শাস্তিৰ পিছতো নিশিকিল! মেচৰ শ্ৰেষ্ঠ হৈয়ো দিগৱেশে পালে শাস্তি, পণ্টৰো হ’ল এই গতি

মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে শুকুৰবাৰে ১২ ৰানত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে। মেচখনত লক্ষ্ণৌৰ দিগৱেশ সিং ৰাঠীয়ে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে যদিও সন্মুখীন হৈছে এক শাস্তিৰো। তেওঁৰ লগতে অধিনায়ক ঋষভ পণ্টেও ভুগিছে শাস্তি।

শাস্তিৰ পিছতো নিশিকিল! মেচৰ শ্ৰেষ্ঠ হৈয়ো দিগৱেশে পালে শাস্তি, পণ্টৰো হ’ল এই গতি

শাস্তিৰ সন্মুখীন পণ্ট আৰু দিগৱেশ

Published: 

05 Apr 2025 | 06:41 PM

শুকুৰবাৰে অনুষ্ঠিত হৈছিল আই পি এল ২০২৫ৰ ১৬ সংখ্যক মেচ। একনা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত মুখামুখি হৈছিল ঘৰুৱা দল লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ২০৩ ৰান সংগ্ৰহ কৰাৰ পিছত জয়ৰ লক্ষ্য অনুসৰণ কৰি মুম্বাই ১৯১ ৰানত থমকিবলৈ বাধ্য হয় আৰু ঘৰুৱা দলটোৱে ১২ ৰানত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে। চলিত ছিজনৰ চাৰিখন মেচত লক্ষ্ণৌৰ এয়া আছিল দ্বিতীয় জয়। আনহাতে সমসংখ্যক মেচত তৃতীয় পৰাজয়ৰ সন্মুখীন হয় মুম্বাই।

এই মেচখনত লক্ষ্ণৌৰ জয়ত মুখ্য ভূমিকা লয় যুৱ স্পিনাৰ দিগৱেশ সিং ৰাঠীয়ে। নিজৰ চাৰি অভাৰৰ স্পেলত মিতব্যয়ী বলিঙেৰে দিগৱেশে মাত্ৰ ২১ ৰান খৰচ কৰি ১টা উইকেট দখল কৰে। হাই স্ক’ৰিং মেচখনত এই মিতব্যয়ী স্পেলৰ বাবে দিগৱেশে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। মেচৰ শ্ৰেষ্ঠ বিবেচিত হ’লেও পিছে যুৱ স্পিনাৰগৰাকী এক শাস্তিৰো সন্মুখীন হ’বলগীয়া হৈছে।

নিজৰ আচৰণৰ বাবে দিগৱেশ ৰাঠীয়ে ভৰিবলগা হৈছে জৰিমনা। মেচখনত নমন ধীৰৰ উইকেট দখল কৰি দিগৱেশে হাতেৰে চহী কৰাৰ দৰে ইংগিত দি বিশেষভাৱে সফলতা উদযাপন কৰে। এনে উদযাপনৰ বাবে ৰাঠীক মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে। এই জৰিমনাৰ উপৰিও তেওঁৰ নামত ২টা ডিমেৰিট পইণ্টো যোগ কৰা হৈছে। মেচ ৰেফাৰীয়ে দিগৱেশ ৰাঠীক লেভেল ১ৰ বাবে দোষী সাব্যস্ত কৰিছে।

এইদৰে ৰাঠীৰ নামত মুঠ ৩টা ডিমেৰিট পইণ্ট যোগ হোৱাৰ উপৰিও দ্বিতীয়বাৰৰ বাবে শাস্তিৰ সন্মুখীন হৈছে খেলুৱৈগৰাকী। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছৰ বিৰুদ্ধে উইকেট দখলৰ পিছত অনুৰূপ উদযাপনৰ বাবে তেওঁৰ মেচ মাচুলৰ ২৫ শতাংশ কৰ্তন কৰা হৈছিল আৰু এটা ডিমেৰিট পইণ্টো যোগ কৰা হৈছিল। দিগৱেশ সিং ৰাঠীৰ লগতে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক ঋষভ পণ্টো শাস্তিৰ সন্মুখীন হৈছে।

বেটেৰে স্বাভাৱিক প্ৰদৰ্শন আগবঢ়োৱাত ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱা পণ্টে কালিৰ মেচখনত শ্ল’ অভাৰ ৰেটৰ বাবে ১২ লাখ টকাৰ জৰিমনাৰ ষাস্তি পাইছে। চলিত ছিজনত এই শাস্তি লাভ কৰা তৃতীয়জন অধিনায়ক পণ্ট। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগকো একে ভুলৰ বাবে ১২ লাখ টকাকৈ জৰিমনা বিহা হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব