ৱিনেশৰ সংকট! নাডাই প্ৰেৰণ কৰিলে জাননী, দিলে ১৪ দিনৰ সময়

দেশৰ প্ৰাক্তন তাৰকা মল্লযুঁজাৰু তথা কংগ্ৰেছ নেত্ৰী ৱিনেশ ফ’গাট কিছুদিনৰ পিছত অনুষ্ঠিত হ’বলগীয়া হাৰিয়ানা বিধানসভা নিৰ্বাচনত জুলানা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে। নিৰ্বাচনৰ পূৰ্বে পিছে বিপদত পৰিছে ৱিনেশ। তাৰকা খেলুৱৈগৰাকীলৈ নাডাই প্ৰেৰণ কৰিছে জাননী।

ৱিনেশৰ সংকট! নাডাই প্ৰেৰণ কৰিলে জাননী, দিলে ১৪ দিনৰ সময়

ৱিনেশলৈ বিপদ!

Published: 

26 Sep 2024 17:06 PM

দেশৰ প্ৰাক্তন তাৰকা মল্লযুঁজাৰু তথা কংগ্ৰেছ নেত্ৰী ৱিনেশ ফ’গাট বিগত কিছুদিনৰ পৰা আছে ব্যাপক চৰ্চাত। পেৰিছ অলিম্পিকত দুৰন্ত প্ৰদৰ্শনেৰে পদকৰ কাষ চাপিও থমকিবলগা হৈছিল তাৰকা খেলুৱৈগৰাকী। অলিম্পিকৰ এই দুৰ্ভাগ্যৰ পিছতে ফ’গাটে মল্লযুঁজৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে। ইফালে খেলুৱৈ জীৱনৰ অৱসান ঘটোৱাৰ পিছতে ফ’গাটে সতীৰ্থ মল্লযুঁজাৰু বজৰং পুনিয়াৰ সৈতে কংগ্ৰেছ দলত যোগদান কৰে। আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনত ৱিনেশে এতিয়া জুলানা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে।

পিছে নিৰ্বাচনৰ আগে আগে বিপদৰ সন্মুখীন হৈছে ৱিনেশ ফ’গাট। নেচনেল এণ্টি ডপিং এজেন্সী, চমুকৈ নাডাই ফ’গাটলৈ জাৰি কৰিছে জাননী। আগন্তুক ১৪ দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ ৱিনেশক নিৰ্দেশ দিছে নাডাই। ড’প পৰীক্ষাৰ বাবে নিৰ্ধাৰিত সময় আৰু স্থানত উপস্থিত নথকাৰ অভিযোগত নাডাই খেলুৱৈগৰাকীলৈ এই জাননী জাৰি কৰিছে।

নাডাৰ ৰেজিষ্ট্ৰেড টেষ্টিং পুলত (আৰ টি পি) পঞ্জীয়ন কৰা সকলো খেলুৱৈয়ে ড’প টেষ্টিঙৰ বাবে নিৰ্দিষ্ট সময়ওত নিৰ্দিষ্ট স্থানত উপলব্ধ হ’ব লাগে। অন্যথা এয়া নাডাৰ নিয়ম উলংঘা হিচাপে গণ্য কৰা হয়। নাডাই জাননীত উল্লেখ কৰা মতে যোৱা ৯ ছেপ্টেম্বৰত শোনীপটস্থিত নিজ গৃ্হত ড’প টেষ্টৰ বাবে উপস্থিত থকা নাছিল।

গতিকে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে ৱিনেশক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া হৈছে বুলি নাডাই জাননীত উল্লেখ কৰিছে। ৱিনেশলৈ প্ৰেৰণ কৰা জাননীত নাডাই কয়, “এণ্টি ডপিং নিয়মৰ অধীনত উপস্থিত স্থানৰ তথ্যৰ প্ৰয়োজনীয়তাসমূহ মানি চলাত আপোনাৰ আপাত ব্যৰ্থতাৰ বিষয়ে অৱগত কৰিবলৈ আনুষ্ঠানিক জাননী জাৰি কৰা হৈছে।”

“এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে আপোনাক এই বিষয়ত স্পষ্টীকৰণ দিবলৈ কোৱা হৈছে। উক্ত দিনা আপোনাৰ ড’প পৰীক্ষা সম্পন্ন কৰাৰ বাবে এজন ড’প কণ্ট্ৰ’ল অফিচাৰ (ডিচিঅ’)ক নিৰ্দিষ্ট স্থানলৈ পঠিওৱা হৈছিল যদিও আপুনি সেই স্থানত উপস্থিত নথকাৰ বাবে পৰীক্ষা সম্পন্ন কৰিব পৰা নাছিল।”- জাননীখনত নাডাই লগতে কয়।

নাডাৰ এই জানননীৰ পিছত ৱিনেশে হয় এতিয়া নাডাৰ নিয়ম উলংঘা সন্দৰ্ভত উত্থাপিত অভিযোগ স্বীকাৰ কৰিব লাগিব, নহয় প্ৰায় ৬০ মিনিট সেই স্থানত উপস্থিত থকাৰ প্ৰমাণ দিব লাগিব। অৱশ্যে এই ক্ষেত্ৰত কোনো শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন নহয় ৱিনেশ। কোনো খেলুৱৈয়ে ১২ মাহত তিনিবাৰকৈ স্থানৰ তথ্যৰ সৈতে জড়িত নিয়ম উলংঘা কৰিলেহে নাডাই খেলুৱৈজনৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা ল’ব পাৰে।

ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?
শোৱাৰ সময়ত বিচনাৰ তলত ৰাখক এগিলা পানী, লাভ কৰিব এনে চমৎকাৰী ফল…
ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ সোমবাৰে শিৱলিঙ্গত কি আগবঢ়াব লাগে, জানেনে আপুনি?
ৰে'লৰ ভিতৰত থাকিব বাথটাব, চিনেমা ৰুম! ক'ত চলিব এই বিলাসী ৰে'লখন?