প্ৰত্যাৱৰ্তনৰ আশা ভংগ! এডিলেইডতো পৰাস্ত হৈ শৃংখলা হেৰুৱালে ভাৰতে

পাৰ্থত হোৱা প্ৰথম এদিনীয়াত প্ৰত্যাৱৰ্তনকাৰী দুই অভিজ্ঞ তাৰকা ৰোহিত-কোহলীৰ ব্যৰ্থতা আৰু ভাৰতৰ পৰাজয়ে আশাহত কৰিছিল অনুৰাগীক। ইয়াৰ পিছতো সকলোৱে আশা কৰিছিল কৰিছিল শৃংখলাত প্ৰত্যাৱৰ্তনৰ। পিছে এডিলেইডত আজি এই আশাও ভংগ হ’ল ভাৰতীয় দল তথা অনুৰাগীৰ।

প্ৰত্যাৱৰ্তনৰ আশা ভংগ! এডিলেইডতো পৰাস্ত হৈ শৃংখলা হেৰুৱালে ভাৰতে

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা হেৰুৱালে ভাৰতে

Updated On: 

23 Oct 2025 18:27 PM

দীৰ্ঘদিনৰ মূৰত জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছিল দুই তাৰকা ৰোহিত আৰু কোহলীৰ। ইফালে নতুন অধিনায়ক হিচাপে দায়িত্ব বহন শুভমন গিলৰ। এই দুই কাৰণত অষ্ট্ৰেলিয়াৰ বিপক্ষে এদিনীয়া শৃংখলাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে। পিছে পাৰ্থত হোৱা প্ৰথম এদিনীয়াত প্ৰত্যাৱৰ্তনকাৰী দুই অভিজ্ঞ তাৰকা ৰোহিত-কোহলীৰ ব্যৰ্থতা আৰু ভাৰতৰ পৰাজয়ে আশাহত কৰিছিল অনুৰাগীক। ইয়াৰ পিছতো সকলোৱে আশা কৰিছিল কৰিছিল শৃংখলাত প্ৰত্যাৱৰ্তনৰ।

পিছে এডিলেইডত আজি এই আশাও ভংগ হ’ল ভাৰতীয় দল তথা অনুৰাগীৰ। আজি শৃংখলাৰ দ্বিতীয়খন মেচতো ভাৰতীয় দলে ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ সমুখত পৰাজয় স্বীকাৰ কৰে আৰু তিনিখনীয়া মেচৰ শৃংখলাটোত ২-০ ব্যৱধানত পিছ পৰে। ইয়াৰ লগে লগে শৃংখলাও হেৰুৱাইছে ভাৰতীয় দলে।

মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে সংগ্ৰহ কৰিছিল ২৬৪ ৰান। অভিজ্ঞ তাৰকা ৰোহিত শৰ্মাই দললৈ সৰ্বাধিক ৭৩ ৰানৰ অৱদান আগবঢ়ালেও পুনৰবাৰ ব্যৰ্থ হয় আনগৰাকী অভিজ্ঞ তাৰকা কোহলী আৰু নতুন অধিনায়ক গিল। কোহলীয়ে কোনো ৰান সংগ্ৰহ নকৰাকৈ বিদায় লোৱাৰ বিপৰীতে গিলে কৰে মাত্ৰ ৯ ৰান।

ইফালে সহ-অধিনায়ক শ্ৰেয়স আয়াৰে ৬১ আৰু অক্ষৰ পেটেলে ৪৪ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। শেষলৈ হৰ্ষিত ৰানাই ২৪ ৰান সংগ্ৰহ কৰি দলৰ ইনিংছ ২৬৪ ৰানলৈ নিয়ে। অষ্ট্ৰেলিয়াৰ হৈ আডাম জাম্পাই ৪টা, জেভিয়াৰ বাৰ্টলেটে ৩টা আৰু মিচেল ষ্টাৰ্কে ২টা উইকেট দখল কৰে।

জয়ৰ বাবে এই লক্ষ্য বৃহৎ নাছিল যদিও অৱশ্যে অষ্ট্ৰেলিয়াক যুঁজ দিবলৈ বাধ্য কৰিছিল ভাৰতে। ৫৪ ৰানৰ দলীয় স্ক’ৰত দুই অপেনাৰক বিদায় দিছিল যদিও ৰেনশ্ব’ আৰু শ্বৰ্টে দলৰ স্থিতি শক্তিশালী কৰে। দললৈ সৰ্বাধিক ৭৪ ৰানৰ অৱদান আগবঢ়ায়। ৰেনশ্ব’ই কৰে ৩০ ৰান। দলটোৱে ১৮৭ ৰানত হেৰুৱাইছিল ৫টা উইকেট।

এনে স্থিতিত ভৰতীয় দলে কিছু আশাৰ সঞ্চাৰ ঘটাইছিল যদিও ষষ্ঠ উইকেটত দুই যুৱ বেটাৰ কুপাৰ কনল্লী আৰু মিচেল অ’ৱেনে ভাৰতৰ এই আশা ভংগ কৰে। অ’ৱেনে ২৩ বলত ৩৬ ৰান কৰি বিদায় ল’লেও কলন্নীয়ে ৬১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় আৰু দলক ২ উইকেটত জয়ী কৰায়।

ভাৰতৰ হৈ অৰ্শদীপ, হৰ্ষিত আৰু সুন্দৰে দুটাকৈ উইকেট লাভ কৰে। এই জয়েৰে অষ্ট্ৰেলিয়াই তিনিখনীয়া মেচৰ শৃংখলাটোত ২-০ৰ অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। মেচখনত দৰ্শনীয় বলিঙেৰে ভাৰতীয় বেটিং লাইন আপক বান্ধি ৰখা জাম্পা মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। শৃংখলাৰ অন্তিমখন মেচ অহা ২৫ অক্টোবৰত ছিডনীত অনুষ্ঠিত হ’ব।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি খাব লাগে? জানিলে দূৰ হ’ব মনৰ শংকা
এডিলেইডত বিশ্ব অভিলেখ গঢ়িলে ৰোহিতে, পিছ পৰিল পাকিস্তানৰ এইগৰাকী তাৰকা
বাৰে বাৰে কাহ হৈ থাকে নেকি? কি ৰোগৰ লক্ষণ, জানক...
পুৱাৰ সময়ত মূৰৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণ...