ৰোহিতে অৱসৰ ল’ব নে নাই? সকলো কথা স্পষ্ট কৰি দিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে..

Rohit sharma: চেম্পিয়নছ ট্ৰফী ২০২২৫ ৰ খিতাপ দখল কৰি দেশবাসীক জয়ৰ আন এক সোৱাদ দিলে ৰোহিত বাহিনীয়ে। কিন্তু এই সকলোবোৰৰ মাজতে ৰোহিতৰ অৱসৰ সন্দৰ্ভত প্ৰচাৰ হৈছিল বহু উৰাবাতৰি।

ৰোহিতে অৱসৰ লব নে নাই? সকলো কথা স্পষ্ট কৰি দিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে..

ৰোহিত শৰ্মা

Published: 

10 Mar 2025 | 09:48 AM

নিজৰ অধিনায়কত্বত টিম ইণ্ডিয়াৰ হৈ আন এটা খিতাপ দখল কৰি সমগ্ৰ দেশবাসীক জয়ৰ সোৱাদ দিলে ৰোহিত শৰ্মাই। ভাৰতীয় ক্ৰিকেট দলটোৱে ৰোহিতৰ অধিনায়কত্বত টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ লগতে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ খিতাপ দখল কৰিবলৈও সক্ষম হয়। সকলোৱে এই জয়ৰ আশা কৰিছিল যদিও ক্ৰিকেট অনুৰাগীসকলে শংকিত হৈছিল যে এই মেচৰ পাছতে ৰোহিত শৰ্মাই অৱসৰ ঘোষণা কৰিব পাৰে। কিন্তু চেম্পিয়নছ ট্ৰফী জয়ৰ পাছতে ৰোহিতে সকলো জল্পনা কল্পনা আৰু উৰাবাতৰিৰ অন্ত পেলাই এই বিষয়টো সন্দৰ্ভত স্পষ্ট মন্তব্য কৰে। তেওঁ কয় যে, বৰ্তমান সময়ত এই ফৰ্মেটৰ পৰা তেওঁ অৱসৰ নলয়।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে বহু উৰাবাতৰি চলিছিল যে এই ফাইনেলত টিম ইণ্ডিয়া জয়ী হওক বা নহওক, ৰোহিতে অৱসৰ গ্ৰহণ কৰিব। হয়তো এই নিশাটোতে হ’ব ৰোহিতৰ শেষৰখন এদিনীয়া মেচ। এনে পৰিস্থিতিত টিম ইণ্ডিয়া জয়ী হোৱাৰ পাছত সকলোৱে অপেক্ষা কৰি আছিল যে ৰোহিতে অৱসৰ গ্ৰহণ কৰিব নে নাই। এই সন্দৰ্ভত ৰোহিতে মেচৰ পূৰ্বে একো কোৱা নাছিল যদিও সংবাদমেলত তেওঁ এই সন্দৰ্ভত এক স্পষ্ট বাৰ্তা দিয়ে।

কি ক’লে ৰোহিতে

টিম ইণ্ডিয়া চেম্পিয়ন হোৱাৰ পিছত সংবাদমেলত ৰোহিতে বহু প্ৰশ্নৰ উত্তৰ দিয়ে। শেষত ৰোহিতে কয় যে- “আৰু এটা শেষ কথা, মই এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰা নাই। এই কথা স্পষ্ট কৰি দিছো যাতে আৰু কোনো উৰাবাতৰি প্ৰচাৰ নহয়”। ৰোহিতৰ এই মন্তব্যই টিম ইণ্ডিয়া তথা ৰোহিতৰ অনুৰাগীসকলক বিশেষ সকাহ প্ৰদান কৰিছে। অধিনায়কগৰাকীয়ে ফাইনেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ লগতে অৱসৰ সন্দৰ্ভত সকলো উৰা বাতৰিৰ অন্ত পেলায়।

 

বিশ্বকাপ ২০২৭ লক্ষ্য

ৰোহিতে ইয়াৰ পূৰ্বেও স্পষ্ট কৰি দিছিল যে তেওঁ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ খেলিব বিচাৰে। তেওঁ কৈছিল যে, এই খিতাপ তেওঁ দখল কৰিব বিচাৰে।  ৰোহিতৰ অধিনায়কত্বত ২০২৩ চনৰ বিশ্বকাপত টিম ইণ্ডিয়াই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল যদিও ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এনে পৰিস্থিতিত ৰোহিতে অনুৰাগীক আশাৰ সঞ্চাৰ কৰিছে যে হয়তো ২০২৭ চনৰ বিশ্বকাপত তেওঁ এই সপোন পূৰণ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...