IND U19 vs AUS U19: বৈভৱৰ ৯ টা ছয়, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ক্লীন ছুইপ…

IND U19 beat AUS U19:ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলটোৱে দ্বিতীয়খন মাল্টি ডে মেচত পুনৰ অষ্ট্ৰেলিয়াক পৰাস্ত কৰি শৃংখলাৰ ক্লীন ছুইপ। এই শৃংখলাত বৈভৱ সূৰ্যবংশীয়ে কৰে ১৩৩ ৰান। এই সময়চোৱাত তেওঁ ৯টা ছয় কোবাইছিল।

IND U19 vs AUS U19: বৈভৱৰ ৯ টা ছয়, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ক্লীন ছুইপ...

বৈভৱ সূৰ্যবংশী

Published: 

08 Oct 2025 | 06:53 PM

ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি দুখন মেচৰ টেষ্ট শৃংখলাত জয়লাভ কৰে। দ্বিতীয়খন মাল্টি ডে মেচত অষ্ট্ৰেলিয়াৰ ১৯ অনুৰ্ধৰ দলটোৱে ভাৰতৰ ১৯ অনুৰ্ধৰ দলটোক ৮১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ৩টা উইকেটৰ বিনিময়ত অষ্ট্ৰেলিয়াই এই ৰান লাভ কৰিছিল। এই মেচতেই ভাৰতৰ ১৯ অনুৰ্ধ দলটোৱে জয়লাভ কৰে।

এই জয়ত সম্পূৰ্ণ দলটোৰ অৰিহনা আছে। ১৪ বছৰীয়া তাৰকা খেলুৱৈ বৈভৱ সূৰ্যবংশীয়ে জয়ৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে বুলি ক’ব পাৰি। তেওঁ ১৩৩ ৰান সংগ্ৰহ কৰ। বৈভৱৰ লগতে বহু খেলুৱৈৰ বাবে এয়া আছিল প্ৰথম অষ্ট্ৰেলিয়া ভ্ৰমণ।

বৈভৱৰ ১৩৩ ৰান

অষ্ট্ৰেলিয়াৰ ১৯ অনুৰ্ধৰ বিৰুদ্ধে দুখন মাল্টি ডে মেচ খেলি বৈভৱ সূৰ্যবংশীয়ে ১৩৩ ৰান সংগ্ৰহ কৰে। এই সময়চোৱাত তেওঁ ৯ টা ছয় আৰু ১১ টা চাৰি কোবায়। দুখন মেচৰ শৃংখলাৰ তিনিটা ইনিংছত তেওঁ এই ৰান সংগ্ৰহ কৰে। প্ৰথমখন মাল্টি ডে মেচৰ প্ৰথম ইনিংছচ বৈভৱে ৮৬ টা বলত ৮টা ছয় আৰু ৯টা চাৰিকে ধৰি ১১৩ ৰান সংগ্ৰহ কৰে। ৰেডবল ক্ৰিকেটত এয়া তেওঁৰ সৰ্বোচ্চ স্ক’ৰ।

ইয়াৰ পাছত দ্বিতীয় মাল্টি ডে মেচত বৈভৱে ২০ ৰান সংগ্ৰহ কৰে। য’ত তেওঁ ১টা ছয় আৰু ২ টা চাৰি কোবাই। এই সমগ্ৰ শৃংখলাত বৈভৱে ৯ টা ছয়ৰে ১৩৩ ৰান সংগ্ৰহ কৰে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰদৰ্শন

অষ্ট্ৰেলিয়াৰ ১৯ অনুৰ্ধৰ দলটোৰ বিৰুদ্ধে ভাৰতৰ ১৯ অনুৰ্ধ দলে প্ৰথমখন মাল্টি ডে মেচত এক ইনিংছ আৰু ৫৮ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। দ্বিতীয়খন মাল্টি ডে মেচত ৭ উইকেটত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ক্লীন ছুইপ কৰে।

দ্বিতীয় মেচত অষ্ট্ৰেলিয়াই বেটিং কৰি ১৩৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছত ভাৰতে প্ৰথম ইনিংছত ১৭১ ৰান সংগ্ৰহ কৰি ৩৬ ৰানৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ১১৬ ৰান কৰাৰ পাছতে ভাৰতক ৮১ ৰানৰ লক্ষ্য দিয়ে। এনে অৱস্থাত ভাৰতে ৭ উইকেটত জয়লাভ কৰে।

 

অন্য খবৰ পঢ়কঃ সৰ্বাধিক ৬ কোবাই বৈভৱে ভংগ কৰিলে বিশ্ব ৰেকৰ্ড, জয়ী প্ৰথমখন টেষ্টত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব