অশ্বিনলৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰী মোদীয়েঃ পত্ৰত ভাৰত-পাকিস্তান মেচৰ প্ৰসঙ্গ…

এটা দশকতকৈয়ো অধিক সময় ধৰি ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অনেক সুখকৰ মুহূৰ্ত প্ৰদান কৰা অশ্বিনক অৱসৰৰ পিছত সকলোৱে এই সফল কেৰিয়াৰৰ বাবে ধন্যবাদ জনায়। কেৱল সাধাৰণ ক্ৰিকেট অনুৰাগীসকলেই নহয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অশ্বিনৰ এই আকস্মিক ঘোষণাত স্তম্ভিত হৈ পৰে। এক বিশেষ পত্ৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে অশ্বিনক কেৰিয়াৰ সামৰণিৰ বাবে অভিনন্দন জনায় আৰু তেওঁৰ অৱদানৰ উচ্চ প্ৰশংসা কৰে।

অশ্বিনলৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰী মোদীয়েঃ পত্ৰত ভাৰত-পাকিস্তান মেচৰ প্ৰসঙ্গ…

অশ্বিনলৈ পত্ৰ প্ৰধানমন্ত্ৰী মোদীৰ

Published: 

22 Dec 2024 19:39 PM

ক্ৰিকেট বিশ্বক আশ্চৰ্যচকিত কৰি যোৱা ১৮ ডিচেম্বৰত হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ভাৰতীয় তাৰকা ৰবিচন্দ্ৰন অশ্বিনে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত গাব্বা টেষ্ট ড্ৰ’ ৰূপে সমাপ্ত হোৱাৰ পাছত অশ্বিনে হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে। কোনো আগতীয়া চৰ্চা তথা ইঙ্গিত অবিহনেই অশ্বিনে এইদৰে অৱসৰ ঘোষণা কৰাৰ পিছত স্বাভাৱিকতেই সকলো হচকিত হৈ পৰে। সমান্তৰালকৈ ভাৰতীয় ক্ৰিকেটৰ বহু সাফল্যৰ নায়ক অশ্বিনৰ অৱসৰত আৱেগিক হৈ পৰে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল।

এটা দশকতকৈয়ো অধিক সময় ধৰি ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অনেক সুখকৰ মুহূৰ্ত প্ৰদান কৰা অশ্বিনক সকলোৱে এই সফল কেৰিয়াৰৰ বাবে ধন্যবাদ জনায়। কেৱল সাধাৰণ ক্ৰিকেট অনুৰাগীসকলেই নহয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অশ্বিনৰ এই আকস্মিক ঘোষণাত স্তম্ভিত হৈ পৰে। এক বিশেষ পত্ৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে অশ্বিনক কেৰিয়াৰ সামৰণিৰ বাবে অভিনন্দন জনায় আৰু তেওঁৰ অৱদানৰ উচ্চ প্ৰশংসা কৰে।

অশ্বিনৰ সৈতে জড়িত কিছুমান বিশেষ মুহূৰ্তৰ কথাও পত্ৰখনত উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে অশ্বিনৰ বিখ্যাত কেৰম বলৰ প্ৰসঙ্গ উল্লেখ কৰিছে। নিজৰ এই বিশেষ বলিং ভেৰিয়েচনৰ সহায়ত অশ্বিনে বহু সময়ত ক্ৰিকেট বিশ্বৰ নামী-দামী বেটাৰকো বিমোৰত পেলাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে যেনেকৈ বেটছমেনে অশ্বিনৰ পৰা অফ ব্ৰেকৰ আশা কৰি থাকে যদিও তেওঁ কেৰম বলেৰে বিপাঙত পেলায়, তেনেদৰে অশ্বিনৰ অৱসৰো কেৰম বলৰ দৰেই আছিল।

অশ্বিনৰ এই সিদ্ধান্ত কোনেও আশা কৰা নাছিল আৰু সেয়ে এনে সিদ্ধান্তত সকলো স্তম্ভিত হৈ পৰিছিল বুলি তেওঁ কয়। ইয়াৰ উপৰিও ২০২২ চনৰ টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচখনো স্মৰণ কৰে মোদীয়ে। এই মেচখনত অশ্বিনে কৌশলেৰে এৰি দিয়া ৱাইড বলটোৰ প্ৰসঙ্গ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ দ্বাৰা অশ্বিনৰ বুদ্ধিমত্তা প্ৰকাশ পাইছে বুলি উল্লেখ কৰে। ইফালে অশ্বিনৰ দায়বদ্ধতাকো শলাগে মোদীয়ে।

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ সময়ত মাতৃৰ অসুস্থতাৰ বাবে অশ্বিনে হঠাতে মেচৰ মাজভাগত চেন্নাইলৈ উভতিবলগীয়া হৈছিল। অসুস্থ মাতৃৰ স্বাস্থ্যৰ বুজ লৈ পিচদিনাই পুনৰ উভতি আহি খেলপথাৰত নামিছিল খেলুৱৈগৰাকী। ইয়াৰ বাবে অশ্বিনৰ দায়বদ্ধতাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে ২০১১  চনৰ এদিনীয়া বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী ২০১৩ত অশ্বিনৰ অৱদানৰ বাবে প্ৰশংসা কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশেই অশ্বিনৰ ৯৯ নম্বৰৰ জাৰ্চি মিছ কৰিব বুলি পত্ৰত উল্লেখ কৰে।

Related Stories
অসমীয়া কেলেণ্ডাৰ মতে শাওণৰ সোমবাৰ কেতিয়া?
শিৱৰ প্ৰিয় ফুল কি জানেনে? অৰ্পন কৰক শাওণ মাহত, পাব সুফল...
মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!