে বিৰাট কোহলি?

আই পি এলৰ প্ৰথম ছিজনৰ পৰাই আৰ চি বিৰ হৈ খেলিছে কোহলিয়ে । কাগজে-কলমে এতিয়া তেওঁ অধিনায়ক নহয়, কিন্তু অধিনায়কতকৈ কোনো গুণে কমো নহয় । এইবাৰ অংকবোৰ মিলিছে, অনুৰাগীৰো আশা, বিৰাটৰ হাতলৈ আহক আই পি এলৰ ট্ৰফী ।

আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ আৰু ১৮ নং জাৰ্চী, বিৰাট এক কাকতালীয় সংযোগ । কেৱল এই দুটা সংখ্যাই যে মিলিছে তেনে নহয়, সমৰ্থকৰ দৃষ্টিত আৰু দুটামান সংখ্যা মিলি পৰিছে । আজি ৩ জুন, সেই ফালৰ পৰাও মিলিছে সংখ্যাটো । অলপ সহজভাৱে বুজি লওক । ৩-৬-২০২৫, আজিৰ তাৰিখ, গোটেই কেইটা সংখ্যাৰ যোগফল ১৮ । কাকতালীয় সংযোগ । সেয়ে সমৰ্থকৰ মনত আশা, এইবাৰ ট্ৰফী জয় কৰিব কোহলিয়ে । মনে মনে হয়তো আৰ চি বি দল বা বিৰাটেও তাকেই বাঞ্ছা কৰি আছে ।

এইবোৰটো কল্পনা, এইবাৰ অলপ বাস্তৱিকভাৱে চাওঁ আহক । আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বিৰাট কোহলি । আটাইতকৈ বেছি শতক বিৰাট কোহলিৰ । সৰ্বাধিক অৰ্ধশতক অৰ্জনতো বিৰাটৰেই নাম । কিন্তু হাতত নাই আই পি এলৰ এটাও ট্ৰফী । আন্তঃৰাষ্ট্ৰীয় কেৰিয়াত এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপ, দুবাৰ চেম্পিয়নছ ট্ৰফী জয় কৰিছে বিৰাটে । এয়া আইচিচি ট্ৰফী । দ্বিপাক্ষিক ছিৰিজৰ কথা নক’লোৱেই বা । অতবোৰ প্ৰাপ্তিৰ পাছতো এটা হতাশা, আই পি এলৰ ট্ৰফী নাই হাতত ।

ট্ৰফী জয়ৰ বাবে কেৱল অংকই যথেষ্ট নহয়, লাগিব ভাল প্ৰদৰ্শন । কেৱল বিৰাটেই নহয়, সমগ্ৰ দলৰেই প্ৰদৰ্শন ভাল হ’ব লাগিব । ২০১০ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ফুটবল বিশ্বকাপৰ কথা মনত আছেনে? ছাকিৰাৰ সেই জনপ্ৰিয় গানটো…দিছ টাইম ফৰ আফ্ৰিকা । আৰচিবিৰ শিবিৰতো এতিয়া যেন গুঞ্জৰিত হৈছে তেনে এক ধ্বনি, দিছ টাইম ফৰ বিৰাট কোহলি । অধিনায়ক ৰজত পাতিদাৰ, কীপাৰ-বেটছমেন জীতেশ শৰ্মাৰ দৰে সকলোৱে বিচাৰিছে বিৰাটৰ বাবে ট্ৰফী জয় কৰাতো । বিৰাটৰ প্ৰতি এক সন্মান, সমৰ্থকৰ ভালপোৱাৰ প্ৰতি এক দায়বদ্ধতা । এই দুটা কাৰণে ট্ৰফী জয়ৰ বাবে যুঁজিবলৈ যথেষ্ট ।

দেশীয় জাৰ্ছিত টি-২০ ফৰ্মেটক আগতেই বিদায় জনালে বিৰাটে । আই পি এলৰ মাজতে টেষ্ট ক্ৰিকেটৰ পৰাও ল’লে অৱসৰ । তেওঁক সন্মান জনোৱাৰ উদ্দেশ্যেই আৰচিবিৰ ঘৰুৱা মেচত বিৰাটৰ নাম লিখা জাৰ্ছি পিন্ধি গেলাৰীত ভিৰ কৰিছিল অজস্ৰ সমৰ্থকে । কিন্তু এতিয়াও প্ৰাপ্তি বাকী । এইবাৰ হয়তো প্ৰাপ্তি লাভৰ বাবেই প্ৰাণে পণে যুঁজিব আৰ চি বিয়ে ।

সোনকালে ওজন কমোৱাৰ চেষ্টাত মানুহে কৰে এনে ভুল, উপকাৰৰ পৰিৱৰ্তে হ’ব পাৰে ক্ষতিহে
মগজু চোকা কৰিবলৈ দৈনিক কৰক এই ৫টা কাম, কম সময়তে দেখিব ইতিবাচক প্ৰভাৱ
শনি দেৱৰ পূজাত ভুলতো নিদিব এইসমূহ সামগ্ৰী, শনি দোষ লাগিব আপোনাৰ!
কলডিল আপোনাৰ প্ৰিয় নে? আমাৰ শৰীৰৰ কি কি উপকাৰ সাধন কৰে জানো আহক