শৃংখলা ভাৰতৰ নামত! গুৱাহাটীৰ মাটিত মাত্ৰ ১০ অভাৰতে নিউজিলেণ্ডক পৰাস্ত টীম ইণ্ডিয়াৰ…

IND vs NZ: গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত টি২০ শৃংখলাৰ তৃতীয়খন মেচত ভাৰতৰ জয়। মাত্ৰ ১০ অভাৰতে ভাৰতে লক্ষ্য পূৰ কৰে। এই সময়চোৱাত ভাৰতে মাত্ৰ ২টা উইকেট হেৰুয়ায়।

শৃংখলা ভাৰতৰ নামত! গুৱাহাটীৰ মাটিত মাত্ৰ ১০ অভাৰতে নিউজিলেণ্ডক পৰাস্ত টীম ইণ্ডিয়াৰ...

ভাৰতীয় ক্ৰিকেট দল

Published: 

25 Jan 2026 | 10:52 PM

টি-২০ শৃংখলাত টি- ইণ্ডিয়া (India Cricket Team)য়ে একপক্ষীয়ভাৱে নিউজিলেণ্ড পৰাস্ত কৰে। দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন মেচত বুমৰাহৰ বলিং আৰু অভিষেক শৰ্মাৰ বেটিঙৰ বাবে ভাৰতে নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে টিম ইণ্ডিয়াই ৫ মেচৰ শৃংখলাত ৩-০ গ’লত অগ্ৰগতি লাভ কৰি ট্ৰফী নিজৰ নামত কৰিবলৈ সক্ষম হয়। আজি প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ১৫৪ ৰান সংগ্ৰহ কৰে। টিমলৈ উভতি আহিয়ে আজি বুমৰাহে ৩টাকৈ উইকেট নিজৰ নামত কৰে। তাৰ পাছত অভিষেক শৰ্মাই ১৪ টা বলত অৰ্ধশতক কৰে। যাৰ বাবে মাত্ৰ ৬০ টা বলতেই দলটোয়ে লক্ষ্য পূৰ কৰে।

আজিৰ খেলত প্ৰথমে টীম ইণ্ডিয়াই আধিপত্য বিস্তাৰ কৰে। এই মেচ মাত্ৰ ৩০ অভাৰৰ বাবে চলে। প্ৰথমে বেটিং কৰা নিউজিলেণ্ডেক হৰ্ষিত ৰাণাই তৃতীয়টো বলত প্ৰথম আঘাত দিয়ে, তেওঁ অপেনাৰ ডেভন কনৱেক আউট কৰে। পৰৱৰ্তী সময়ত হাৰ্দিক পাণ্ডিয়াই ৰচীন ৰবীন্দ্ৰক আউট কৰে। তাৰ পাছত ষষ্ঠ অভাৰত জাছপ্ৰিত বুমৰাহে টিম ছেইফাৰ্টক ক্লিন বল কৰে।

গ্লেন ফিলিপছ আৰু মাৰ্ক চেপমেনে দলটোক কিছু শক্তি দিব চেষ্টা কৰে যদিও দুয়ো মাত্ৰ অৰ্ধশতক খেলে। প্ৰায় এবছৰৰ পাছত দললৈ ঘূৰি অহা স্পিনাৰ ৰবি বিষ্ণোইয়ে অংশীদাৰিত্ব ভংগ কৰে। বিষ্ণোই দুয়োকে আউট কৰে। ইয়াৰ লগতে হাৰ্দিক পাণ্ডিয়াই ডেৰিল মিচেলক আউট কৰে। কিৱি বাহিনীৰ অধিনায়ক মিচেল ছাণ্টনাৰে শেষত কিছু দ্ৰুত ৰান সংযোজন কৰে, কিন্তু বুমৰাহে তেওঁক আউট কৰে।বুমৰাহে ৩টা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্দিক আৰু বিষ্ণোইয়ে দুটাকৈ উইকেট দখল কৰে।

ইয়াৰ পাছত টীম ইণ্ডিয়াই দেখুৱাই বেটিং পৰাক্ৰম। মাত্ৰ ১০ অভাৰতে লক্ষ্য পূৰ কৰে ভাৰতে। অভিষেক শৰ্মাই ২০ টা বলত ৬৮ ৰান, সূৰ্য কুমাৰ যাদৱে ২৬ টা বলত ৫৭ ৰান আৰু ইষাণ কিষাণে ১৩ টা বলত ২৮ ৰান কৰে।

 

অন্য খবৰ পঢ়কঃ অসমৰ ৫ গৰাকীলৈ পদ্মশ্ৰী সন্মান, চাওক তালিকা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...