IND vs PAK: কৰমৰ্দন বিতৰ্কৰ মাজতে পুনৰ অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেল, তাৰিখ ঘোষণা…

Asia Cup 2025: ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ গ্ৰুপ পৰ্যায়ৰ খেলখন অনুষ্ঠিত হয়। য’ত ভাৰতীয় দলটোৱে পাকিস্তানক একপক্ষীয়ভাৱে পৰাস্ত কৰে। সেই মেচত প্ৰথম বেটিং কৰি পাকিস্তানে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৭ ৰানহে সংগ্ৰহ কৰিব পাৰিছিল।

IND vs PAK: কৰমৰ্দন বিতৰ্কৰ মাজতে পুনৰ অনুষ্ঠিত হব ভাৰত-পাকিস্তানৰ খেল, তাৰিখ ঘোষণা...

পুনৰ অনুষ্ঠিত হ'ব ভাৰত-পাকিস্তানৰ খেল

Published: 

18 Sep 2025 10:08 AM

এছিয়া কাপ ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা গ্ৰুপ পৰ্যায়ৰ খেলখনে শিৰোনাম দখল কৰিছিল যদিও মেচৰ পিছৰ বিতৰ্কই অধিক চৰ্চা লাভ কৰিছিল । গ্ৰুপ পৰ্যায়ৰ খেলখনৰ পাছত ভাৰতীয় দলটোৱে পাকিস্তানী খেলুৱৈসকলৰ সৈতে কৰমৰ্দন নকৰাৰ ফলত দুয়োখন দেশৰ মাজত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। এই ঘটনাৰ পিছত পাকিস্তানে আনকি প্ৰতিযোগিতাখন বৰ্জন কৰাৰ ভাবুকি দিছিল। যাৰ ফলত UAE-পাকিস্তানৰ মেচ আৰম্ভ হোৱাত পলম হৈছিল। এই বিতৰ্ক এতিয়াও শেষ হোৱা নাই। ইয়াৰ মাজতে এতিয়া দুয়োটা দলে আকৌ এবাৰ মুখামুখি হ’বলৈ সাজু হৈছে।

আকৌ এবাৰ অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেল

এছিয়া কাপ ২০২৫ত গ্ৰুপ এৰ পৰা ভাৰত আৰু পাকিস্তানে ছুপাৰ ৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে, আৰু তেওঁলোকৰ পৰৱৰ্তী মেচ ২১ ছেপ্টেম্বৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। গ্ৰুপ এত শক্তিশালী প্ৰদৰ্শনৰ পিছত ভাৰতে ছুপাৰ ৪ৰ বাবে যোগ্যতা অৰ্জন কৰে। আনহাতে পাকিস্তানে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। টীম ইণ্ডিয়াই এতিয়ালৈকে গ্ৰুপ পৰ্যায়ত দুখন মেচ খেলি দুয়োখন মেচত জয়লাভ কৰি শীৰ্ষত আছে আৰু তেনেকৈয়ে থাকিব।

ইতিমধ্যে পাকিস্তানৰ গ্ৰুপ ষ্টেজৰ মেচ সম্পূর্ণ হৈছে ৷ তিনিখন মেচৰ ভিতৰত দুখন জয় আৰু এখনত পৰাস্ত হৈ ৪ পইণ্টেৰে দ্বিতীয় স্থানত আছে দলটো। ইফালে শেষ হৈছে ইউ এ ইৰ অভিযান। তিনিখন মেচৰ ভিতৰত মাত্ৰ এখন মেচতে জয়লাভ কৰিছে। আনহাতে ওমানে ভাৰতৰ বিৰুদ্ধে অন্তিমখন মেচ খেলিব লগা হৈছে যদিও দুয়োখন উদ্বোধনী মেচতে পৰাস্ত হৈ ছুপাৰ ৪ৰ দৌৰৰ পৰা বাহিৰ হৈছে।

গ্ৰুপ পৰ্যায়ত ভাৰতে একপক্ষীয়ভাৱে জয়লাভ কৰে

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ গ্ৰুপ পৰ্যায়ৰ খেলখন অনুষ্ঠিত হয়। য’ত ভাৰতীয় দলটোৱে পাকিস্তানক একপক্ষীয়ভাৱে পৰাস্ত কৰে। সেই মেচত প্ৰথম বেটিং কৰি পাকিস্তানে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৭ ৰানহে সংগ্ৰহ কৰিব পাৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে টীম ইণ্ডিয়াই ১৫.৫ অভাৰত মাত্ৰ তিনিটা উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হয়। ফলস্বৰূপে এইবাৰ টীম ইণ্ডিয়াৰ খিতাপ জয় আশা অধিক মজবুত হৈছে।

লগতে পঢ়ক: UAEৰ বিৰুদ্ধে খেলৰ মাজতে পাকিস্তানী উইকেটকীপাৰৰ আজৱ কাণ্ড! মূৰত বল লাগি আহত আম্পায়াৰ…

নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...
২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ, এই ৰাশিৰ লোকসকল হ'ব লাগিব সাৱধান!
ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...