GT vs RR Playing XI IPL 2025 : আজি আহমেদাবাদত ৰাজস্থান বনাম গুজৰাট, চাওক দুয়োটা দলৰ সম্ভাব্য় একাদশ…

Gujarat Titans vs Rajasthan Royals Preview : ধাৰাবাহিক পৰাজয়ৰ পাছত ৰাজস্থান ৰয়েলছৰ শেষৰখন মেচত প্ৰদৰ্শন অতি ভাল আছিল। পঞ্জাৱ কিংছৰ খেলপথাৰত ডাঙৰ জয় লাভ কৰে ৰাজস্থানে। পুনৰ ফৰ্মলৈ ঘূৰি আহিছে যশস্বী জয়ছৱাল। বৰ্তমান দুয়োটা দলৰ অৱস্থা অতি উত্তম। আজি সন্ধিয়া আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ।

GT vs RR Playing XI IPL 2025 : আজি আহমেদাবাদত ৰাজস্থান বনাম গুজৰাট, চাওক দুয়োটা দলৰ সম্ভাব্য় একাদশ...

আইপিএল ২০২৫

Published: 

09 Apr 2025 | 05:07 PM

পৰাজয়ৰ সৈতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নতুন ছিজনৰ আৰম্ভণি গুজৰাট টাইটানছৰ। ইয়াৰ পাছতে ধাৰাবাহিক জয়। আনহাতে ধাৰাবাহিক পৰাজয়ৰ পাছত ৰাজস্থান ৰয়েলছৰ শেষৰখন মেচত প্ৰদৰ্শন অতি ভাল আছিল। পঞ্জাৱ কিংছৰ খেলপথাৰত ডাঙৰ জয় লাভ কৰে ৰাজস্থানে। পুনৰ ফৰ্মলৈ ঘূৰি আহিছে যশস্বী জয়ছৱাল। বৰ্তমান দুয়োটা দলৰ অৱস্থা অতি উত্তম।

আজি সন্ধিয়া আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ। টাইটানছৰ বিদেশী পেচাৰ কাগিছ’ ৰাবাডা এতিয়াও ঘূৰি অহা নাই। ব্যক্তিগত কাৰণত ঘৰলৈ উভতি যাব লগা হৈছিল ৰাবাডা । ৰাবাডাৰ অবিহনে যোৱা দুখন মেচত টাইটানছে জয় লাভ কৰিছে। বলিং আক্ৰমণত আগবাঢ়ি আছে মহম্মদ ছিৰাজ।

ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে জোছ বাটলাৰৰ বাবে এইখন আৱেগিক মেচ হ’ব পাৰে। পূৰ্বে গোলাপী ৰঙৰ জাৰ্চি পৰিধান কৰি ৰাজস্থানৰ হৈ খেলিছিল বাটলাৰে । এইবাৰ বাটলাৰক ধৰি ৰাখিব নোৱাৰিলে ৰয়েলছে। সঞ্জু আৰু যশস্বীৰ বিৰুদ্ধে খেলাটো বাটলাৰৰ বাবে যথেষ্ট আৱেগিক হ’ব বুলি ক’ব পাৰি। ইফালে যোৱা খেলখনত ৰিয়ান পৰাগৰ বেটিং প্ৰদৰ্শনও অত্যন্ত ভাল আছিল । যি কি নহওক আজিৰ সন্ধিয়া ৰাজস্থান আৰু গুজৰাটৰ খেলখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হ’ব বুলি আশা কৰা হৈছে ।

গুজৰাট টাইটানছৰ সম্ভাৱ্য একাদশ : শুভমান গিল, চাই সুদৰ্শন, জোছ বাটলাৰ, শ্বাৰফান ৰাদাৰফোৰ্ড, শ্বাহৰুখ খান, ৰাহুল টেৱাটিয়া, ৱাশ্বিংটন সুন্দৰ/আৰ্ষদ খান, ৰছিদ খান, চাই কিশোৰ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, ঈশান্ত শৰ্মা ।

ৰাজস্থান ৰয়েলছৰ সম্ভাৱ্য খেলা একাদশ : যশস্বী জয়ছৱাল, সঞ্জু চেমছন, ৰিয়ান পৰাগ, নীতিশ ৰানা, ধ্ৰুৱ জুৰেল, শ্বিমৰন হেটমায়াৰ, ৱানিন্দু হাছাৰংগা, জোফ্ৰা আৰ্চাৰ, কুমাৰ কাৰ্তিকেয়া/শুভম ডুবে, মহেশ থিক্সানা, যুধবীৰ সিং/তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...