IPL ত শতক অৰ্জন কৰা বৈভৱ সূৰ্যবংশীয়ে ফেইল কৰিলে নেকি দশম শ্ৰেণীৰ পৰীক্ষাত? জানক সঁচা কি…

আই পি এলৰ এটি চৰ্চিত নাম বৈভৱ সূৰ্যবংশী। পিছে এতিয়া আন এটা বিষয়ক লৈ বৈভৱ চৰ্চিত আছে। কোৱা হৈছে, বৈভৱে দশম শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হৈছে। পিছে সত্যটো কি?

IPL ত শতক অৰ্জন কৰা বৈভৱ সূৰ্যবংশীয়ে ফেইল কৰিলে নেকি দশম শ্ৰেণীৰ পৰীক্ষাত? জানক সঁচা কি...

বৈভৱ সূৰ্যবংশী

Updated On: 

16 May 2025 | 10:12 AM

আই পি এল-২০২৫ ৰ এটি চৰ্চিত নাম বৈভৱ সূৰ্যবংশী। মাত্ৰ ১৪ বছৰ বসয়তে আই পি এলত খেলাৰ সুযোগ লাভ কৰা বৈভৱে এখন মেচত ১০০ ৰান কৰি বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। গুজৰাট টাইটানছৰ বিৰুদ্ধে অনুষ্ঠিত খেলত বৈভৱে মাত্ৰ ৩৫ টা বলত শতক অৰ্জন কৰি দ্ৰুত ভাৰতীয় খেলুৱৈৰ স্থান লাভ কৰিবলৈ সক্ষম হয়। পিছে এইবাৰ আই পি এল নহয়, আন এক কাৰণতহে বৈভৱ চৰ্চাত আহিছে।  সামাজিক মাধ্যমত এক খবৰ প্ৰচাৰ হৈছে যে,  ব’ৰ্ডৰ পৰীক্ষাত বৈভৱে ফেইল কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত একাধিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, বৈভৱে দশম শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হৈছে। মূহুৰ্তৰ ভিতৰতে এই সমগ্ৰ সকলোফালে বিয়পি পৰে।  কিন্তু এই কথা জানো সঁচা?

যদি আমি সঁচা কথা ক’বলৈ যাওঁ তেন্তে এই খবৰ আছিল ভুৱা। মানুহে উৰা বাতৰিৰ কবলত পৰি এই খবৰ সঁচা বুলি ভাবিছিল। কিন্তু প্ৰকৃততে বৈভৱ পৰীক্ষাত ব্যৰ্থ হোৱা নাছিল। দৰাচলতে বৈভৱৰ বয়স মাত্ৰ ১৪ বছৰ। তেওঁ বৰ্তমান নৱম শ্ৰেণীত পঢ়ি আছে। তেওঁ দশম শ্ৰেণীৰ পৰীক্ষা দিয়াই নাছিল।

ছ’চিয়েল মিডিয়াত বিয়পি পৰা চিবিএছইৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত বৈভৱ সূৰ্যবংশী ফেইল হোৱাৰ খবৰটো আছিল মিছা। ইয়াৰ কোনো প্ৰকৃত সত্যতা নাই। ৰাজস্থানৰ যুৱ ক্ৰিকেটাৰ বৈভৱক লৈ ইণ্টাৰনেটত প্ৰচাৰিত হোৱা পোষ্টটো আছিল– ‘১৪ বছৰীয়া বৈভৱ সূৰ্য্যবংশীয়ে দশম শ্ৰেণীৰ চিবিএছই ব’ৰ্ড পৰীক্ষাত ব্যৰ্থ হোৱাৰ পিছত বিচিচিআইয়ে তেওঁৰ উত্তৰ বহীখন ডি আৰ এছ ষ্টাইলৰ পৰ্যালোচনাৰ বাবে অনুৰোধ জনাইছে।’ সেই ধেমেলীয়া পোষ্টটোকিছু সময়ৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

উল্লেখ্য যে,  আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে ট্ৰাইলত উপস্থিত হৈ বৈভৱে ৰাজস্থানৰ নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ৰাজস্থানে মেগা নিলামত তেওঁক এক কোটি টকাৰো অধিক মূল্যত কিনিছিল। আই পি এৰ প্ৰথমখন মেচ তেওঁ লক্ষ্ণৌৰ বিৰুদ্ধে খেলি ৩৪  ৰানৰ ইনিংছ খেলিছিল। ইয়াৰ পাছকে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু বৈভৱে যেতিয়া তেওঁৰ তৃতীয়খন মেচত শতকৰ ঐতিহাসিক ইনিংছ খেলে তেতিয়া ক্ৰিকেট অনুৰাগীসকল আচৰতি হৈ পৰে।

বৰ্তমান আই পি এলৰ পইণ্ট তালিকাত ৰাজস্থান ৯ নম্বৰত আছে। এই পৰ্যন্ত দলটোৱে ১২খন মেচ খেলিছে। ইয়াৰে ৩ খনত জয় আৰু ৯ খন পৰাজয়ৰ সন্মুখীন হৈছে দলটো।  ইয়াৰোপৰি বৰ্তমান সময়ত আই পি এ স্থগিত আছে। গতিকে পৰৱৰ্তী সময়ত বৈভৱে কি প্ৰদৰ্শন কৰে সেয়া হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ দোষী সাব্যস্ত হ’লে নিষিদ্ধ হ’ব নেকি বৈভৱ সূৰ্যবংশী? খেলুৱৈগৰাকীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...