প্ৰথমবাৰ আইপিএল জয়ৰ পাছতো স্বপ্ন ভংগ আৰচিবিৰ, অনুৰাগীৰ বাবে আছে এক বেয়া খবৰ

বেংগালুৰুৰ ৰাজপথত আৰ চি বিৰ জয়ৰ সম্পূর্ণ উদযাপন কৰা নহ’ব ৷ ২০২৫ চনৰ ৪ জুনত অনুষ্ঠিত হ’বলগীয়া বাছ পেৰেড যানজঁটৰ বাবে বাতিল কৰা হৈছে ।

প্ৰথমবাৰ আইপিএল জয়ৰ পাছতো স্বপ্ন ভংগ আৰচিবিৰ, অনুৰাগীৰ বাবে আছে এক বেয়া খবৰ

আৰ চি বিৰ আই পি এল জয়

Published: 

04 Jun 2025 16:17 PM

১৭ বছৰীয়া অপেক্ষাৰ অন্তত আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । এই ঐতিহাসিক জয়ৰ পিছৰে পৰা উদযাপনত নিমগ্ন হৈ পৰিছে আৰচিবিৰ অনুৰাগীসকল । ছ’চিয়েল মিডিয়াতো চৰ্চিত হৈ পৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ খেলুৱৈ । এনে পৰিস্থিতিত অনুৰাগীৰ সৈতে এই বিজয় উদযাপনৰ বাবে আৰচিবি দলটোৱে বিশেষ পৰিকল্পনা কৰিছিল । কিন্তু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ পোহৰলৈ আহিছে । তেওঁলোকে আৰু নিজৰ প্ৰিয় খেলুৱৈক ওচৰৰ পৰা চাব নোৱাৰিব ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বেংগালুৰুৰ ৰাজপথত আৰ চি বিৰ জয়ৰ সম্পূর্ণ উদযাপন কৰা নহ’ব ৷ ২০২৫ চনৰ ৪ জুনত অনুষ্ঠিত হ’বলগীয়া বাছ পেৰেড যানজঁটৰ বাবে বাতিল কৰা হৈছে । চহৰখনত থকা প্ৰচণ্ড ভিৰ আৰু যাতায়ত নিয়ন্ত্ৰণ কৰাটো কঠিন হ’ব পাৰে, যাৰ বাবেই এই বাতিলৰ সিদ্ধান্ত লোৱা হ’ল । এনে পৰিস্থিতিত আৰ চি বিৰ অনুৰাগীসকল হতাশ হৈ পৰিছে যদিও চিন্নস্বামী ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই উদযাপন অনুষ্ঠান ।

২০২৫ চনৰ ৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি আৰ চি বিয়ে আই পি এলৰ প্ৰথমটো ট্ৰফী লাভ কৰে । এই বিজয়ৰ পিছত দলটোৱে বেংগালুৰুত এক বৃহৎ বিজয় পেৰেড ঘোষণা কৰিছিল । বিধান সৌধৰ পৰা আৰম্ভ কৰি চিন্নাস্বামী ষ্টেডিয়ামলৈ সমদল কৰাৰ কথা আছিল । বিয়লি ৩:৩০ বজাত পেৰেড অনুষ্ঠিত হোৱাৰ কথা আছিল । অনুৰাগীসকলে এই ঐতিহাসিক মুহূৰ্তটো নিজৰ দলৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ উৎসাহিত হৈছিল । কিন্তু যান-বাহনৰ সমস্যাই এই পৰিকল্পনাক বিফল কৰি পেলালে ।

পেৰেড বাতিল হোৱাৰ পিছত আৰ চি বিয়ে চিন্নস্বামী ষ্টেডিয়ামত উদযাপন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । নতুন পৰিকল্পনা অনুসৰি দলটোৱে প্ৰথমে বিধান সৌধত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াক সাক্ষাৎ কৰিব, আৰু তাৰ পিছত সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈ চিন্নাস্বামী ষ্টেডিয়ামত এক অনুষ্ঠান অনুষ্ঠিত হ’ব । এই অনুষ্ঠানত কেৱল বৈধ পাছ থকা অনুৰাগীয়েহে প্ৰৱেশ কৰিব পাৰিব ।

বাৰিষাৰ সময়ত বাৰে বাৰে পেটৰ সমস্যাত ভুগে নেকি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক
হাড়ত কৰ্কট ৰোগ হ'লে দেখা দিয়ে এইসমূহ লক্ষণ, চিকিৎসকৰ পৰা জানক...
যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...