গাব্বাত ‘মাংকীগেট’ কাণ্ড, বৰ্ণ বৈষম্যৰ চিকাৰ বুমৰাহ! সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ

চলিত গাব্বা টেষ্টত আজি দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ বেটিং বিক্ৰমৰ পৰিৱৰ্তে ভাৰতৰ হৈ কেৱল যশপ্ৰীত বুমৰাহেহে বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আজি পতন ঘটা ৭টা উইকেটৰ ভিতৰত বুমৰাহে পাঁচটা উইকেট দখল কৰে। পিছে বলিঙত এই সাফল্য লাভ কৰিও মেচৰ সময়ত বৰ্ণ বৈষম্যৰ চিকাৰ হৈছে তাৰকা পেচাৰগৰাকী।

গাব্বাত ‘মাংকীগেট’ কাণ্ড, বৰ্ণ বৈষম্যৰ চিকাৰ বুমৰাহ! সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ

বৰ্ণ বৈষম্যৰ চিকাৰ বুমৰাহ!

Updated On: 

15 Dec 2024 | 06:06 PM

বৰষুণৰ বাবে গাব্বা টেষ্টৰ প্ৰথম দিনা মাত্ৰ ১৩.২ অভাৰৰ খেল সম্ভৱ হোৱাৰ পিছত আজি দ্বিতীয় দিনা দেখা গ’ল অষ্ট্ৰেলিয়াৰ বেটিং বিক্ৰম। ভাৰতৰ বাবে মূৰৰ কামোৰণি হৈ পৰা ট্ৰেভিছ হেডে পুনৰ এবাৰ ভাৰতীয় বলিং আক্ৰমণক তচনচ কৰি খেলে ১৫২ ৰাণৰ এক মাৰমুখী ইনিংছ। হেডৰ লগতে অভিজ্ঞ তাৰকা ষ্টিভ’ স্মিথেও খেলে ১০১ ৰানৰ আন এক দৰ্শনীয় শতকীয় ইনিংছ। হেড আৰু স্মিথৰ এই দৰ্শনীয় বেটিঙৰ সহায়ত অষ্ট্ৰেলিয়াই দিনটোৰ খেল সামৰণিৰ পৰলৈ ৭টা উইকেট হেৰুৱাই ৪০৫ ৰান সংগ্ৰহ কৰে।

ইফালে ভাৰতৰ হৈ কেৱল যশপ্ৰীত বুমৰাহেহে বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। দিনটোৰ আৰম্ভণিতে দুই অষ্ট্ৰেলিয়ান অপেনাৰ খাৱাজা আৰু মেকছুইনীৰ উইকেট দখলৰ পিছত হেড-স্মিথৰ যুটি ভংগ কৰি ভাৰতৰ বাবে পুনৰ সকাহ কঢ়িয়াই আনে বুমৰাহে। এই দুই তাৰকাৰ লগতে মিচেল মাৰ্শ্বৰো উইকেট দখল কৰি বুমৰাহে পাঁচটা উইকেট সম্পূৰ্ণ কৰে। পিছে বলিঙত এই সাফল্য লাভ কৰিও মেচৰ সময়ত বৰ্ণ বৈষম্যৰ চিকাৰ হৈছে তাৰকা পেচাৰগৰাকী।

মেচৰ সময়ত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ হিচাপে কমেণ্ট বক্সত থকা ইছা গুহাই বুমৰাহক লৈ কৰা বৰ্ণবাদী মন্তব্যক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। দিনটোৰ আৰম্ভণিতে বুমৰাহৰ তীক্ষ্ণ বলিঙত আপ্লুত হৈ কমেণ্ট বক্সত থকা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰ ব্ৰেট লীয়ে উষ্ম প্ৰশংসা কৰে। ফক্স ক্ৰিকেটৰ হৈ ধাৰাভাষ্যকাৰ হিচাপে থকা লীয়ে ‘এগৰাকী প্ৰাক্তন অধিনায়কৰ পৰা এনে  প্ৰদৰ্শনেই বিচাৰে’ বুলি মন্তব্য কৰে।

লীৰ সৈতে সেই সময়ত কমেণ্ট বক্সত আছিল ইছা গুহা। লীৰ মন্তব্যৰ সঁহাৰি জনাই তেওঁ কয়, “তেওঁ এমভিপি নহয়নে? ম’ষ্ট ভেলুৱেব’ল প্ৰাইমেট যশপ্ৰীত বুমৰাহ।” উল্লেখ্য যে এমভিপিৰ সম্পূৰ্ণ অৰ্থ হৈছে ম’ষ্ট ভেলুৱেব’ল প্লেয়াৰ অৰ্থাৎ আটাইতকৈ মূল্যৱান খেলুৱৈ। কিন্তু ইছা গুহাই প্লেয়াৰ শব্দৰ পৰিৱৰ্তে প্ৰাইমেট শব্দ ব্যৱহাৰ কৰিছিল। প্ৰাইমেট শব্দৰ অৰ্থ হৈছে ‘বান্দৰ’। এনে পৰিস্থিতিত গুহাৰ এই মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হয় ব্যাপক বিতৰ্কৰ।

ভাৰতীয় অনুৰাগীসকলে গুহাৰ এনে মন্তব্যৰ প্ৰতি তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই বিতৰ্কই পুনৰ ২০০৮ চনত সংঘটিত হোৱা মাংকিগেট কাণ্ডৰ প্ৰসঙ্গ সমুখলৈ আনিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মেচত সৃষ্টি হৈছিল এনে বিতৰ্কৰ। হৰভজন সিঙৰ বিৰুদ্ধে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমণ্ডছে তেওঁক বান্দৰ আখ্যা দি বৰ্ণ নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। এনে অভিযোগৰ পিছতে হৰভজনৰ ওপৰত কেইখনমান মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...