গুৱাহাটীত উমা চেত্ৰীক বিপুল সম্বৰ্ধনা, ৫১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা অসম ক্ৰিকেট সন্থাৰ…

দেওবাৰে সম্বৰ্ধনা জনোৱা হয় উমা চেত্ৰীক। বিশ্বকাপৰ খিতাপ দখল কৰা মহিলা ক্ৰিকেট দলটোৰ অন্যতম সদস্যা আছিল উমা চেত্ৰী। ইয়াৰ লগতে তেওঁক ৫১ লাখ টকাৰ পুৰষ্কাৰ দিয়াৰ কথা ঘোষণা কৰে অসম ক্ৰিকেট সন্থাই।

গুৱাহাটীত উমা চেত্ৰীক বিপুল সম্বৰ্ধনা, ৫১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা অসম ক্ৰিকেট সন্থাৰ...

উমা চেত্ৰী

Published: 

09 Nov 2025 | 08:39 PM

অৱশেষত অসমত বিপুল সম্বৰ্ধনা জনোৱা হয় ICC মহিলা বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম খেলুৱৈ উমা চেত্ৰীক। দেওবাৰে বোকাখাতৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে অসম গৌৰৱ উমাক আদৰণি জনালে অসম ক্ৰিকেট সন্থা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাই। প্ৰথমে চাউথ পইণ্ট স্কুলৰ সন্মুখৰ পৰা উমাক লৈ সমদল কৰে ভাৰতীয় জনতা যুৱ মৰ্চাই। সাংসদ বিজুলী কলিতা মেধি, মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত উমা ছেত্ৰীক আদৰি অনা হয় বৰ্ষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামলৈ।

ষ্টেডিয়ামত উপস্থিত হোৱাৰ পাছতে উমাক সম্বৰ্ধনা জনাই অসম ক্ৰিকেট সন্থাই। উল্লেখ্য যে, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে উমা চেত্ৰীয়ে বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। সেয়ে উমাক  এই ক্ষেত্ৰত অভিনন্দন জনোৱাৰ লগতে ৫১ লাখ টকাৰ আৰ্থিক পুৰষ্কাৰ ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই।

আজি এই অনুষ্ঠানত BCCIৰ সচিব দেৱজিৎ শইকীয়া, ACAৰ সভাপতি তৰংগ গগৈ, বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে আন আন বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি দেৱজিৎ শইকীয়াই কয় যে, বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলটোক শীঘ্ৰে পুৰুষ ক্ৰিকেট দলৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সম্বৰ্ধনা জনোৱা হ’ব। এই সময়চোৱাত উমাক লৈ ৰাজনীতি কৰিব বিচৰাসকলৰ বিৰোধিতা কৰে শইকীয়াই।

ইয়াৰোপৰি উমাই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি বিশ্বকাপৰ অভিজ্ঞতাৰ বিষয়ে কয়। খেলৰ সময়ত অধিনায়ক হৰমনপ্ৰীত কৌৰ, স্মৃতি মন্ধানা আৰু মুখ্য প্ৰশিক্ষক অমল মজুমদাৰে উৎসাহিত কৰাৰ কথা দোহাৰে উমাই।  উল্লেখ্য যে, বিশ্বকাপ জয় কৰি উমা অসমত উপস্থিত হোৱাৰ পাছতে বহু বিতৰ্কৰ সৃষ্টি হৈছিল। উমাক সম্বৰ্ধনা জ্ঞাপন নকৰাৰ বিৰোধিতা কৰি একাংশই চৰকাৰৰ লগতে অসম ক্ৰিকেট সন্থাক সমালোচনা কৰিছিল। কিন্তু তাৰ পাছতে আজি উমা চেত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

 

অন্য খবৰ পঢ়কঃ ৰাফেলৰ গৰ্জন, তেজছৰ বেগ, সূৰ্যকিৰণৰ উৰণ…গুৱাহাটীত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...