IND vs ENG 2nd Test: এজবেষ্টন টেষ্টত নেখেলে বুমৰাহে, ভাৰতীয় দলত তিনিটা ডাঙৰ সাল-সলনি
দ্বিতীয়খন টেষ্টত ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এই টেষ্টৰ বাবে ইংলেণ্ডে এদিন আগতেই নিজৰ এঘাৰজনীয়া দল ঘোষণা কৰিছিল, য’ত কোনো পৰিৱৰ্তন হোৱা নাই। কিন্তু ভাৰতীয় দলত ৩টা ডাঙৰ পৰিৱৰ্তন হৈছে।

এজবেষ্টনত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে দ্বিতীয়খন টেষ্ট। এই দ্বিতীয়খন টেষ্টত ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এই টেষ্টৰ বাবে ইংলেণ্ডে এদিন আগতেই নিজৰ এঘাৰজনীয়া দল ঘোষণা কৰিছিল, য’ত কোনো পৰিৱৰ্তন হোৱা নাই। কিন্তু ভাৰতীয় দলত ৩টা ডাঙৰ পৰিৱৰ্তন হৈছে। ভাৰতীয় অধিনায়ক শুভমন গিলে টছৰ পিছত ভাৰতৰ এঘাৰজনীয়া দল ঘোষণা কৰে, য’ত তেওঁ কয় যে বুমৰাহে এই টেষ্ট নেখেলে।
এজবেষ্টন টেষ্টৰ পৰা জিৰণি ল’ব বুমৰাহে
ইতিমধ্যে বুমৰাহে এজবেষ্টন টেষ্টত খেলিব নোৱাৰাক লৈ চৰ্চা চলিছিল। ভাৰতীয় অধিনায়ক শুভমন গিলে টছৰ পিছত এই সম্পৰ্কে ঘোষণা কৰে। গিলৰ মতে, বুমৰাহক এজবেষ্টন টেষ্টৰ পৰা জিৰণি দিয়া হৈছে। লিডছ টেষ্টৰ প্ৰথম ইনিংছত বুমৰাহে ৫টা উইকেট দখল কৰে।
বুমৰাহৰ স্থানত আকাশদীপক অন্তৰ্ভুক্তি
এতিয়া প্ৰশ্ন হয় যে যদি বুমৰাহে নেখেলে তেন্তে তেওঁৰ ঠাইত দলত কোনে স্থান পাইছে? টছৰ সময়ত শুভমন গিলে বুমৰাহৰ সলনি আকাশদীপক দলত স্থান দিয়াৰ কথা জনাইছে।
টীম ইণ্ডিয়াত আন দুটা পৰিৱৰ্তন
এজবেষ্টন টেষ্টৰ বাবে টীম ইণ্ডিয়াত আৰু দুটা পৰিৱৰ্তন ঘটিছে। কৰুণ নাইৰ আৰু শাৰ্দুল ঠাকুৰেও দলত স্থান লাভ কৰা নাই। দলৰ এই দুগৰাকী খেলুৱৈৰ ঠাইত নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰে স্থান লাভ কৰিছে।
এজবেষ্টন টেষ্টত ভাৰতৰ মূল একাদশ
শুভমন গিল (অধিনায়ক), যশস্বী জয়ছৱাল, কে এল ৰাহুল, কৰুণ নাইৰ, ঋষভ পন্ত, ৰবীন্দ্ৰ জাডেজা, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, আকাশদীপ, ৱাশ্বিংটন সুন্দৰ, প্ৰসিদ্ধ কৃষ্ণ
এজবেষ্টনত ভাৰতৰ অভিলেখ
ইংলেণ্ডৰ খেলপথাৰসমূহৰ ভিতৰত এজবেষ্টন অন্যতম য’ত টিম ইণ্ডিয়াৰ অভিলেখ দুৰ্বল। এজবেষ্টনত আজিলৈকে ভাৰতে এখনো টেষ্টত জয়ী হোৱা নাই। ইয়াত ভাৰতে ৮ খন টেষ্ট খেলিছে, ইয়াৰে ৭ খনত পৰাস্ত হৈছে আৰু এখন টেষ্ট ড্ৰ’ হৈছে।