প্লে’ অফৰ বাবে শক্তি বৃদ্ধি কৰিছে আৰচিবিয়ে, পাকিস্তানক থকাসৰকা কৰা খেলুৱৈক আনিলে দললৈ….
প্ৰথমটো খিতাপৰ সন্ধানত আই পি এল ২০২৫ত পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। চলিত ছিজনটোত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰি আৰচিবিয়ে ইতিমধ্যে প্ৰৱেশ কৰিছে প্লে’ অফত। প্লে’ অফত নমাৰ পূৰ্বে আৰচিবিয়ে নিজৰ শক্তি বৃদ্ধি কৰিছে আৰু অন্তৰ্ভুক্ত কৰিছে এগৰাকী নতুন খেলুৱৈক।

আৰচিবিৰ শিবিৰত নতুন সদস্য
প্ৰথমটো খিতাপৰ সন্ধানত আই পি এল ২০২৫ত পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। চলিত ছিজনটোত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰি আৰচিবিয়ে ইতিমধ্যে প্ৰৱেশ কৰিছে প্লে’ অফত। এইপৰ্যন্ত দলটোৱে ১২ খন মেচ খেলি ১৭ পইণ্ট সংগ্ৰহ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে। এতিয়াও দুখন লীগ মেচ খেলিবলৈ বাকী আছে আৰচিবিৰ আৰু সেয়ে দলটোৱে উক্ত দুখন মেচত জয়েৰে শীৰ্ষ দুটা স্থানৰ ভিতৰত থাকি প্ৰথমখন কোৱালিফায়াৰ খেলাৰ চেষ্টা চলাব। তাৰ পূৰ্বে পিছে আৰচিবিয়ে শক্তি বৃদ্ধি কৰিছে দলৰ।
প্লে’ অফত নমাৰ আগে আগে আৰচিবিয়ে দলক অন্তৰ্ভুক্ত কৰিছে এগৰাকী নতুন খেলুৱৈক। এই খেলুৱৈগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইতিমধ্যে নিজতে এগৰাকী বিশেষজ্ঞ টি-২০ বেটাৰ হিচাপে প্ৰমাণ কৰিছে। এই বেটাৰগৰাকীয়ে কিছুদিন পূৰ্বে পাকিস্তানক নিজৰ আক্ৰমণাত্মক বেটিং শৈলীৰে একপ্ৰকাৰে থকাসৰকা কৰি তুলিছিল। এতিয়া এই খেলুৱৈগৰাকীক দলত অন্তৰ্ভুক্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এল জয়ৰ পৰিকল্পনা কৰিছে আৰচিবিয়ে।
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ এই নতুন সদস্যগৰাকী হৈছে নিউজিলেণ্ডৰ তাৰকা টিম শ্বেফাৰ্ট। জাতীয় দলৰ দায়িত্বৰ বাবে ইংলেণ্ডৰ যুৱ তাৰকা জেকব বেথেল স্বদেশলৈ উভতিবলগা হৈছে। তেওঁৰ স্থানত আৰচিবিয়ে এতিয়া কিৱি তাৰকাগৰাকীক অন্তৰ্ভুক্ত কৰিছে। উল্লেখ্য যে প্লে’ অফৰ পূৰ্বে আৰচিবিত যোগদান কৰা দ্বিতীয়জন খেলুৱৈ শ্বেফাৰ্ট। তেওঁৰ পূৰ্বে জিম্বাবুৱেৰ বেগী বলাৰ ব্লেছিং মুজাৰাবানীয়েও দলটোত যোগদান কৰিছে।
এক বিবৃতি যোগে আৰচিবিয়ে শ্বেফাৰ্টক দললৈ অনাৰ কথা ঘোষণা কৰিছে। বিবৃতিত উল্লেখ কৰা মতে, দলটোৱে ২ কোটি টকাৰ বিনিময়ত টিম শ্বেফাৰ্টক অন্তৰ্ভুক্ত কৰিছে। লক্ষণীয়ভাৱে চলিত বৰ্ষৰে মাৰ্চত পাকিস্তানৰ বিপক্ষে ঘৰুৱা টি-২০ শৃংখলাত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াইছিল শ্বেফাৰ্টে। পাঁচখন মেচৰ এই টি-২০ শৃংখলাটোত নিউজিলেণ্ডে জয়লাভ কৰিছিল। শৃংখলাত শ্বেফাৰ্ট আছিল সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ।
তেওঁ এই শৃংখলাত ৬২তকৈ অধিক গড়ে আৰু ২০০৪ অধিক ষ্ট্ৰাইক ৰেটেৰে ২৪৯ ৰান সংগ্ৰহ কৰিছিল। সমগ্ৰ শৃংখলাটোত তেওঁ ২২টা ছয় আৰু ২০টা চাৰি কোবাই পাকিস্তানী বলাৰৰ বাবে একপ্ৰকাৰে ত্ৰাসৰ কাৰণ হৈ পৰিছিল। এই আক্ৰমণাত্মক বেটাৰগৰাকী সমগ্ৰ বিশ্বৰ টি-২০ লীগত খেলাৰ অভিজ্ঞতাৰে পুষ্ট। ইয়াৰ পূৰ্বে তেওঁ দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই পি এলত অংশ লৈছে।