Asia Cup 2025 Final: এছিয়া কাপৰ ফাইনেলৰ মাজতে ডাঙৰ খবৰ! দলৰ পৰা বাহিৰ হাৰ্দিক পাণ্ডিয়া…
Asia Cup 2025 Final: ৪১ বছৰৰ ইতিহাসত আজি এছিয়া কাপৰ ফাইনেলত ভাৰত-পাকিস্তানৰ খেল। কিন্তু ইয়াৰ পূৰ্বে আহিছে ডাঙৰ খবৰ। খেলৰ পৰা বাহিৰ হৈছে হাৰ্দিক পাণ্ডিয়া।

হাৰ্দিক পাণ্ডিয়া
৪১ বছৰৰ ইতিহাসত আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এছিয়া কাপত ভাৰত-পাকিস্তানৰ ফাইনেল খেল। এই সময়খিনি ক্ৰিকেটপ্ৰেমীৰ বাবে ঐতিহাসিক মুহূৰ্ত হ’ব পাৰে। কিয়নো প্ৰথমবাৰৰ বাবে এছিয়া কাপৰ ফাইনেলত দুয়োটা দল মুখামুখি হ’ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই হাই ভল্টেজ মেচখন ৮ টা বজাৰ পৰা আৰম্ভ হৈছে। টচত জয়ী হৈ ভাৰতে এই মেচত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।
কিন্তু ইয়াৰ মাজতে আহিছে এক ডাঙৰ খবৰ। এই খেলৰ পৰা বাহিৰ হৈছে হাৰ্দিক পাণ্ডিয়া। তথ্য অনুসৰি টিম ইণ্ডিয়াৰ অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক এই ডাঙৰ মেচখনৰ পৰা বাদ দিয়া হৈছে। ইয়াৰ আগৰ মেচখনত হাৰ্দিকৰ আঘাতৰ বাবে ক্ৰিকেটপ্ৰেমীসকলে বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছিল। যাৰ বাবে হাৰ্দিক পাণ্ডিয়াক ফাইনেলাৰ খেলৰ পৰা বাদ দিয়া হয় আৰু ৰিংকু সিঙে তেওঁৰ স্থান লাভ কৰে।
ৰিংকু সিঙৰ বাবে এয়া এক ডাঙৰ সুযোগ। ইয়াৰ পূৰ্বে তেওঁ গ্ৰুপ ষ্টেজ আৰু ছুপাৰ ফোৰত প্লেইং এঘাৰ স্থানত স্থান লাভ কৰাত ব্যৰ্থ হৈছিল। কিন্তু হাৰ্দিকৰ আঘাতৰ বাবে তেওঁ ফাইনেলত স্থান লাভ কৰে। এই সুযোগ ৰিংকু সিঙে এতিয়া কি হিচাপে গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।
ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া এই ফাইনেলে কেৱল ক্ৰীড়াপ্ৰেমীৰ বাবে নহয়, দুয়োখন দেশৰ বাবেও ডাঙৰ আবেগ। কিয়নো পহলগাম আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। বহুতে বিচাৰিছিল ভাৰতে পাকিস্তানৰ বিৰুদ্ধে নেখেলক। কিন্তু তাৰ পাছতো ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিছিল।
এছিয়া কাপ ২০২৫ ত ভাৰত-পাকিস্তানৰ খেলতো তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল। হেণ্ডচেক নকৰাৰ বাবে বিতৰ্কত সোমাই পৰিছিল সূৰ্য কুমাৰ যাদৱ। তাৰ পাছতে আজি দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব ফাইনেল। গতিকে এছিয়া কাপ ২০২৫ৰ খিতাপ কাৰ হাতলৈ যায় সেয়া সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ এছিয়া কাপৰ ফাইনেলত ভাৰত-পাকিস্তানৰ মেচ, ৪১ বছৰৰ ইতিহাসত প্ৰথম…